স্পৰ্টছ ডেস্ক, 7 মাৰ্চ: শনিবাৰৰ পৰা জম্মু-কাশ্মীৰৰ গুলমাৰ্গত অনুষ্ঠিত হৈছে প্ৰথম খেল’ ইণ্ডিয়াৰ শীতকালীন গেমছ ৷ 20 খন ৰাজ্যৰ মুঠ 900 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত ৷

পাঁচদিনলৈ অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাৰ আয়োজন কৰিছে জম্মু-কাশ্মীৰ স্পৰ্টছ কাউন্সিলে ৷ এই টুৰ্ণামেণ্টত মুঠ 10 খন বিভিন্ন খেল অনুষ্ঠিত কৰা হৈছে ৷ য’ত আছে স্নো ৰাগবী, স্নো বাস্কেটবল, আইচ হকী, আইচ স্কেটিঙৰ লগতে অন্যান্য খেল ৷

এই প্ৰতিযোগিতাক লৈ ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৱে গুৰুত্বপূৰ্ণ ঘোষণা কৰে ৷ মন্ত্ৰীগৰাকীয়ে কয়, গুলমাৰ্গত নেশ্যনেল স্পৰ্টছ একাডেমীৰো আৰম্ভ কৰা হ’ব ৷ য’ত সকলো খেলুৱৈকে উন্নত মানদণ্ডৰ প্ৰশিক্ষণৰ সুবিধা থাকিব ৷ যাতে আন্তঃৰাষ্ট্ৰীয় স্তৰত পদক জিকিবলৈ সক্ষম হয় ভাৰতীয় খেলুৱৈয়ে ৷

লগতে খেল’ ইণ্ডিয়া শীতকালীন গেমছ আৰম্ভণীৰ লগে-লগে পৰ্যটকৰ দিশতো যথেষ্ট উপকৃত হ’ব ৷ ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব স্থানীয় ব্যৱসায়ীৰ ওপৰত ৷ গুলমাৰ্গত অনুষ্ঠিত হোৱা প্ৰথমখন খেল' ইণ্ডিয়া শীতকালীন গেমছেও জম্মু-কাশ্মীৰৰ ব্যৱসায়ীসকলক লাভাম্বিত কৰিব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷
