স্প’ৰ্টছ ডেস্ক, ৫ ছেপ্তেম্বৰ : টকিঅ' পেৰালিম্পিকত (Tokyo Paralympic) ভাৰতীয় খেলুৱৈৰ চমকপ্ৰদ প্ৰদৰ্শন অব্যাহত আছে । ভাৰতৰ পদকৰ তালিকাত আন এটা স্বৰ্ণ সংযোজন কৰিলে জয়পুৰৰ কৃষ্ণ নাগৰে (Krishna Nagar) । বেডমিণ্টন খেলুৱৈ কৃষ্ণ নাগৰে এক্স-এছএইচ-৬ শ্ৰেণীৰ এক ৰোমাঞ্চকৰ খেলত হংকঙৰ চু মান কেইক (Chu Man Kai) পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ।
কৃষ্ণ নগৰে বেডমিণ্টন এছএইচ৬ (SH6) শ্ৰেণীত ২১-১৭, ১৬-২১ আৰু ১৭-২১ পইণ্টত বিজয়ী হয় আৰু দেশৰ পদকৰ তালিকাত আন এটা সোণৰ পদক যোগ দিয়ে । কৃষ্ণ হৈছে ৰাজস্থানৰ দ্বিতীয় গৰাকী খেলুৱৈ, যিয়ে অলিম্পিকত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে । ইয়াৰ পূৰ্বে অৱনী লেখৰাই শ্বুটিঙত সোণৰ পদক অৰ্জন কৰিছে ।
লক্ষণীয়ভাৱে এইবাৰ পেৰালিম্পিকত সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিছে ভাৰতে । দেওবাৰৰ দিনটোলৈ সৰ্বমুঠ ১৯ টা পদক লাভ কৰিছে ভাৰতীয় খেলুৱৈয়ে । পেৰালিম্পিকত ভাৰতীয় খেলুৱৈৰ এনে চমকপ্ৰদ প্ৰদৰ্শনত আনন্দিত সমগ্ৰ ভাৰতবাসী ।
লগতে পঢ়ক : Tokyo Paralympic ত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়