স্পৰ্টছ ডেস্ক, 17 জুলাই : মঙলবাৰে ৰাষ্ট্ৰপতি ভৱনত টেনিছ তাৰকা ৰোহন বোপান্না আৰু মহিলা ক্ৰিকেটাৰ স্মৃতি মন্ধানাক অৰ্জুন বঁটা প্ৰদান কৰে ক্ৰীড়ামন্ত্ৰী কিৰেন ৰিজিজুয়ে ৷ উল্লেখ্য যে, আন্তৰাষ্ট্ৰীয় টুৰ্ণামেন্টত অংশগ্ৰহণ কৰাৰ বাবে বিদেশত থাকিব লগা হোৱা খেলুৱৈ দুগৰাকীয়ে যোৱা বছৰৰ ছেপ্তেম্বৰ মাহৰ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব পৰা নাছিল ৷

এছিয়ান গেমছ, 2018 ত পুৰুষৰ ডাবলছ শাখাত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হোৱাৰ বাবে বোপান্নাক অৰ্জুন সন্মানেৰে বিভূষিত কৰা হৈছিল ৷ অন্যহাতে, 2018 বৰ্ষৰ আইচিচি 'প্লেয়াৰ অৱ দা ইয়েৰ' সন্মান লাভ কৰা মন্ধানাই যোৱা বছৰত 12 খন এদিনীয়াত 669 ৰাণ সংগ্ৰহ কৰাৰ লগতে 25 খন টি - 20 মেচত 622 ৰাণ সংগ্ৰহ কৰিছিল ৷

এই বঁটা প্ৰদানৰ পাছতে দুয়োগৰাকী খেলুৱৈয়ে ক্ৰীড়া তথা দেশৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে প্ৰশংসা আগবঢ়াই ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুয়ে ৷