ETV Bharat / sports

Asian Para Games : পেৰা এছিয়ান গেমছত ভাৰতৰ ৰেকৰ্ড প্ৰদৰ্শন; পদকৰ শতক অতিক্ৰম ভাৰতীয় পেৰা এথলিটৰ - Asian Para Games 2023 medals tally

এছিয়ান গেমছৰ পিছত এইবাৰ পেৰা এছিয়ান গেমছ । চীনৰ হাংঝৌত ইতিহাস ৰচিলে ভাৰতীয় পেৰা এথলিটসকলে । শনিবাৰে ভাৰতীয় দলটোৱে লাভ কৰা পদকৰ সংখ্যাই শতকৰ সীমা অতিক্ৰম কৰিলে । লগে লগে ভাৰতীয় পেৰা এথলিটসকলে ৰচনা কৰে এক স্বৰ্ণিল ইতিহাস । দিলীপ মাহাদু গাভিটে সোণৰ পদক অৰ্জন কৰাৰ লগে লগে এই মাইলৰ খুঁটিত উপনীত হয় ভাৰতীয় দলটো ।

পেৰা এছিয়ান গেমছত ভাৰতৰ ৰেকৰ্ড প্ৰদৰ্শন
Asian Para Games
author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 10:22 AM IST

স্পৰ্টছ ডেস্ক, ২৮ অক্টোবৰ : ভাৰতীয় পেৰা এথলিটসকলে শনিবাৰে এক নতুন ইতিহাস সৃষ্টি কৰে । হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছত ভাৰতে শততম পদক অৰ্জন কৰে । দিলীপ মাহাদু গাভিটে স্বৰ্ণ পদক অৰ্জন কৰাৰ পিছতে এই ইতিহাস ৰচনা হয় ।

এক অভিলেখ ভংগকাৰী অভিযানত ভাৰতীয় পেৰা দলটোৱে প্ৰথমবাৰৰ বাবে পদকৰ শতক অৰ্জন কৰে । গাভিটে শনিবাৰে ভাৰতৰ হৈ দিনটোৰ প্ৰথমটো পদক লাভ কৰি ভাৰতীয় পদকৰ সংখ্যা শতকৰ ঘৰলৈ লৈ যায় । পুৰুষৰ ৪০০ মিটাৰ টি৪৭ ইভেণ্টত এথলিটগৰাকীয়ে প্ৰথম স্থান লাভ কৰে । তেওঁ ৪৯.৪৮ ছেকেণ্ড সময় লৈ এই সোণৰ পদকৰ দাবীদাৰ হয় ।

অৱশ্যে এই শততম পদক লাভৰ পিছতো ভাৰতৰ পদক জয়ৰ অভিযান স্তব্ধ হোৱা নাই । ভাৰতীয় খেলুৱৈ অনিতা আৰু নাৰায়ণ কংগানাপালে ৮:৫০.৭১ সময়ৰ সৈতে পিআৰ৩ মিক্সড ডাবলছ স্কালছত ৰূপৰ পদক অৰ্জন কৰে । আনহাতে, পূজাই তেওঁৰ আশ্চৰ্যজনক এথলেটিক দক্ষতা প্ৰদৰ্শনেৰে ৫:৩৮.৮১ সময়েৰে মহিলাৰ ১৫০০ মিটাৰ টি-২০ত ব্ৰঞ্জৰ পদক ভাৰতৰ পদকৰ জোলোঙাত ভৰায় ।

ইয়াৰ উপৰি ভাৰতে পুৰুষৰ জেভলিন থ্ৰ' এফ৫৫ত 'ডাবল পোডিয়াম ফিনিছ' লাভ কৰে । নীৰজ যাদৱ আৰু টেক চান্দ মাহলাৱাটে ক্ৰমান্বয়ে সোণ আৰু ৰূপৰ পদক লাভ কৰে ।

ভাৰতৰ পেৰা এথলিটসকলে এছিয়ান গেমছত ১০০ পদকৰ মাইলৰ খুঁটি অতিক্ৰম কৰাটোৱেই চলিত চতুৰ্থ পেৰা এছিয়ান গেমছত দলটোৰ কৃতিত্বক উজ্জ্বল কৰি তুলিছে । উল্লেখ্য যে এই ইভেণ্টত ইয়াৰ পূৰ্বে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল ২০১৮ চনত জাকাৰ্টাত অনুষ্ঠিত পেৰা এছিয়ান গেমছত । সেইবাৰ ভাৰতে ৭২ টা পদক জয় কৰিছিল । ইয়াৰে ভিতৰত আছিল ১৫ টা স্বৰ্ণ, ২৪ টা ৰূপ আৰু ৩৩ টা ব্ৰঞ্জৰ পদক ।

আনহাতে, এই কৃতিত্বক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাই কৈছে, এই বিজয় সকলোৰে বাবে অনুপ্ৰেৰণা হ'ব ।

  • 100 MEDALS at the Asian Para Games! A moment of unparalleled joy. This success is a result of the sheer talent, hard work, and determination of our athletes.

    This remarkable milestone fills our hearts with immense pride. I extend my deepest appreciation and gratitude to our… pic.twitter.com/UYQD0F9veM

    — Narendra Modi (@narendramodi) October 28, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

"এছিয়ান পেৰা গেমছত ১০০ টা পদক ! এক অতুলনীয় আনন্দৰ মুহূৰ্ত । এই সফলতা আমাৰ খেলুৱৈসকলৰ নিখুঁত প্ৰতিভা, কঠোৰ পৰিশ্ৰম আৰু সংকল্পৰ ফল । এই উল্লেখযোগ্য মাইলৰ খুঁটিটোৱে আমাৰ হৃদয়ক অপৰিসীম গৌৰৱেৰে ভৰাই তুলিছে । মই আমাৰ অবিশ্বাস্য খেলুৱৈ, প্ৰশিক্ষক আৰু তেওঁলোকৰ সৈতে কাম কৰা সমগ্ৰ সমৰ্থন ব্যৱস্থালৈ গভীৰ প্ৰশংসা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ । এই বিজয়ে আমাক সকলোকে অনুপ্ৰাণিত কৰে । তেওঁলোকে এনে স্মাৰক হিচাপে কাম কৰে যে আমাৰ যুৱসকলৰ বাবে একো অসম্ভৱ নহয় ।" প্ৰধানমন্ত্ৰীয়ে এক্স পোষ্টত এনেদৰে লিখিছে ।

উল্লেখ্য যে ভাৰতে এইবাৰ এছিয়ান গেমছত ২৮ টা সোণ, ৩১ টা ৰূপ আৰু ৪৯ টা ব্ৰঞ্জৰ পদকসহ মুঠ ১০৮ টা পদক লাভ কৰিছে ।

লগতে পঢ়ক :MS Dhoni on Retiredment : ২০১৯ বিশ্বকাপৰ ছেমি ফাইনেলত পৰাজয়ৰ পিছতে অৱসৰৰ সিদ্ধান্ত লৈছিলোঁ: এম এছ ধোনী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.