স্পৰ্টছ ডেস্ক, 29 ছেপ্টেম্বৰ : মহম্মদ আনছ, বিছমায়া, কৃষ্ণা মেথিউ আৰু নোৱাহ নিৰ্মলৰ দ্বাৰা গঠিত ভাৰতীয় মিক্সড ৰিলে দলে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপছৰ 4X400 মিটাৰ ৰিলে দৌৰৰ ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে দলটোৱে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় ৷ ছেমি ফাইনেলত ভাৰতীয় দলে 3.16.14 মিনিটেৰে পোলেণ্ড আৰু ব্ৰাজিলৰ পাছতে তৃতীয় স্থান দখল কৰে ৷ ইয়াৰ জৰিয়তে ট'কিঅ' অলিম্পিক, 2020 লৈ যোগ্যতা অৰ্জন কৰিছে ভাৰতীয় দলটোৱে ৷
![ডুতি চান্দ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4589281_1.jpg)
ভাৰতীয় দলৰ এই সাফল্যৰ পাছতে ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুয়ে টুইটাৰৰ জৰিয়তে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷
উল্লেখ্য যে, ভাৰতীয় স্প্ৰীন্টাৰ ডুতি চান্দ আৰু এম. জাবিৰে নিজ নিজ ইভেন্টত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম নহ'ল ৷ ডুতি চান্দে 100 মিটাৰ ৰেচৰ প্ৰথম ৰাউণ্ডৰ পৰাই বাহিৰ হোৱাৰ বিপৰীতে 400 মিটাৰ হাৰ্ডলছত এম. জাবিৰে ছেমি ফাইনেলৰ পৰা বাহিৰ হয় ৷ 37 সংখ্যক স্থান দখল কৰা বাবে ট'কিঅ' অলিম্পিকৰ পৰা বাহিৰ হয় ডুতি চান্দ ৷