ETV Bharat / sports

SAFF মহিলা চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত পৰাস্ত ভাৰত - India lose SAFF Womens Championship semifinal

SAFF মহিলা চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত ঘৰুৱা দল নেপালৰ হাতত পৰাস্ত ভাৰত (India lose SAFF Womens Championship semifinal)। ইয়াল লগতে প্ৰতিযোগিতাৰ পৰা বাহিৰ ভাৰতীয় দলটো । নেপালৰ হৈ একমাত্ৰ গ'লটো দিয়ে ৰশ্মি কুমাৰী ঘিছিয়ে ।

SAFF
SAFF মহিলা চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত পৰাস্ত ভাৰত
author img

By

Published : Sep 17, 2022, 1:00 PM IST

স্পৰ্টছ ডেস্ক,১৭ ছেপ্টেম্বৰ : দক্ষিণ এছিয়া ফুটবল ফেডাৰেশ্যন মহিলা কাপত (SAAF Women Championship 2022) ভাৰতৰ আশানুৰূপ প্ৰদৰ্শন । শুকুৰবাৰে মহিলা দলটোৱে ছেমিফাইনেলত নেপালৰ হাতত পৰাস্ত হয় (India lose SAFF Womens Championship semifinal)। লগে লগে এছএএফএফ মহিলা চেম্পিয়নশ্বিপ ২০২২ ৰ পৰা বাহিৰ হয় ভাৰতীয় দলটো । কাঠমাণ্ডুৰ দশৰথ ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত নেপালৰ হৈ একমাত্ৰ গ'লটো দিয়ে ৰশ্মি কুমাৰী ঘিছিয়ে (India vs Nepal SAFF Womens Championship semifinal)।

খেলৰ আৰম্ভণিৰ পৰাই নেপালৰ মহিলা ফুটবল দলটোৱে ভাৰতৰ ওপৰত চাপ দিয়া দেখা গৈছিল । বহুবাৰ গ'ল কৰিবলৈ নেপালৰ খেলুৱৈসকল আগবাঢ়ি আহিছিল যদিও ভাৰতীয় ডিফেণ্ডাৰ চুইটি দেৱী আৰু মণিষা পান্নাই বিপদৰ প্ৰতি সতৰ্ক হৈ আছিল আৰু নেপালৰ আক্ৰমণবোৰ বিফল কৰিছিল । ১২ মিনিটত ভাৰতীয় খেলুৱৈ ৰেণুৱে গ'ল কৰাৰ এক সুযোগ পাইছিল কিন্তু বিপক্ষৰ অধিনায়ক আৰু গ'ল ৰক্ষক অঞ্জিলা চুব্বাৰ উন্নত প্ৰদৰ্শনে ৰেণুক বাধা দিছিল ।

প্ৰথমাৰ্ধত ভাৰতে আক্ৰমণাত্মক চৰিত্ৰ লৈছিল যদিও দ্বিতীয়াৰ্ধত নেপালে যথেষ্ট উৎসাহেৰে খেল আৰম্ভ কৰিছিল । অনিতা বাছনেট আৰু ৰশ্মি ঘিছিঙে ঘৰুৱা দলটোৰ হৈ আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছিল ।

দ্বিতীয়াৰ্ধৰ তিনি মিনিট বাকী থকা সময়ত সৌম্যাই ভাৰতৰ বাবে শেষৰটো সুযোগ পাইছিল । কিন্তু সৌম্যাই সেই সুযোগ লোৱাৰ পূৰ্বেই বলটো নেপালৰ ডিফেণ্ডাৰে তাইৰ ভৰিৰ পৰা কাঢ়ি লৈ গৈছে । ইফালে ৰোমাঞ্চকৰ খেলখনত অন্তিম পৰ্যায়ত নেপালে গ'লটো কৰি ভাৰতৰ এই প্ৰতিযোগিতাৰ পৰা বিদায় দিলে । লক্ষণীয়ভাৱে ভাৰত পৰাজিত হ'লেও সকলোৱে দলটোৰ প্ৰদৰ্শনক প্ৰশংসা কৰিছে ।

লগতে পঢ়ক :World Wrestling Championships : বিশ্ব কুস্তি চেম্পিয়নশ্বিপত নিৰাশ ৰবি দাহিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.