স্প’ৰ্টছ ডেস্ক, 16 মাৰ্চ : অল ইণ্ডিয়া চেছ ফেডাৰেশ্যনে (All India Chess Federation) ঘোষণা কৰিছে যে, ভাৰতে চেন্নাইত ৪৪ তম বিশ্ব দবা অলিম্পিয়াড ২০২২ ৰ আয়োজন কৰিব ৷ FAIC ৰ কাৰ্যালয়ৰ টুইটাৰযোগে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হৈছে এই কথা ৷ ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই অব্যাহত ৰখা যুদ্ধৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ফেডাৰেশ্যনে ৷ অৰ্থাৎ দেশৰ ক্ৰীড়াজগততো পৰিছে ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ প্ৰভাৱ ৷
উল্লেখ্য যে, এই বছৰত ৰাছিয়াত অনুষ্ঠিত হ’বলগীয়া সকলো প্ৰকাৰৰ ক্ৰীড়া প্ৰতিযোগিতাৰ পূৰ্বে নিৰ্ধাৰিত কাৰ্যসূচী বাতিল কৰিছে ফেডাৰেশ্যনে ৷ ফেডাৰেশ্যনৰ এনে কঠোৰ সিদ্ধান্তৰ পিছতে ভাৰতে এই মেগা ইভেণ্টটো নিজৰ দেশত অনুষ্ঠিত কৰাত আগ্ৰহ প্ৰকাশ কৰে(Chess Olympiad moves from Russia to Chennai) ৷ এই বছৰৰ বিশ্ব দবা অলিম্পিয়াডৰ খেলসমূহ ২৬ জুলাইৰ পৰা ৮ আগষ্টলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল ৷ ইয়াৰ লগতে বিশেষভাৱে সক্ষম লোকসকলৰ বাবে প্ৰথম দবা অলিম্পিয়াড আৰু ৯৩ তম FIDE Congress শীৰ্ষক ইভেণ্টো প্ৰথমে ৰাছিয়াত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও পৰৱৰ্তী সময়ত সেয়া প্ৰত্যাহাৰ কৰা হৈছে ৷
ইফালে, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে এই খবৰ লাভ কৰি আনন্দিত হৈ ইয়াক গৌৰৱৰ মূহুৰ্ত বুলি অভিহিত কৰে ৷ "এয়া সুখৰ বিষয় যে, দেশৰ দবা খেলৰ ৰাজধানী হিচাপে পৰিচিত চেন্নাইয়ে এইবেলি ৪৪ তম বিশ্ব দবা অলিম্পিয়াডৰ দৰে প্ৰতিযোগিতা আয়োজন কৰিবলৈ সাজু হৈছে ৷ তামিলনাডুৰ বাবে এয়া গৌৰৱৰ মূহুৰ্ত ! চেন্নাইয়ে সমগ্ৰ বিশ্ব দবাৰ সকলো ৰজা-ৰাণীক উষ্ম আদৰণি জনাইছে" বুলি মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে টুইট কৰিছে ৷
-
Delighted that the Chess Capital of India is set to host the 44th Chess Olympiad! A proud moment for Tamil Nadu! Chennai warmly welcomes all the Kings and Queens from around the world!#ChessOlympiad2022
— M.K.Stalin (@mkstalin) March 15, 2022 " class="align-text-top noRightClick twitterSection" data="
">Delighted that the Chess Capital of India is set to host the 44th Chess Olympiad! A proud moment for Tamil Nadu! Chennai warmly welcomes all the Kings and Queens from around the world!#ChessOlympiad2022
— M.K.Stalin (@mkstalin) March 15, 2022Delighted that the Chess Capital of India is set to host the 44th Chess Olympiad! A proud moment for Tamil Nadu! Chennai warmly welcomes all the Kings and Queens from around the world!#ChessOlympiad2022
— M.K.Stalin (@mkstalin) March 15, 2022
২০১৩ চনত চেন্নাইত বিশ্বনাথন আনন্দ আৰু মেগনাস কাৰ্লচেনৰ মাজত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপৰ খেলৰ পিছত ৪৪ তম দবা অলিম্পিয়াড ২০২২ হ'ব দেশত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয়খন মুখ্য আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা ৷
লগতে পঢ়ক : 8 টাকৈ সমবায় বেংকক ৰিজাৰ্ভ বেংকে বিহিলে 12.75 লাখৰ জৰিমনা