স্পৰ্টছ ডেস্ক, 18 আগষ্ট : ক’ৰণা পজিটিভ মণিপুৰৰ প্ৰাক্তন বিশ্ব চেম্পিয়ন বক্সাৰ সৰিতা দেৱী ৷ সোমবাৰে কৰা ক’ভিড-19 ৰ পৰীক্ষাৰ ফলাফলত পজিটিভ পোৱা যায় খেলুৱৈগৰাকীক ৷ খেলুৱৈগৰাকীৰ লগতে তেওঁৰ স্বামী থ’ইবা সিঙৰ দেহতো ধৰা পৰে কৰ’ণা ভাইৰাছৰ অৱস্থিতি ৷ অৱশ্যে দুয়োৰে কোনো ধৰণৰ লক্ষণ ধৰা পৰা নাছিল দেহত ৷ দুয়ো বৰ্তমান ইম্ফলত আছে ৷
সৰিতা দেৱীৰ স্বামীয়ে দুয়োৰে কৰ’ণা পজিটিভৰ কথা স্বীকাৰ কৰি তেওঁলোকৰ সংস্পৰ্শলৈ অহা সকলো লোকক ছেল্ফ আইচ’লেচনত থকা বা পৰীক্ষা কৰাৰ আহ্বান জনায় ৷
উল্লেখ্য যে, এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰা সৰিতা দেৱীয়ে এছিয়ান চেম্পিয়নশ্বিপত পাঁচবাৰকৈ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷ খেলুৱৈগৰাকীয়েও তেওঁলোকৰ সংস্পৰ্শলৈ অহা সকলোকে তেওঁলোকৰ ক’ভিড পজিটিভৰ বিষয়ে অৱগত কৰে বুলি জানিবলৈ দিয়ে ৷
![ক’ভিড পজিটিভ ভাৰতীয় বক্সাৰ সৰিতা দেৱী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8458185_g.jpg)
আনহাতে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে সোমবাৰে স্পষ্ট কৰে যে, ভাৰতীয় হকী দলৰ অধিনায়ক মনপ্ৰীত সিং সহ ছয় হকী খেলুৱৈৰ ক’ভিড-19 ৰ ফলাফল নিগেটিভ অহাৰ পাচতেই তেওঁলোকক হাস্পতালৰ পৰা অব্যাহতি দিয়াৰ কথা ৷ অহা 19 আগষ্টৰ পৰা বেংগালুৰুত ৰাষ্ট্ৰীয় হকী শিবিৰ অনুষ্ঠিত হ’ব য’ত এই খেলুৱৈ সকল অংশগ্ৰহণৰ বাবে আহিছিল ৷ অৱশ্যে ক’ভিড আক্ৰান্ত ছয় খেলুৱৈক প্ৰথম পৰ্যায়ত অংশগ্ৰহণ কৰাৰ অনুমতি দিয়া নহয় ৷
লগতে চাওক-ড্ৰ’ত সমাপ্ত ইংলেণ্ড আৰু পাকিস্তানৰ মাজৰ দ্বিতীয়খন টেষ্ট মেচ