ETV Bharat / sports

Chess Olympiad in India: অলিম্পিয়াড কাৰ্টেন ৰেইজাৰ ৰেপিড চেচ টুৰ্ণামেণ্টৰ আয়োজন - চেন্নাইৰ আইকনিক নেপিয়াৰ ব্ৰীজ

দবা অলিম্পিয়াডলৈ সাজু চেন্নাই ৷ প্ৰতিযোগিতাখনৰ প্ৰস্তুতি মূল্যাংকন কৰিবলৈ দেওবাৰে এখন কাৰ্টেন ৰেজাৰ ৰেপিড ৰেটিং টুৰ্ণামেণ্ট অনুষ্ঠিত কৰা হয়(44th Chess Olympiad 2022) । তামিলনাডু চৰকাৰে অলিম্পিয়াডক সফল কৰি তুলিবলৈ সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ মুখ্যমন্ত্ৰী ষ্টেলিনে নিজেই প্ৰতিযোগিতাৰ সকলো দিশ তদাৰক কৰিছে আৰু স্থান পৰিদৰ্শন কৰিছে ।

Chess Olympiad in India
অলিম্পিয়াড কাৰ্টেন ৰেইজাৰ ৰেপিড চেচ টুৰ্ণামেণ্টৰ আয়োজন
author img

By

Published : Jul 25, 2022, 10:41 PM IST

নিউজ ডেস্ক, 25 জুলাই : 28 জুলাইৰ পৰা চেন্নাইত অনুষ্ঠিত হ'ব 44 সংখ্যক দবা অলিম্পিয়াড (44th chess Olympiad in Chennai)। আন্তঃৰাষ্ট্ৰীয় পর্যায়ৰ এই প্ৰতিযোগিতাখনৰ আয়োজনক লৈ এতিয়া চেন্নাইত চলিছে ব্যাপক প্ৰস্তুতি (Chennai set to host Grand chess Olympiad 2022) ৷ প্ৰতিযোগিতাখনৰ প্ৰস্তুতি মূল্যাংকন কৰিবলৈ দেওবাৰে এখন কাৰ্টেন ৰেইজাৰ ৰেপিড চেচ টুৰ্ণামেণ্ট অনুষ্ঠিত কৰা হয় । চহৰখনত আয়োজিত অলিম্পিয়াড এই বিশেষ দৌৰত কেইবাহাজাৰ লোকে অংশগ্ৰহণ কৰে ।

বিভিন্ন বয়সৰ শ্ৰেণীত অনুষ্ঠিত এই প্ৰতিযোগিতাখনত প্ৰায় 1,414 জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল । কাৰ্টেন ৰেজাৰ টুৰ্ণামেণ্টখনৰ 44 তম দবা অলিম্পিয়াড অনুষ্ঠিত হ'বলগীয়া হলতে অনুষ্ঠিত কৰা হৈছিল ৷ এই হলটো মুকলি কৰা সময়তে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে, য'ত সকলোবোৰ খেল ইলেক্ট্ৰনিক বোৰ্ডত খেলা হ’ব । তামিলনাডুৰ জিএম বিষ্ণু প্ৰসন্ন খেলপথাৰত সৰ্বাধিক মূল্যাংকনপ্ৰাপ্ত খেলুৱৈ আছিল আৰু 50 হাজাৰ টকাৰ পুৰস্কাৰ পাৰ্চ কঢ়িয়াই অনা চুইছ লীগৰ এই প্ৰতিযোগিতাখনত 9 গৰাকীয়ে এই পুৰস্কাৰ লাভ কৰিছিল ৷

উল্লেখ্য যে, দবা অলিম্পিয়াড এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হৈছে ৷ প্ৰতিযোগিতাখন চেন্নাইৰ মামাল্লাপুৰমত অনুষ্ঠিত হ'ব । বিশ্বৰ প্ৰায় 180 খন দেশৰ খেলুৱৈয়ে অলিম্পিয়াডত তিনিটাকৈ ভাৰতীয় দলৰ সৈতে অ’পেন আৰু মহিলা শাখাত অংশগ্ৰহণ কৰিব । প্ৰতিযোগিতাখনৰ প্ৰতীক চিহ্ন থাম্বি চহৰৰ বিভিন্ন স্থানত স্থাপন কৰা হৈছে ৷ আনহাতে চেন্নাইৰ আইকনিক নেপিয়াৰ দলংখন দবা বৰ্ডৰ আৰ্হিত ক'লা আৰু বগা ৰঙেৰে অংকন কৰা হৈছে (Chennai iconic Nepier Bridge decorated like a chessboard) ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ জুলাইত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনৰ উপস্থিতিত চেন্নাইৰ নেহৰু ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠানটো উদ্বোধন কৰিব (PM to inaugurate the 44th Chess Olympiad on July 28) ৷ আনহাতে ২৯ জুলাইৰ পৰা খেলসমূহ আৰম্ভ হ'ব আৰু ১০ আগষ্টলৈকে চলিব । তামিলনাডু চৰকাৰে অলিম্পিয়াডক সফল কৰি তুলিবলৈ সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ মুখ্যমন্ত্ৰী ষ্টেলিনে নিজেই প্ৰতিযোগিতাৰ সকলো দিশ তদাৰক কৰিছে আৰু স্থান পৰিদৰ্শন কৰিছে ।

লগতে পঢ়ক : Bridge decorated like chess board: দলং নে দবা ব’ৰ্ড ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.