স্পৰ্টছ ডেক্স,23 মাৰ্চঃ 2020 বৰ্ষৰ টকিঅ’ অলিম্পিক স্থগিত ৰখাৰ বাবে আলোচনা চলাইছে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে আৰু এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ বাবে আয়োজকক 4 সপ্তাহৰ সময়সীমা বান্ধি দিছে ৷ কৰ’ণা ভাইৰাছ আতংকৰ বাবে অলিম্পিকত বিলম্ব হোৱাৰ বাবে ক্ৰীড়াবিদ তথা ৰাষ্ট্ৰীয় অলিম্পিক কমিটিসমূহৰ চাপৰ মাজতো আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে দেওবাৰে এক কাৰ্যনিৰ্বাহী বৈঠকত মিলিত হয় ৷
আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ সভাপতি থমাছ বেকে বিশ্ব ক্ৰীড়াবিদ সম্প্ৰদায়ৰ এখন চিঠিত কয় যে,"সকলো অংশীদাৰসকলৰ সৈতে একত্ৰিত হৈ আমি বিশ্বব্যাপী স্বাস্থ্য পৰিস্থিতিৰ দ্ৰুত বিকাশ তথা অলিম্পিক ক্ৰীড়াত ইয়াৰ প্ৰভাৱৰ ওপৰত লক্ষ্য কৰি ক্ৰীড়া স্থগিত কৰাৰ সিদ্ধান্ত সন্দৰ্ভত আজি বিশদভাৱে আলোচনা কৰা হয় ৷" আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ সভাপতি গৰাকীৰ মতে জাপানত COVID-19ৰ শেহতীয়া পৰিস্থিতিলৈ লক্ষ্য কৰিলে টকিঅ’ অলিম্পিক সময়ত অনুষ্ঠিত কৰাৰ সম্ভাৱনা পৰিলক্ষিত হয় ৷
থমাছ বেকে লগতে কয় যে,জাপানত এইপৰ্যন্ত উল্লেখনীয় উন্নতি দেখিবলৈ পোৱা গৈছে ৷ সাধাৰণ জনতাই আন্তৰিকতাৰে অলিম্পিকৰ শিখাক আদৰণি জনাইছে ৷ ই জাপানৰ আয়োজকৰ মাজত কিছু পৰিমাণে সাহস জাগ্ৰত কৰিছে যে,পৰ্যাপ্ত সাৱধানতা অৱলম্বন কৰি আমি অলিম্পিক অনুষ্ঠিত কৰিবলৈ সক্ষম হ’ম ৷ অলিম্পিক বাতিল কৰা কমিটিৰ কাৰ্যসূচীৰ অন্তৰ্ভুক্ত নাছিল, সেয়েহে COVID 19ৰ শেহতীয়া পৰিস্থিতি বিবেচনা কৰি নতুন তাৰিখ এইপৰ্যন্ত নিৰ্ধাৰণ কৰা হোৱা নাই ৷
উল্লেখ্য যে, চলিত বৰ্ষৰ 28 জুলাইৰ পৰা 9 আগষ্টলৈ অনুষ্ঠিত হ’ব টকিঅ’ অলিম্পিক-2020 ৷ ইয়াৰ বিপৰীতে বিশ্ব মহামাৰীৰ এই সময়ছোৱাত ক্ৰীড়া অনুষ্ঠিত কৰাক লৈ নিজৰ উদ্বিগ্নতা ব্যক্ত কৰিছে ৷
লগতে পঢ়ক-আগৰতলা আখাউৰা অনুপ্ৰৱেশ চেকপোষ্ট বন্ধ কৰাৰ সিদ্ধান্ত ত্ৰিপুৰা চৰকাৰৰ