স্পৰ্টছ ডেস্ক, 30 মে': টকিঅ' অলিম্পিকলৈ এক গুৰুত্বপূৰ্ণ মন্তব্য টকিঅ' অলিম্পিকৰ CEO ত'শ্বিৰো মুট'ৰ । অক্টোবৰত টকিঅ' অলিম্পিকক লৈ চূড়ান্ত সিদ্ধান্ত কৰা নহয় বুলি বৃহস্পতিবাৰে স্পষ্টকৈ উল্লেখ কৰে ত'শ্বিৰো মুট'ই ।
উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ অধ্যক্ষ জন ক'টছয়ে শেহতীয়াকৈ এখন অষ্ট্ৰেলিয়ান বাতৰি কাকতক অলিম্পিকৰ আয়োজন কৰা-নকৰাকলৈ অক্টোবৰ মাহটো গুৰুত্বপূৰ্ণ হ'ব কোৱা বুলি এক খবৰ বিয়পি পৰিছিল । ইয়াৰ পাচতেই অনলাইন সংবাদমেল যোগে এই কথা খণ্ডন কৰিছে টকিঅ' অলিম্পিকৰ CEO ত'শ্বিৰো মুট'ই ।
মুট'ই লগতে কয়, এই সন্দৰ্ভত জন ক'টছক আমি প্ৰত্যক্ষ ভাৱে প্ৰশ্ন কৰাত তেওঁ কেতিয়াও খেল আয়োজনকলৈ হ'ব অথবা নহ'ব শব্দৰ প্ৰয়োগ কৰা নাই বুলি উল্লেখ কৰিছে । লগতে তেওঁ কেতিয়াও অক্টোবৰত খেল আয়োজনৰ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে বুলিও উল্লেখ কৰা নাই বুলি জানিবলৈ দিয়ে মুট'ই ।
উল্লেখ্য যে, ইতিহাসত পোন প্ৰথমবাৰৰ বাবে স্থগিত কৰিবলগীয়া হৈছে অলিম্পিক প্ৰতিযোগিতা । বিগত ছয় বছৰ ধৰি আয়োজন চলাই থকা হৈছিল অলিম্পিকৰ আয়োজনকলৈ । কিন্তু পুনৰ এটা বছৰৰ ভিতৰত এতিয়া সকলো কৰিব লাগিব বুলি উল্লেখ কৰিছে মুট'ই । এইয়া এক বৃহৎ প্ৰত্যাহ্বানমূলক কাম হ'ব বুলিও কয় CEO গৰাকীয়ে ।