ETV Bharat / sports

ক্ৰীড়াক্ষেত্ৰত পুনৰ উজলিল অসমৰ বৰ্ণালী

author img

By

Published : Jul 9, 2019, 5:31 PM IST

ক্ৰীড়াক্ষেত্ৰত ইটোৰ পাছত সিটো সাফল্য অৰ্জন শিৱসাগৰৰ জীয়ৰী বৰ্ণালী বড়াৰ ৷ কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপৰ জুনিয়ৰ 45 কেজি শাখাত স্বৰ্ণ পদক দখল কৰিছে বৰ্ণালীয়ে ৷

ক্ৰীড়াক্ষেত্ৰত পুনৰ উজলিল অসমৰ বৰ্ণালী

আমগুৰি, 9 জুলাই : চমুৱাৰ আগিয়াত অনুষ্ঠিত হোৱা কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপৰ জুনিয়ৰ 45 কেজি শাখাত স্বৰ্ণ পদক দখল কৰিছে বৰ্ণালী বড়াই ৷ শিৱসাগৰ জিলাৰ ভাৰোত্তোলন সন্থাৰ খেলুৱৈ তথা দিখৌমুখ ৰঘুবাৰী গাঁৱৰ ৰিতুমণি বড়া আৰু দিব্যলতা বড়াৰ কন্যা বৰ্ণালীয়ে এই জয়েৰে অসমলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে ৷ জুলাইৰ 9 তাৰিখৰ পৰা 14 লৈ অনুষ্ঠিত হোৱা চেম্পিয়নশ্বিপত 45 কেজি শাখাত বৰ্ণালীয়ে মুঠ 132 কেজি উত্তোলন কৰে ।

ETV BHARAT ASSAM
বৰ্ণালী বড়া

দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী বৰ্ণালীয়ে সীমিত সা - সুবিধাৰে ক্ৰীড়া নিৰ্দেশক শৰৎ মোহন নেওগ আৰু গৌৰাংগ বড়াৰ তত্ত্বাৱধানত ভাৰোত্তোলনৰ আদিপাঠ গ্ৰহণ কৰিছিল । কৃষক পৰিয়ালৰ খেলুৱৈ গৰাকীয়ে ইতিপূৰ্বে ৰাষ্ট্ৰীয় চেম্পিয়ন হোৱাৰ লগতে খেল' ইণ্ডিয়াত নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল । বৰ্তমান পাটিয়ালাৰ ভাৰতীয় দলৰ প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা বৰ্ণালীয়ে আগন্তুক ২০২০ চনৰ ভাৰতীয় অলিম্পিক প্ৰস্তুতি শিবিৰলৈও নিৰ্বাচিত হৈ অন্য এক গৌৰৱৰ অধিকাৰী হৈছে ।

Intro:Body:
আমগুৰি, ৯ জুলাই:
শিৱসাগৰ জিলাৰ ভাৰোত্তোলন সন্থাৰ খেলুৱৈ দিখৌমুখ ৰঘুবাৰী গাঁওৰ ৰিতুমণি বড়া আৰু দিব্যলতা বড়াৰ কন্যা বৰ্ণালী বড়াই জুনিয়ৰ ৪৫ কেজি শাখাত কমনৱেল্থ ৱেইট লিফ্টিং চেম্পিয়নশ্বিপত
স্বৰ্ণ পদক লাভ কৰি সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

চলিত ৯জুলাই পৰা ১৪ জুলাইলৈ চমুৱাৰ আগিয়াত হৈ থকা কমনৱেল্থ ৱেইট লিফ্টিং চেম্পিয়নশ্বিপত ৪৫ কেজি শাখাত
বৰ্ণালীয়ে মুঠ ১৩২ কেজি উত্তোলন কৰে।

দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী বৰ্ণালী বড়াই সীমিত সা-সুবিধাৰে ক্ৰীড়া নিৰ্দেশক শৰৎ মোহন নেওগ আৰু গৌৰাংগ বড়াৰ তত্ত্বাৱধানত ভাৰোত্তোলনৰ আদিপাঠ গ্ৰহণ কৰিছিল।

কৃষক পৰিয়ালৰ খেলুৱৈ বৰ্ণালীয়ে ইতিপূৰ্বে ৰাষ্ট্ৰীয় চেম্পিয়ন হোৱাৰ লগতে অলপতে খেল' ইণ্ডিয়াত নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল। বৰ্তমান পাটিয়ালাৰ ভাৰতীয় দলৰ প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা বৰ্ণালী আগন্তুক ২০২০ চনৰ ভাৰতীয় অলিম্পিক প্ৰস্তুতি শিবিৰলৈও নিৰ্বাচিত হৈ অন্য এক গৌৰৱৰ অধিকাৰী হৈছে।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.