স্পৰ্টছ ডেস্ক, 4 জানুৱাৰীঃ এই বৰ্ষৰ জুলাই-আগষ্টত জাপানৰ ৰাজধানী চহৰ টকিঅ’ত অনুষ্ঠিত হ’ব 29 সংখ্যক গ্ৰীষ্মকালীন অলিম্পিক খেল ৷ পোন প্ৰথমবাৰৰ বাবে অলিম্পিক খেলৰ প্ৰচলন হৈছিল 1896 চনত গ্ৰীচ দেশত ৷ অন্যহাতে পোন প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে 1920 চনত অলিম্পিক খেলত অংশ গ্ৰহণ কৰিছিল ভাৰতে ৷ যাৰ ফলত এইবাৰ ভাৰতে সম্পূৰ্ণ কৰিব অলিম্পিকৰ শতবৰ্ষ ৷
উল্লেখ্য যে, 1900 চনৰ পেৰিছ অলিম্পিকত নাৰ্মন পিচৰ্ডে ব্ৰিটিছ শাসন কালত ভাৰতৰ হৈ পুৰুষৰ 200 মিটাৰ দৌৰ আৰু 200 মিটাৰ হাৰ্ডলছ দৌৰত ৰূপৰ পদক জয় লাভ কৰিবলৈ সক্ষম হৈছিল ৷ অৱশ্যে অলিম্পিক ইতিহাসকাৰীয়ে এই পদকটোক ভাৰতৰ পদক হিচাপে গণ্য নকৰে যদিও 1894 চনত গঠিত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিয়ে এইটো পদক ভাৰতৰ হিচাপেই গণ্য কৰে ৷ 1900 ৰ পৰা 2016 লৈকে অলিম্পিকত ভাৰতে মুঠ 28 টা পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷ যদিহে পিচৰ্ডৰ পদকটো গণ্য কৰা নহয় তেন্তে এই সংখ্যা হ’ব 26 ৷ য’ত আছে 9 টা সোণ (হকীত 8টা, শ্বুটিঙত 1টা), 5 টা ৰূপ আৰু 12 টা ব্ৰঞ্জৰ পদক ৷
কোনখন খেলত কিমান পদকঃ
ভাৰতে অলিম্পিকত হকীত 11 টা, শ্বুটিঙত 4 টা, মল্লযুঁজত 5 টা, বেডমিণ্টন আৰু বক্সিঙত 2 টাকৈ আৰু টেনিছ আৰু ভাৰত্তোলনত 1 টাকৈ পদক লাভ কৰিছে ৷
কোন বৰ্ষত কিমান প্ৰতিযোগীয়ে অংশ লৈছিলঃ
1900 চনত পিচৰ্ডে ভাৰতক প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে 1920 চনত 6 গৰাকী খেলুৱৈয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল ৷ ইয়াৰ পাচত- 1924 চনত 15 জন, 1928 চনত 21 জন, 1932 চনত 30 জন, 1936 চনত 27 জন, 1948 চনত 79 জন, 1952 চনত 64, 1956 চনত 59 জন, 1960 চনত 45 জন, 1964 চনত 53 জন, 1968 চনত 25 জন, 1972 চনত 41 জন, 1976 চনত 20 জন, 1980 চনত 76 জন, 1984 চনত 48 জন, 1988 চনত 46 জন, 1992 চনত 53 জন, 1996 চনত 49 জন, 2000 চনত 65 জন, 2004 চনত 73 জন, 2008 চনত 56 জন, 2012 চনত 83 জন আৰু 2016 চনত 118 জন খেলুৱৈয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল ৷
প্ৰথম অলিম্পিকঃ
পেৰিছ অলিম্পিকৰ পাচত ছেন্ট লুইছ (1904), লণ্ডন (1908), ষ্টকহ’ম (1912) অলিম্পিকত অংশগ্ৰহণৰ পৰা বিৰত আছিল ভাৰত ৷ ইয়াৰ পাচতেই ছাৰ দ’ৰাবজী টাটা আৰু বোম্বাইৰ অধ্যক্ষ জৰ্জ লয়ডে ভাৰতক আইঅচি (IOC)ৰ সদস্যতা দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ তাৰ পাচতেই আনুষ্ঠানিকভাৱে প্ৰথমবাৰৰ বাবে 1920 ৰ (বেলজিয়াম) অলিম্পিকত ভাৰতীয় দলে অংশগ্ৰহণ কৰিছিল ৷ এই দলত আছিল পুৰ্মা বেনাৰ্জী (100,400 মিটাৰ), ফাদেপ্পা চাংগুল (10 হাজাৰ মিটাৰ মাৰাথান), সদাশিৱ দাতাৰা (মাৰাথান), কুমাৰ নাৱালা (মল্লযুঁজ), ৰণধীৰ সিংদেশে (মল্লযুঁজ) ৷
1928 চনৰ এমষ্টাৰডাম (Amsterdam) অলিম্পিকত ভাৰতে আনুষ্ঠানিকভাৱে প্ৰথমটো পদক লাভ কৰিবলৈ সক্ষম হৈছিল ৷ হকী দলটোৱে লাভ কৰিছিল স্বৰ্ণ পদক ৷ ইয়াৰ পাচতে ল’ছ এঞ্জেলেছ (1932), বৰ্লিন (1936), লণ্ডন (1948), হেলচিংকী (1952) আৰু মেলৱৰ্ণ (1956) অলিম্পিকত হকী দলটোৱে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ৷ ইপিনে 1952 চনৰ অলিম্পিকত কাছাবা দাদাছাহেব যাদৱে ব্যক্তিগতভাৱে ভাৰতৰ হৈ প্ৰথমটো পদক লাভ কৰিবলৈ সক্ষম হৈছিল ৷ মল্লযুঁজৰ 57 কিলোগ্ৰাম শাখাত ব্ৰঞ্জ পদক লাভ কৰিছিল কাছাবা দাদাছাহেব যাদৱে ৷
প্ৰথমটো স্বৰ্ণ পদকঃ
ভাৰতৰ হৈ প্ৰথমটো সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল শ্বুটাৰ অভিনৱ বিন্দ্ৰাই ৷ অলিম্পিকত ব্যক্তিগত সোণৰ পদক লাভ কৰা একমাত্ৰ খেলুৱৈ হৈছে বিন্দ্ৰা ৷
লণ্ডন অলিম্পিকঃ
লণ্ডন অলিম্পিক (2012) ত ভাৰতে সৰ্বাধিক পদক লাভ কৰিবলৈ সক্ষম হৈছিল ৷ য’ত ভাৰতে দুটা ৰূপৰ পদক (মল্লযুঁজত সুশীল কুমাৰ, শ্বুটিঙত বিজয় কুমাৰে), চাৰিটা ব্ৰঞ্জৰ পদক (বক্সিঙত মেৰী কমে, বেডমিণ্টনত ছায়না নেহৱালে, মল্লযুঁজত যোগেশ্বৰ দত্ত আৰু শ্বুটিঙত গগণ নাৰংগে) পদক লাভ কৰিছিল ৷ ইপিনে 2016 ৰিঅ’ অলিম্পিকত ভাৰতে এটা ৰূপ ( পি.ভি সিন্ধু), এটা ব্ৰঞ্জ (সাক্ষী মলিক) পদকে লাভ কৰিছিল ৷
উল্লেখ্য যে, ভাৰতৰ এই শতবৰ্ষ অলিম্পিক প্ৰতিযোগিতাত 100 ত কৈ অধিক প্ৰতিযোগী প্ৰেৰণ কৰাৰ প্ৰস্তুতি চলাইছে ভাৰতে ৷