ETV Bharat / sports

Asian Games 2023 : আৰ্চাৰীৰ দলীয় শাখাত ভাৰতৰ স্বৰ্ণ লাভ - Ojas Deotale

আৰ্চাৰী ইভেণ্টত ভাৰতীয় খেলুৱৈৰ দপদপনি অব্যাহত । বুধবাৰে দ্বৈত ইভেণ্টত সোণৰ পদক অৰ্জনৰ পাছত দলীয় শাখাত ফাইনেলত পুনৰ স্বৰ্ণ লাভ ভাৰতৰ । তৃতীয়টো স্বৰ্ণ জয়ৰ সপোন দেখিছে জ্যোতি সুৰেখা ভেন্নামে ।

Asian Games 2023
আৰ্চাৰীৰ দলীয় শাখাত ভাৰতৰ স্বৰ্ণ লাভ
author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 10:37 AM IST

স্পৰ্টছ ডেস্ক,৫ অক্টোবৰ : এছিয়ান গেমছৰ আৰ্চাৰী ইভেণ্টত উন্নত প্ৰদৰ্শন ভাৰতৰ । বৃহস্পতিবাৰে মহিলা দলৰ দলীয় আৰ্চাৰী ইভেণ্টত চীনা টাইপেইক পৰাস্ত কৰি ভাৰতীয় আৰ্চাৰী খেলুৱৈ জ্যোতি সুৰেখা ভেন্নাম, অদিতি স্বামী আৰু পৰনীত কৌৰৰ সোণৰ পদক লাভ । ফাইনেলত চীনা টাইপেইক এক পইণ্টত পৰাস্ত কৰি সোণৰ পদক লাভ কৰে ভাৰতীয় দলটোৱে । ইয়াৰ পূৰ্বে তিনিওগৰাকী খেলুৱৈয়ে ইণ্ডোনেছিয়াক ২৩৩-২১৯ পইণ্টত অতিক্ৰম কৰি ফাইনেলত স্থান লাভ কৰিছিল ।

জ্যোতি, অদিতি আৰু পৰনীতে একেলগে ২৩০ পইণ্ট সংগ্ৰহ কৰে আৰু তেওঁলোকৰ প্ৰতিদ্বন্দী চীনা টাইপেই ২২৯ পইণ্ট সংগ্ৰহ কৰিবলৈ সক্ষম হয় । জ্যোতি সুৰেখা ভেন্নাম, অদিতি স্বামী আৰু পৰনীত কৌৰৰ শীৰ্ষ স্থানপ্ৰাপ্ত বিশ্ব চেম্পিয়ন ত্ৰিমূৰ্তিয়ে শেষৰ তিনিডাল কাড়ত এক নিখুঁত অন্তিম প্ৰান্তত ৬০ ৰ ভিতৰত ৬০ শ্বট কৰে আৰু আৰ্চাৰী ইভেণ্টত পঞ্চম পদক নিশ্চিত কৰে ।

ইয়াৰ পূৰ্বে ফাইনেলত প্ৰৱেশ কৰিবলৈ জ্যোতি সুৰেখা ভেন্নাম, অদিতি স্বামী আৰু পৰনীত কৌৰে প্ৰথম ৰাউণ্ডত ৩০ পইণ্টৰ সৈতে এটা সুন্দৰ আৰম্ভণি কৰিছিল আনহাতে ইণ্ডোনেছিয়াৰ দলটোৱে মাত্ৰ ২৭ পইণ্টতে সন্তুষ্ট থাকিবলগীয়া হয় । ভাৰতীয় খেলুৱৈসকলে ৯ পইণ্টৰ দুৰ্দান্ত অগ্ৰগতি লাভ কৰি ৬০-৫১ পইণ্টৰ সৈতে প্ৰথম ৰাউণ্ড সামৰে ।

ভাৰতে খেলখনৰ দ্বিতীয় ৰাউণ্ডতো অগ্ৰগতি লাভ কৰে । প্ৰথমাৰ্ধত ২৯ পইণ্ট সংগ্ৰহ কৰে আৰু একে পইণ্ট সংগ্ৰহ কৰে ইণ্ডোনেছিয়াৰ যুটিটোৱে । দ্বিতীয় ৰাউণ্ড ১১৮-১০৮ ৰ সৈতে সমাপ্ত হয় । ১৭ বছৰীয়া অদিতিয়ে তেওঁৰ অন্তিম শ্বটটোত ১০ পইণ্টেৰে সমাপ্ত কৰে । জ্যোতিয়ে ৯ পইণ্ট লাভ কৰে ।

ইফালে বুধবাৰেও জ্যোতি সুৰেখা ভেন্নামে তেওঁৰ সতীৰ্থ ওজাছ দেওতালেৰ সৈতে মিশ্ৰিত যুটিত স্বৰ্ণ জয় কৰে । এতিয়া খেলুৱৈগৰাকীয়ে হাংঝৌত সোণৰ হেট্ৰিক কৰাৰ সপোন দেখিছে । সোণৰ পদক জয়ৰ পাছতে জ্যোতিয়ে কয় যে এয়া এছিয়ান গেমছত তেওঁৰ প্ৰথম সোণৰ পদক গতিকে তেওঁ যথেষ্ট সুখী । বৃহস্পতিবাৰে তেওঁ দলীয় ফাইনেল খেলিব । লগতে তেওঁ ব্যক্তিগত ফাইনেলো খেলিব । সেয়ে তেওঁ আৰু দুটা সোণৰ আশাত আছে বুলিও উল্লেখ কৰে । ইতিমধ্যে তেওঁ দলীয় শাখাত সোণৰ পদক লাভ কৰিলে । এতিয়া হেট্ৰিকৰ বাবে মাত্ৰ এটা সোণৰ পদক লাগে জ্যোতিক ।

লগতে পঢ়ক :Asian Games 2023: নীৰজ চোপ্ৰাৰ স্বৰ্ণ জয়; ভাৰতৰ নামত ১৮ টা সোণৰ পদক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.