ETV Bharat / sports

অলিম্পিক এথলীট, দললৈ IOC ৰ 25 মিলিয়ন আমেৰিকান ডলাৰ - টকিঅ' অলিম্পিক 1 বছৰলৈ স্থগিত

অলিম্পিক এথলীট, দললৈ IOC ৰ 25 মিলিয়ন আমেৰিকান ডলাৰ ৷ এথলীট আৰু দলসমূহে অতিৰিক্ত ব্যয় বহন কৰিব লগা হোৱা বাবে এই অৰ্থ সাহাৰ্য প্ৰদান ৷

আন্তৰাষ্ট্ৰীয় অলিম্পিক কমিটি
অলিম্পিক এথলীট, দললৈ IOC ৰ 25 মিলিয়ন আমেৰিকান ডলাৰ
author img

By

Published : Apr 25, 2020, 10:00 PM IST

স্পৰ্টছ ডেস্ক, 25 এপ্ৰিল : আন্তৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে (IOC) শনিবাৰে ঘোষণা কৰে যে, টকিঅ' অলিম্পিক 1 বছৰলৈ স্থগিত ৰখাৰ ফলত এথলীট আৰু দলসমূহে অতিৰিক্ত ব্যয় বহন কৰিব লগা হোৱা বাবে তেওঁলোকে প্ৰদান কৰিছে 25 মিলিয়ন আমেৰিকান ডলাৰৰ সাহাৰ্য ৷ IOC য়ে কয় যে, 15 মিলিয়ন আমেৰিকান ডলাৰ 185 খন কম সাহাৰ্য লাভ কৰা দেশৰ 1,600 এথলীটক 2021 চনৰ অলিম্পিকলৈ সাজু কৰিবৰ বাবে দিয়া হ'ব ৷

আনহাতে, 10 মিলিয়ন আমেৰিকান ডলাৰ ৰাষ্ট্ৰীয় অলিম্পিক পৰিষদসমূহলৈ প্ৰদান কৰা হ'ব ৷ পৰিষদসমূহৰ বিষয়া-কৰ্মচাৰীসকলৰ ভ্ৰমণ আৰু আৱাসৰ বাবে ব্য়য় হোৱা অতিৰিক্ত খৰচসমূহৰ বাবে এই সাহাৰ্য প্ৰদান কৰা হ'ব ৷

Olympic Solidarity আঁচনিৰ জৰিয়তে এই সাহাৰ্য প্ৰদান কৰা হ'ব ৷ ইয়াৰ জৰিয়তে 206 খন দেশৰ অলিম্পিক দল আৰু অন্যান্য দলসমূহে তেওঁলোকৰ এথলীটসকলক প্ৰতিযোগিতাৰ বাবে প্ৰেৰণ কৰিবলৈ সক্ষম হ'ব ৷

পূৰ্বে টকিঅ' 2020 ৰ সভাপতি য়োশিৰো মোৰিয়ে কৈছিল, "অলিম্পিক গেমছ এবছৰতকৈ অধিক সময়ৰ বাবে স্থগিত ৰখাটো অনুচিত ৷ অলিম্পিক আয়োজনৰ বাবে নতুন দিন হিচাপে 2021 চনৰ 23 জুলাই ধাৰ্য কৰাৰ পাচত ইয়াক পুনৰ স্থগিত ৰখা নহয় ৷ খেলুৱৈসকলৰ লগতে খেল সঞ্চালনাৰ বিভিন্ন দিশ সম্পৰ্কতো চিন্তা কৰিলে বুজিব পাৰি যে দুবছৰলৈ স্থগিত ৰখাটো কাৰিকৰীভাৱে জটিল ৷"

মোৰিয়ে কয় যে, তেওঁ পূৰ্বে প্ৰধানমন্ত্ৰী শ্বিনজো আবেক সুধিছিল যে, জাপানে দুবছৰৰ বাবে অলিম্পিক স্থগিত কৰিব বিচাৰিব নেকি ৷ ইয়াৰ প্ৰত্যুত্তৰত আবেই কৈছিল যে, তেওঁলোকে এবছৰৰ বাবেহে অলিম্পিক স্থগিত কৰিব ৷

উল্লেখ্য যে, ক্ৰীড়াবিদ আৰু ক্ৰীড়া সংগঠনসমূহে তীব্ৰ চাপ প্ৰয়োগ কৰাৰ পাচতে জাপানৰ আয়োজক আৰু আন্তৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে 1 বছৰৰ বাবে অলিম্পিক স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.