স্পৰ্টছ ডেস্ক, 25 জুলাই : ভাৰতীয় স্প্ৰীন্টাৰ তথা অসম কন্যা হিমা দাসে এছিয়ান গেমছ 2018 ৰ স্বৰ্ণ পদক COVID-19 যোদ্ধালৈ উচৰ্গা কৰাৰ কথা ঘোষণা কৰে ৷ উল্লেখ্য যে, ভাৰতীয় 4x400 মিক্সড ৰিলেত এছিয়ান গেমছ 2018 ত ভাৰতৰ মহম্মদ অনছ, এম. আৰ. পুবাম্মা, হিমা দাস আৰু আৰোকিয়া ৰাজীৱে দখল কৰিছিল ৰূপৰ পদক ৷ আনহাতে, সেই প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰা বাহৰেইনৰ কেমি আডেকোয়া ড'প টেষ্টত ব্যৰ্থ হোৱাৰ লগতে চাৰি বছৰৰ নিষেধাজ্ঞা আৰোপ কৰা হয় ৷ ইয়াৰ পাচতে ভাৰতৰ ৰূপৰ পদক স্বৰ্ণলৈ উন্নীত কৰা হয় ৷
ভাৰতৰ দলটোৱে 3:15:71 সময়ত 4x400 মিক্সড ৰিলে সম্পূৰ্ণ কৰাৰ পৰিৱৰ্তে বাহৰেইনে লৈছিল 3:11:89 সময় ৷ ভাৰতৰ পদক স্বৰ্ণলৈ উন্নীত হোৱাৰ পাচতে সকলোৰে সু-স্বাস্থ্যৰ বাবে দিনে-নিশাই কৰ্তব্যত ব্ৰতী থকা আৰক্ষী আৰু চিকিৎসক তথা স্বাস্থ্যকৰ্মী সকললৈ এই পদক উচৰ্গা কৰে ৷
টুইটাৰৰ জৰিয়তে হিমাই কয়, "মোৰ স্বৰ্ণলৈ উন্নীত হোৱা 4x400 মিক্সড ৰিলেৰ পদকটো চিকিৎসক আৰু অন্য COVID যোদ্ধাসকললৈ উচৰ্গা কৰিব বিচাৰিছো ৷ এই কঠিন পৰিস্থিতিত তেওঁলোকে সকলোৰে সু-স্বাস্থ্যৰ বাবে নিঃস্বাৰ্থভাৱে কাম কৰিছে ৷ তেওঁলোকলৈ মই সন্মান জনালো ৷"
লগতে, অনু ৰাঘৱনো 400 মিটাৰ হাৰ্ডলছত চাৰি সংখ্যক স্থানৰ পৰা উন্নীত হৈ ব্ৰঞ্জৰ পদক লাভ কৰে ৷ 2018 চনত ৰাঘৱনে 56.77 ছেকেণ্ডৰে নিজৰ দ্ৰুততম সময় গঢ়ি চাৰি সংখ্যক স্থান লাভ কৰিছিল ৷
উল্লেখ্য যে, বিশ্ব এথলেটিকছ কনিষ্ঠ প্ৰতিযোগিতাৰ 400 মিটাৰত 2018 চনৰ 12 জুলাইত হিমাই স্বৰ্ণ পদক দখল কৰিছিল ৷ ফিনলেণ্ডত অনুষ্ঠিত IAAF বিশ্ব অনুৰ্দ্ধ 20 চেম্পিয়নশ্বিপত 51.46 ছেকেণ্ডেৰে হিমাই ভাৰতৰ হৈ ইতিহাস ৰচিছিল ৷ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ কনিষ্ঠ অথবা জ্যেষ্ঠ শাখাত জেভলিন থ্ৰৱাৰ নিৰজ চোপ্ৰাৰ পাচতে স্বৰ্ণ পদক দখল কৰা দ্বিতীয়গৰাকী এথলিট হিচাপে পৰিগণিত হয় হিমা দাস ৷
লগতে পঢ়ক : ইংলেণ্ড বনাম ৱেষ্ট ইণ্ডিজ : তৃতীয় টেষ্টৰ প্ৰথম দিনা ইংলেণ্ডৰ স্ক‘ৰ 258/4