ETV Bharat / sports

খেল’ ইণ্ডিয়া মঞ্চৰ পৰা বহুকেইটা ঘোষণা ক্ৰীড়ামন্ত্ৰীৰ - নেশ্যনেল স্পৰ্টছ এক্সিলেঞ্চ একাডেমী

7 ৰ 11 মাৰ্চলৈ অনুষ্ঠিত হ’ব খেল’ ইণ্ডিয়াৰ প্ৰথম শীতকালীন গেমছ ৷ আজিৰ পৰা জম্মু-কাশ্মীৰৰ গুলমাৰ্গত অনুষ্ঠিত হৈছে খেল’ ইণ্ডিয়াৰ প্ৰথম শীতকালীন গেমছ প্ৰতিযোগিতা ৷ য’ত অংশগ্ৰহণ কৰিছে 900 গৰাকী প্ৰতিভাৱান খেলুৱৈয়ে ৷ উদ্বোধনী অনুষ্ঠানতেই ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৰ বহু কেইটা ঘোষণা ৷

খেল’ ইণ্ডিয়া মঞ্চৰ পৰা বহুকেইটা ঘোষণা ক্ৰীড়ামন্ত্ৰীৰ

author img

By

Published : Mar 7, 2020, 6:31 PM IST

স্পৰ্টছ ডেস্ক, 7 মাৰ্চ: জম্মু-কাশ্মীৰত আজিৰে পৰা আৰম্ভ হৈছে প্ৰথমখন খেল’ ইণ্ডিয়া শীতকালীন গেমছ ৷ এই প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৱে ৷ বহু যুৱ খেলুৱৈৰ উজ্বল ভৱিষ্যতৰ বাবে বহু কেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ৷

ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৰ টুইট
ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৰ টুইট

মন্ত্ৰীগৰাকীয়ে কয়, জম্মু-কাশ্মীৰৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ বাবে আজিৰ দিনটো হৈছে ঐতিহাসিক ৷ আজি যিসকল লোক গুলমাৰ্গত উপস্থিত আছে তেওঁলোক সৌভাগ্যৱান কাৰণ দেশৰ বিভিন্ন প্ৰান্তৰ শীতকালীন খেলৰ খেলুৱৈসকল একত্ৰিত হৈছে এই অঞ্চলত ৷

ইয়াৰ লগতে তেওঁ উল্লেখ কৰে গুলমাৰ্গত অনুষ্ঠিত কৰা হ’ব নেশ্যনেল স্পৰ্টছ এক্সিলেঞ্চ একাডেমী, ৱৰ্ল্ড ক্লাছ একাডেমী ৷ য’ত থাকিব খেলুৱৈসকলৰ থকা খোৱাৰ ব্যৱস্থা ৷ ইয়াৰ পৰাই আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰ তৈয়াৰ কৰা হ’ব ৷ এই একাডেমী খোলাৰ বাবে আৰ্থিক সহায় প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰে ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে ৷

জম্মু-কাশ্মীৰৰ খেলুৱৈৰ বাবে 5 লাখৰ সহায় আগবঢ়োৱা হ’ব একাডেমী খোলাৰ বাবে ৷ ইয়াৰ দ্বাৰা যুৱ খেলুৱৈসকলে খেলৰ বাবে এক উচিত মঞ্চ লাভ কৰিব বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷

খেল’ ইণ্ডিয়াৰ প্ৰথম শীতকালীন গেমছ

আনহাতে পাৰ্বত্য অঞ্চল সমূহক শীতকালীন গেমছৰ হাব অথবা কেন্দ্ৰস্থলী হিচাপে গঢ়াৰো লক্ষ্য লোৱা হৈছে বুলি উল্লেখ কৰি গোটেই হিমালয়ান ক্ষেত্ৰৰ অন্যান্য ৰাজ্য সমূহেও শীতকালীন গেমছৰ প্ৰস্তুতি তুংগত ৰাখিছে বুলি উল্লেখ কৰে ৷ যাতে ভাৰতৰ পৰা শীতকালীন অলিম্পিকৰ বাবে বহু খেলুৱৈ তৈয়াৰ কৰিব পৰা যায় ৷

লগতে চাওক- গুলমাৰ্গত আৰম্ভ প্ৰথমখন খেল’ ইণ্ডিয়া শীতকালিন গেমছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.