ETV Bharat / sports

132nd Durand Cup : ডুৰাণ্ড কাপৰ ফাইনেলত ইষ্ট বেংগল; প্ৰথম ছেমিত পৰাস্ত নৰ্থ-ইষ্ট ইউনাইটেড এফচি

১৩২ সংখ্যক ডুৰাণ্ড কাপৰ প্ৰথমখন ছেমি ফাইনেলত নৰ্থ-ইষ্ট ইউনাইটেড এফচিক পৰাস্ত কৰি ইষ্ট বেংগলে ফাইনেলত স্থান নিশ্চিত কৰিছে ।

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 8:41 PM IST

132nd Durand Cup
132nd Durand Cup

স্পৰ্টছ ডেস্ক, ৩০ আগষ্ট : চলিত ১৩২ সংখ্যক ডুৰাণ্ড কাপ ফুটবলৰ প্ৰথমখন ছেমি ফাইনেলত পেনাল্টি শ্বুট আউটত ইষ্ট বেংগলে নৰ্থ-ইষ্ট ইউনাইটেড এফচিক ৫-৩ ব্যৱধানত পৰাস্ত কৰে । ইয়াৰ লগে লগে ১৩২ সংখ্যক ডুৰাণ্ড কাপৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথম দল হিচাপে পৰিগণিত হৈছে কলকাতাৰ ইষ্ট বেংগল দলটো । ৯০ মিনিটৰ নিৰ্ধাৰিত সময়ৰ পিছত খেলখন ২-২ ব্যৱধানত টাই হয় । ইয়াৰ পিছত ইষ্ট বেংগলে পেনাল্টি শ্বুট আউটৰ সুযোগৰ উচিত ব্যৱহাৰ কৰি কৰি নৰ্থ-ইষ্ট ইউনাইটেডক প্ৰতিযোগিতাৰ পৰা প্ৰস্থানৰ পথ দেখুৱায় । লগে লগে প্ৰথম ছেমি ফাইনেলত জয়লাভেৰে ইষ্ট বেংগল ফাইনেললৈ উন্নীত হয় ।

কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত নৰ্থ-ইষ্ট ইউনাইটেডে প্ৰথম অৰ্ধৰ শেষৰ ফালে আৰু দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে দুটা আক্ৰমণ কৰি ঘৰুৱা দলটোক হতবাক কৰি দিয়ে । কিন্তু তাৰ পিছত ইমামি ইষ্ট বেংগলে খেলত প্ৰত্যাৱৰ্তন কৰে আৰু খেলৰ অন্তিম মুহূৰ্তত গ'ল কৰি সমতা স্থাপন কৰে । ইয়াৰ পিছত অতিৰিক্ত সময়তো মেচখন অসীমাংসিত হোৱাত পেনাল্টি শ্বুট আউটৰ সহায় লোৱা হয় ।

পেনাল্টি শ্বুট আউটত পাৰ্থিৱ গগৈয়ে তেওঁৰ পেনাল্টি শ্বট গ'ললৈ পৰিৱৰ্তন কৰাত ব্যৰ্থ হয় । ইয়াৰ বিপৰীতে ইষ্ট বেংগলে পাঁচোটা পেনাল্টি শ্বট গ'ললৈ পৰিৱৰ্তন কৰি আন এক ডুৰাণ্ড কাপৰ ফাইনেললৈ আগবাঢ়ে ।

ফাইনেলত ১৬ বাৰৰ চেম্পিয়ন ইষ্ট বেংগল মোহন বাগান ছুপাৰ জায়েণ্টছ আৰু এফচি গোৱাৰ মাজৰ দ্বিতীয় ছেমি ফাইনেলৰ বিজয়ীৰ সৈতে মুখামুখী হ'ব । বৃহস্পতিবাৰে মোহন বাগান ছুপাৰ জায়েণ্টছ আৰু এফচি গোৱাৰ মাজত অনুষ্ঠিত হ'ব দ্বিতীয়খন ছেমি ফাইনেল । ইয়াৰ পিছত ১৩২ সংখ্যক ডুৰাণ্ড কাপৰ ফাইনেল অহা ৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব । এতিয়া অপেক্ষা এটায়ে, ফাইনেলত ইষ্ট বেংগলৰ প্ৰতিদ্বন্দ্বী কোন হ'ব ।

লগতে পঢ়ক :Asia Cup 2023 : এছিয়া কাপৰ প্ৰথম দুখন খেলত নাথাকিব কে এল ৰাহুল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.