তেজপুৰ, 16 জুলাই : দুবাৰকৈ এভাৰেষ্ট শৃংগ জয়ী বিশ্বৰ প্ৰথম মহিলাৰ খিতাপ দখল কৰা অনচু জেমছেনপাৰ সৈতে ইটিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰ ৷ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ সৈতে বাৰ্তালাপত জেমছেনপাই কয় যে, পৰ্বত আৰোহণৰ বাবে এখন বিশেষ আঁচনি প্ৰস্তুত কৰাৰ বাবে অতিকৈ প্ৰয়োজন নহ'লে নতুন প্ৰজন্মৰ বাবে অসুবিধাৰ সন্মুখীন হ'ব লগা হয় । বৰ্তমান অৰুণাচল প্ৰদেশৰ ডিৰাঙত এই পৰ্বত আৰোহণৰ বিশেষ প্ৰশিক্ষণ লোৱাৰ এখন চৰকাৰী মহাবিদ্যালয় আছে আৰু উত্তৰ-পূৰ্বাঞ্চল তথা ভাৰতৰ বিভিন্ন ৰাজ্যৰ শিকাৰুক যথেষ্ট অনুপ্ৰাণিত কৰিছে ।
উল্লেখ্য যে, বিশ্ব অভিলেখ গঢ়া এইগৰাকী অনচু জেমছেনপা হৈছে অৰুণাচল প্ৰদেশৰ বমদিলাৰ বাসিন্দা ৷ সাক্ষাৎকাৰত প্ৰথম মাউন্ট এভাৰেষ্টৰ শিখৰ জয় কৰি ভাৰত তথা উত্তৰ-পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা জেমছেনপাই এই লক ডাউনৰ সময়ত বিভিন্ন গীত আৰু সংগীতৰ মাজেদি পাৰ কৰিছে সময় ।
![ইটিভি ভাৰতৰ সৈতে সাক্ষাৎকাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-16july-803-photogallery-anshujemsenpa-pranabkumardas-7203907_16072020183954_1607f_1594904994_973.jpg)
এভাৰেষ্টৰ শিখৰত আৰোহণ কৰিবলৈ কেনে ধৰণৰ বাধাৰ প্ৰাচীৰ অতিক্ৰম কৰিছিল সেই সম্পৰ্কতো জানিবলৈ দিয়ে পৰ্বতাৰোহী গৰাকীয়ে ৷ দুগৰাকী সন্তানৰ মাতৃ হৈও হিমালয়ৰ শিখৰত ভাৰতৰ বিজয় পতাকা উত্তোলন কৰিবলৈ থমকি ৰোৱা নাছিল জেমছেনপাই ৷
অকল পৰ্বত আৰোহণ কৰাই নহয় দুখন চুটি ছবিতো অভিনয় কৰিছে জেমছেনপাই ৷ Crossing Bridge ত অভিনয় কৰি ৰাষ্ট্ৰীয় ফিল্ম এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিল জেমছেনপাই । ইয়াৰ পিছত Anshu : Everest Calling ত অভিনয় কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল পৰ্বতাৰোহী গৰাকীয়ে ৷
![পৰ্বতাৰোহী অনচু জেমছেনপা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-16july-802-anshujemsenpa-pix-pranabkumardas-7203907_16072020171148_1607f_1594899708_455.jpg)
লগতে পঢ়ক : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি বনৰজা