ETV Bharat / sports

Junior Asia Cup Final : চতুৰ্থবাৰলৈ জুনিয়ৰ এছিয়া হকী কাপৰ খিতাপ দখল ভাৰতৰ - কীত শ্ৰেষ্ঠত্বৰ প্ৰমাণ কৰিলে ভাৰতে

হকী খেলত এছিয়াৰ ভিতৰত শ্ৰেষ্ঠত্ব হ’ল ভাৰত ৷ ওমানৰ চালালাহত অনুষ্ঠিত পুৰুষৰ জুনিয়ৰ এছিয়া হকী কাপ 2023 ত পাকিস্তানক ধাৰাশায়ী কৰি জয়ী হ’ল ভাৰতৰ পুৰুষৰ জুনিয়ৰ হকী দলটো (Junior Asia Cup Final) ৷ চতুৰ্থবাৰলৈ চেম্পিয়ন হ’ল ভাৰতৰ পুৰুষৰ জুনিয়ৰ হকী দলটো ৷ অতি উত্তেজনাপূৰ্ণ ফাইনেল মেচখনত 2-1 গ’লত ভাৰতে চিৰবৈৰী পাকিস্তানক পৰাস্ত কৰে (India defends Asian crown with thrilling win) ৷

Junior Asia Cup Final
হকী খেলত এছিয়াৰ ভিতৰত শ্ৰেষ্ঠত্ব হ’ল ভাৰত
author img

By

Published : Jun 2, 2023, 1:46 PM IST

স্পৰ্টছ ডেস্ক, 2 জুন: পুনৰ ইতিহাস ৰচনা কৰি গৌৰৱ কঢ়িয়াই আনিলে ভাৰতৰ পুৰুষৰ জুনিয়ৰ হকী দলে ৷ ভাৰত-পাকিস্তান মানে যেন এখন হাই ভল্টেজ বিষয় ৷ লাগিলে সীমান্ততে হওঁক বা খেল পথাৰতে হওঁক ৷ ভাৰত-পাকিস্তানৰ খেল মানে কোনো কাৰনত প্ৰতিপক্ষৰ হাতত পৰাস্ত হ’ব নিবিচাৰে দুয়ো দলে ৷ কিন্তু খেলত জয় বা পৰাজয় নিশ্চিত ৷ হকী মানে যেন ভাৰতৰ বাবে এটা আৱেগ ৷ পুনৰ হকীত শ্ৰেষ্ঠত্বৰ প্ৰমাণ কৰিলে ভাৰতে (Junior Asia Hockey Cup 2023) ৷

হকীত এছিয়াৰ ভিতৰত শ্ৰেষ্ঠত্ব হ’ল ভাৰত ৷ ওমানৰ চালালাহত অনুষ্ঠিত পুৰুষৰ জুনিয়ৰ এছিয়া হকী কাপ 2023 ত পাকিস্তানক ধাৰাশায়ী কৰি ভাৰতৰ পুৰুষৰ জুনিয়ৰ হকী দলে চতুৰ্থবাৰলৈ চেম্পিয়ন হ’ল ৷ অতি উত্তেজনাপূৰ্ণ ফাইনেল মেচখনত 2-1 গ’লত ভাৰতে চিৰবৈৰী পাকিস্তানক পৰাস্ত কৰি 7 বছৰৰ পাচত পুনৰ চেম্পিয়ন হ’ল (India defends Asian crown with thrilling win)৷

হাই ভল্টেজ মেচখনত প্ৰথমে ভাৰতৰ হৈ অংগদ বীৰ সিঙে প্ৰথমটো গ’ল কৰে (13) ৷ ইফালে ভাৰতৰ গ’ল ৰক্ষক শশীকুমাৰ মোহিত হন্নেহালীয়ে বিপক্ষৰ কেইবাটাও গ’ল বিফল কৰি একপ্ৰকাৰে মেচখন ভাৰতৰ হাতৰ মুঠিলে আনিবলৈ সক্ষম হয় ৷ ভাৰতৰ ডিফেণ্ডাৰক বিমোৰত পেলাই পাকিস্তানৰ ফৱাৰ্ডে গ’ল নিক্ষেপ কৰিছিল যদিও গ’লৰক্ষক শশীকুমাৰ মোহিত হন্নেহালীয়ে দুৰ্ভেদ্য প্ৰাচীৰ হৈ থিয় দিছিল ৷

পৰৱৰ্তী সময়ত আৰায়জিৎ সিং সুন্দালে ভাৰতৰ হৈ দ্বিতীয়টো গ’ল কৰি নিশ্চিত কৰে জয় ৷ অৱশ্যে পাকিস্তানে নিৰ্ধাৰিত সময়ত মাত্ৰ 1 টা গ’ল কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পূৰ্বে 2004, 2005 আৰু 2008 চনত জুনিয়ৰ এছিয়া কাপৰ খিতাপ দখল কৰিছিল ভাৰতে ৷ ভাৰতে পুনৰ চতুৰ্থবাৰলৈ পুৰুষৰ জুনিয়ৰ এছিয়া হকী কাপ জয়ৰ পাচত উল্লাসিত হৈ পৰিছে সমগ্ৰ ভাৰতবাসী ৷

পুৰুষৰ জুনিয়ৰ হকী টীমৰ এই জয়ৰ পাচতে ক্ৰীড়াপ্ৰেমীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে শুভেচ্চা জনাইছে খেলুৱৈসকলক ৷ ইফালে পাকিস্তানে 1988, 1992, 1996 চনত খিতাপ অৰ্জন কৰিছিল এছিয়া কাপৰ ৷ ভাৰতীয় জুনিয়ৰ হকী দলৰ প্ৰতিজন খেলুৱৈলৈ 2 লাখ টকা আৰু খেলুৱৈৰ সহায়কাৰীলৈ 1 লাখ টকাকৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰে ভাৰতীয় হকী বৰ্ডে ৷

ভাৰতীয় হকী বৰ্ডৰ সভাপতি পদ্মশ্ৰী দিলীপ টীৰ্কীয়ে কয়, ‘‘ভাৰতীয় জুনিয়ৰ হকী দলৰ এই প্ৰদৰ্শনত উৎফুল্লিত’’ ৷ ইতিমধ্য মালেছিয়াৰ কোৱালালামপুৰত অনুষ্ঠিত হ’বলগীয়া জুনিয়ৰ হকী বিশ্বকাপ 2023 লৈ যোগ্যতা লাভ কৰিছে ৷ চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’ব এই বিশ্বকাপ ৷

লগতে পঢ়ক : Sarvajat Sarvkhap Panchayat in Kurukshetra : মল্লযোদ্ধাৰ প্ৰতিবাদৰ বিষয়ত এইবাৰ কুৰুক্ষেত্ৰত বহিছে পঞ্চায়ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.