স্পৰ্টছ ডেস্ক, 5 জুলাইঃ অসমলৈ পুনৰ বাৰ গৌৰৱ কঢ়িয়াই আনিলে নগাঁৱৰ ধিং এক্সপ্ৰেছ খ্যাত হিমা দাসে ৷ প’লেণ্ডত অনুষ্ঠিত হোৱা পজনান এথলেটিকছ গ্ৰাঁ প্ৰীত স্বৰ্ণ পদক আঁজুৰি আনিবলৈ সক্ষম হ’ল হিমাই ৷
200 মিটাৰ দৌৰত হিমাই 23.65 ছেকেণ্ডৰ সময় লৈ এই সোণৰ পদক নিজৰ নাম কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, হিমাৰ ব্যক্তিগত অভিলেখ হৈছে 23.10 ছেকেণ্ড ৷