ETV Bharat / sports

আৰ প্ৰজ্ঞানন্দ সমগ্ৰ দেশৰ যুৱ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস: গৌতম আদানী

R Praggnanandhaa: শুকুৰবাৰে পূৰ্বতে টুইটাৰ নামেৰে পৰিচিত এক্সত দবাৰ জিএম আৰ প্ৰজ্ঞানন্দক সাক্ষাৎ কৰা এখন ছবি শ্বেয়াৰ কৰে প্ৰখ্যাত ব্যৱসায়ী গৌতম আদানীয়ে । যোৱা দুবছৰত লাভ কৰা কৃতিত্বৰ বাবে ১৮ বছৰীয়া প্ৰজ্ঞানন্দক প্ৰশংসা কৰি আদানীয়ে কয় যে দেশৰ যুৱক-যুৱতীসকলৰ বাবে প্ৰেৰণাদায়ক হোৱাৰ বাবে তেওঁক সমৰ্থন কৰাটো এক সৌভাগ্যৰ কথা ।

Gautam Adani
R Praggnanandhaa
author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 10:57 PM IST

নিউজ ডেস্ক, 5 জানুবাৰী: প্ৰখ্যাত ব্যৱসায়িক টাইকুন গৌতম আদানীয়ে ভাৰতৰ দ্বিতীয় কনিষ্ঠ গ্ৰেণ্ড মাষ্টাৰ আৰ প্ৰজ্ঞানন্দক সমৰ্থন জনোৱাৰ কথা ঘোষণা কৰাৰ লগতে প্ৰশংসাৰে উপচাই পেলায় । পূৰ্বে টুইটাৰ নামেৰে জনাজাত ‘এক্স’ত তেওঁলোকৰ শেহতীয়া সাক্ষাৎকাৰৰ ফটো পোষ্ট কৰি আদানীয়ে কয় যে ১৮ বছৰীয়া দবা প্ৰডিজিগৰাকী সকলো ভাৰতীয় যুৱক তথা দেশৰ বাবে গৌৰৱ কঢ়িয়াই অনাৰ প্ৰেৰণা ।

  • It's a privilege to support Praggnanandhaa as he continues to win laurels in the world of chess and make India proud. His success is an inspiration to countless young Indians to believe that nothing is more gratifying than standing on the podium to celebrate our nation's… pic.twitter.com/8AjEFeVWN0

    — Gautam Adani (@gautam_adani) January 5, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

"দবাৰ জগতত বঁটা লাভ কৰি ভাৰতক গৌৰৱান্বিত কৰি অহা প্ৰজ্ঞানন্দক সমৰ্থন কৰাটো এক সৌভাগ্যৰ কথা । তেওঁৰ এই সফলতাই অগণন ভাৰতীয় যুৱক-যুৱতীক বিশ্বাস আৰু প্ৰেৰণা যোগাব যে আমাৰ দেশৰ মহানতাক উদযাপনৰ বাবে মঞ্চত থিয় হৈ থকাতকৈ অধিক আনন্দদায়ক একোৱেই হ’ব নোৱাৰে ৷" আদানীয়ে এক্সৰ পোষ্টত লিখিছে ।

তেওঁ লগতে কয়, "প্ৰজ্ঞানন্দই ভাৰতে কি কৰিব পাৰে আৰু কৰিছে সেইটো প্ৰতিনিধিত্ব কৰে । মই তেওঁক বহুত বহুত শুভেচ্ছা জনাইছো । জয় হিন্দ।"

০২ এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া কেনডিডেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপৰ বাবে বিশ্ব চেম্পিয়নক প্ৰত্যাহ্বান জনোৱাৰ সুবিধা লাভ কৰিব প্ৰজ্ঞানন্দই ।

বাকুত অনুষ্ঠিত হোৱা দবা বিশ্বকাপৰ ফাইনেলত মেগনাছ কাৰ্লছনৰ বিৰুদ্ধে পৰাজয়ৰ পিছত তেওঁ দ্বিতীয়জন খেলুৱৈ হিচাপে এই সন্মানীয় প্ৰতিযোগিতাখনত স্থান লাভ কৰে । তেওঁ শীৰ্ষ সংঘৰ্ষত প্ৰৱেশ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ আৰু জিএম বিশ্বনাথ আনন্দৰ পিছত দ্বিতীয় ভাৰতীয় হিচাপে পৰিগণিত হৈছিল ।

ইয়াৰ লগে লগে তেওঁ প্ৰবীণ ববি ফিচাৰ (১৫ বছৰ) আৰু কাৰ্লচেন (১৫ বছৰ)ৰ পিছত প্ৰাৰ্থী প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰা তৃতীয়জন কনিষ্ঠ খেলুৱৈও হিচাপে পৰিগণিত হয় । ২০১৮ চনত ১২ বছৰ বয়সত এই পদবী লাভ কৰা প্ৰজ্ঞানন্দ এতিয়ালৈকে পঞ্চমজন কনিষ্ঠ গ্ৰেণ্ডমাষ্টাৰ ।

২০১৯ চনত ডেনমাৰ্কত অনুষ্ঠিত এক্সট্ৰাকন চেছ অ’পেনত জয়লাভ কৰাৰ পিছত একে বছৰতে ১৮ বছৰ অনুৰ্ধৰ শাখাত বিশ্ব যুৱ চেম্পিয়নশ্বিপত জয়লাভ কৰে । ২০১৯ চনৰ ডিচেম্বৰ মাহত প্ৰজ্ঞানন্দই ১৪ বছৰ, তিনি মাহ আৰু ২৪ দিন বয়সত ২৬০০ ই এল অ’ ৰেটিং লাভ কৰিছিল, যি দ্বিতীয়জন কনিষ্ঠ খেলুৱৈ ।

লগতে পঢ়ক: 1 জুনৰ পৰা 29 জুনলৈ চলিব টি-২০ বিশ্বকাপ: 9 জুনত ভাৰত-পাকিস্তানৰ মেচ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.