ETV Bharat / sports

টকিঅ'ত সাংবাদিকৰ বাবে ক'ভিড-১৯ বিষয়ক কঠোৰ নিষেধাজ্ঞা জাৰি

author img

By

Published : Jul 19, 2021, 1:40 PM IST

অলিম্পকৰ বাবে টকিঅ' লৈ যোৱা সাংবাদিকে ১৪ দিনৰ বাবে কঠোৰভাৱে ক'ভিড-১৯ নিষেধাজ্ঞা মানি চলিব লাগিব । খেলুৱৈ থকা হোটেল, খেল অনুষ্ঠিত হোৱা স্থানত সাংবাদিকৰ প্ৰৱেশৰ ক্ষেত্ৰত আৰোপ কৰা হৈছে কেতবোৰ নিয়ম । তেওঁলোকে দৈনিক পৰীক্ষা কৰাব লাগিব আৰু তেওঁলোকৰ ফোনৰ লোকেশ্যন শ্বেয়াৰ কৰাতো বাধ্যতামূলক কৰা হৈছে ।

Journalists arriving in Tokyo face tight restrictions
টকিঅ'ত সাংবাদিকৰ বাবে ক'ভিড বিষয়ক কঠোৰ নিষেধাজ্ঞা জাৰি

স্পৰ্টছ ডেস্ক, ১৯ জুলাই: ক'ভিড-১৯ৰ সংক্ৰমণে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ মাজতে ২৩ জুলাইৰ পৰা জাপানৰ টকিঅ'ত অলিম্পিক (Tokyo Olympic) অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে আয়োজক সমিতি । কিন্তু মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে আয়োজকে কেইবাটাও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হৈছে । খেলুৱৈসকলৰ নিৰ্দেশনা জাৰি কৰাৰ পাছত এইবাৰ সাংবাদিকসকলৰ বাবেও কেতবোৰ নিৰ্দেশনা জাৰি কৰা হৈছে । অলিম্পকৰ বাবে টকিঅ' লৈ যোৱা সাংবাদিকে ১৪ দিনৰ বাবে কঠোৰভাৱে ক'ভিড-১৯ নিষেধাজ্ঞা মানি চলিব লাগিব ।

বহু প্ৰতীক্ষিত অলিম্পিক গেমছৰ বাবে শতাধিক সাংবাদিক টকিঅ'ত উপস্থিত হৈছে । কিন্তু তেওঁলোকে পূৰ্বৰ দৰে খেলুৱৈৰ সৈতে মত-বিনিময় কৰিব নোৱাৰিব অথবা খেল অনুষ্ঠিত হোৱা স্থানত থাকিব নোৱাৰিব । টকিঅ'ত উপস্থিত হোৱাৰ পাছত সাংবাদিকসকলে ১৪ দিনৰ বাবে কঠোৰভাৱে ক'ভিড-১৯ নিষেধাজ্ঞা মানি চলিব লাগিব । খেলুৱৈ থকা হোটেল, খেল অনুষ্ঠিত হোৱা স্থানত সাংবাদিকৰ প্ৰৱেশৰ ক্ষেত্ৰত আৰোপ কৰা হৈছে কেতবোৰ নিয়ম ।

তেওঁলোকে দৈনিক পৰীক্ষা কৰাব লাগিব আৰু লগতে তেওঁলোকৰ ফোনৰ লোকেশ্যন শ্বেয়াৰ কৰাতো বাধ্যতামূলক কৰা হৈছে । লগতে আন বহুতো নিৰ্দেশনা জাৰি কৰা হৈছে । আনহাতে, অলিম্পিকত দৰ্শকৰ উপস্থিতি নিষিদ্ধ কৰাৰ পৰিপ্ৰেক্ষিতত খেলৰ উন্মাদনা যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে ।

এবছৰ পিছত অনুষ্ঠিত কৰা অলিম্পিক যাতে ক'ভিড-১৯ৰ ছুপাৰ স্প্ৰেডাৰলৈ পৰিণত নহয়, তাৰ বাবে আয়োজক সমিতি অধিক সাৱধান হোৱা পৰিলক্ষিত হৈছে । জাপানৰ লোকসকলৰ সুৰক্ষাৰ দিশৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে । শেহতীয়াকৈ টকিঅ'ৰ এথলীট ভিলেজত থকা এগৰাকী মাৰ্কিন এথলীটৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছিল । ইয়াৰ পাছতে পূৰ্বতকৈ অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আয়োজক সমিতিয়ে ।

দেওবাৰে টকিঅ'ত নতুনকৈ ১০০৮ জন লোক মহামাৰীৰ কবলত পৰে । বিগত ৭ দিন ধৰি চহৰখনত ধাৰাবাহিকভাৱে আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে । জাপানৰ অলিম্পিক সংবাদদাতা ন'জ'মি কুনিটেকে কয় যে, ৰিঅ' (২০১৬ অলিম্পিক গেমছ)অলিম্পিকৰ তুলনাত টকিঅ' অলিম্পিকৰ পৰিস্থিতি অতি শান্ত । কিন্তু জাপানত কুনিটেকৰ কেইবাগৰাকীও বিদেশী সহকৰ্মীক কোৱাৰেণ্টাইনৰ সময় শেষ নোহোৱা পৰ্যন্ত চহৰখনত ভ্ৰমণ কৰাত বাধা আৰোপ কৰা হৈছে । এই সন্দৰ্ভত অষ্ট্ৰেলিয়ান সাংবাদিক ডেনিয়েল চাটনে কয় যে, এয়া তেওঁ এতিয়ালৈকে দেখা আটাইতকৈ বেছি বাধা আৰোপ কৰা অলিম্পিক গেমছ ।

লগতে পঢ়ক:কোৱাৰেণ্টাইন অবিহনে টকিঅ'ত অনুশীলন আৰম্ভ কৰিব ভাৰতীয় শ্বুটাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.