স্পৰ্টছ ডেস্ক, ১০ জানুৱাৰী : ২২ জানুৱাৰীৰ পৰা দক্ষিণ আফ্ৰিকাৰ কেপ টাউনত অনুষ্ঠিত হ'বলগীয়া চাৰিখন দেশৰ শৃংখলাৰ বাবে হকী ইণ্ডিয়াই বুধবাৰে ২৬ জনীয়া ভাৰতীয় দলটো ঘোষণা কৰে । প্ৰতিযোগিতাখনত ভাৰতৰ উপৰি ফ্ৰান্স, নেদাৰলেণ্ড আৰু আয়োজক দক্ষিণ আফ্ৰিকাই অংশগ্ৰহণ কৰিব ।
ভাৰতীয় দলটোৰ নেতৃত্ব দিব হৰমনপ্ৰীত সিঙে । আনহাতে, এফআইএইচ প্লেয়াৰ অব দ্য ইয়েৰ বিজয়ী হাৰ্দিক সিঙে উপ-অধিনায়কৰ দায়িত্ব বহন কৰিব । যুৱ খেলুৱৈ আৰাইজিৎ সিং হুণ্ডাল আৰু ববি সিং ধামীক জুনিয়ৰ ইণ্ডিয়ান দলত আকৰ্ষণীয় প্ৰদৰ্শনৰ পিছত ৰাষ্ট্ৰীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে ।
ইয়াৰ উপৰি গ'লৰক্ষক পি আৰ শ্ৰীজেশ, কৃষ্ণ পাঠক আৰু পৱনক দলত অন্তৰ্ভুক্ত কৰা হৈছে । লগতে ডিফেণ্ডাৰ জাৰ্মানপ্ৰীত সিং, জগৰাজ সিং, অমিত ৰোহিদাস, হৰমনপ্ৰীত সিং, বৰুণ কুমাৰ, সুমিত, সঞ্জয় আৰু ৰবিচন্দ্ৰ সিং মইৰাংথেমে দলত স্থানলাভ কৰিছে ।
ইফালে দলটোৰ বাবে নিৰ্বাচিত মিডফিল্ডাৰসকল হৈছে বিবেক সাগৰ প্ৰসাদ, নীলকান্ত শৰ্মা, ৰাজকুমাৰ পাল, চমছেৰ সিং, বিষ্ণুকান্ত সিং, হাৰ্দিক সিং আৰু মনপ্ৰীত সিং । ফৰৱাৰ্ড লাইনত আছে মনদীপ সিং, অভিষেক, সুখজিৎ সিং, গুৰজন্ত সিং, ললিত কুমাৰ উপাধ্যায়, আকাশদীপ সিং, আৰাইজিৎ সিং হুণ্ডাল, ববি সিং ধামী ।
শৃংখলাটো সন্দৰ্ভত হকী ইণ্ডিয়াৰ উদ্ধৃতিৰে মুখ্য প্ৰশিক্ষক ক্ৰেগ ফুলটনে কয়, "আমি দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ সৈতে অলিম্পিক বৰ্ষত ছিজনটো আৰম্ভ কৰিবলৈ ওলাইছোঁ । আমি যথেষ্ট উৎসাহিত আৰু উন্নত মানৰ দলেৰে খেলিবলৈ সাজু হৈছোঁ । খেলুৱৈসকলক সুবিধা প্ৰদানৰ বাবে আমি এটা ডাঙৰ দল বাছনি কৰিছোঁ । ই মোক এফআইএইচ হকী প্ৰ'লীগৰ পূৰ্বে কিছু খেলুৱৈক প্ৰতিযোগিতাৰ সময়ত নিৰীক্ষণৰ সুযোগ দিব । ভ্ৰমণলৈ যোৱাৰ পূৰ্বে বাংগালুৰুৰ ছাইত আমাৰ এটা চমু শিবিৰ অনুষ্ঠিত হ'ব । আমি জ্যেষ্ঠ দলত দুজন যুৱ খেলুৱৈকো অন্তৰ্ভুক্ত কৰিছোঁ ।"
দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে ভাৰতীয় দল :
গ'লৰক্ষক : শ্ৰীজেশ পৰত্তু ৰবীন্দ্ৰন, কৃষ্ণ বাহাদুৰ পাঠক, পৱন
ডিফেণ্ডাৰ : জাৰ্মানপ্ৰীত সিং, জগৰাজ সিং, অমিত ৰোহিদাস, হৰমনপ্ৰীত সিং (অধিনায়ক), বৰুণ কুমাৰ, সুমিত, সঞ্জয়, ৰবিচন্দ্ৰ সিং মইৰাংথেম
মিডফিল্ডাৰ : বিবেক সাগৰ প্ৰসাদ, নীলকান্ত শৰ্মা, ৰাজকুমাৰ পাল, চমছেৰ সিং, বিষ্ণুকান্ত সিং, হাৰ্দিক সিং (উপ-অধিনায়ক), মনপ্ৰীত সিং
ফৰৱাৰ্ড : মনদীপ সিং, অভিষেক, সুখজিৎ সিং, গুৰজন্ত সিং, ললিত কুমাৰ উপাধ্যায়, আকাশদীপ সিং, আৰাইজিৎ সিং হুণ্ডাল, ববি সিং ধামী ।
লগতে পঢ়ক :ভাৰত আফগানিস্তান প্ৰথম টি২০ মেচ; দৃষ্টি নিবদ্ধ থাকিব ৰোহিত-বিৰাটৰ ওপৰত