স্পৰ্টছ ডেস্ক, 21 জানুৱাৰীঃ মঙলবাৰে ভাৰতৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে ভাৰতীয় শ্বুটাৰ অপূৰ্ভী চান্দেলাই ৷ মেয়টন কাপৰ 10 মিটাৰ এয়াৰ ৰাইফল শাখাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় ভাৰতীয় খেলুৱৈগৰাকীয়ে ৷ মেচখনত 251.4 পইণ্টেৰে শীৰ্ষস্থান লাভ কৰি সোণৰ পদক জিকিবলৈ সক্ষম হয় চান্দেলাই ৷

আনহাতে ভাৰতৰ হৈ এই শাখাতেই 229 পইণ্টেৰে ব্ৰঞ্জৰ পদক লাভ কৰে অঞ্জুম মৌডগিলে ৷ খেলুৱৈ দুগৰাকীৰ সাফল্যত ভাৰতীয় ক্ৰীড়া সংস্থাইও টুইটযোগে অভিনন্দন জ্ঞাপন কৰে ৷

ইফালে পুৰুষৰ 10 মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত দিব্যাংশ সিং পনৱাৰে সোণৰ পদক লাভ কৰাৰ বিপৰীতে দীপক কুমাৰে ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয় ৷