ETV Bharat / sports

‘খেল ৰত্ন’ বঁটাক ধ্যান চান্দৰ নামেৰে নামাকৰণৰ সিদ্ধান্তক আদৰণি ভাৰতীয় ক্ৰীড়া সমিতিৰ - ধ্যান চান্দ খেল ৰত্ন বঁটা

দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ‘ৰাজীৱ গান্ধী খেল ৰত্ন’ বঁটাক ভাৰতীয় হকী কিংবদন্তি ধ্যান চান্দৰ নামেৰে নামাংকৃত কৰা কাৰ্যক আদৰণি জনাইছে ভাৰতীয় ক্ৰীড়া সমিতিয়ে ৷

Better late than never: Sporting fraternity welcomes decision to rename Khel Ratna after Dhyan Chand
‘খেল ৰত্ন’ বঁটাক ধ্যান চান্দৰ নামেৰে নামাকৰণৰ সিদ্ধান্তক আদৰণি ভাৰতীয় ক্ৰীড়া সমিতিৰ
author img

By

Published : Aug 6, 2021, 10:03 PM IST

স্পৰ্টছ ডেস্ক, 8 আগষ্ট : ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ‘খেল ৰত্ন’ বঁটাক দেশৰ সৰ্বশ্ৰেষ্ঠ হকী খেলুৱৈ ধ্যান চান্দৰ নামেৰে নামাকাৰণৰ সিদ্ধান্তক আদৰণি জনাইছে ভাৰতীয় ক্ৰীড়া সিমিতিয়ে ৷ ধ্যান চান্দে নিজৰ কেৰিয়াৰত 1926 চনৰ পৰা 1949 চনলৈ 1928, 1932 আৰু 1936 চনত দেশৰ হৈ হকীত অলিম্পিক মেডেল লাভ কৰিবলৈ সক্ষম হৈছিল ৷

ধ্যান চান্দৰ জন্ম দিনটো অৰ্থাৎ 29 আগষ্টক ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰা হয় ৷ 2003 চনত ‘খেল ৰত্ন’ সন্মানেৰে সন্মানিত তথা এথলেটিকছৰ বিশ্ব ছেম্পিয়নশ্বিপত মেডেল লাভ কৰিবলৈ সক্ষম হোৱা একমাত্ৰ ভাৰতীয় অঞ্জু ববী জৰ্জে কয়, খেলৰ বঁটা খেলুৱৈ নামেৰে নামাংকৃত হ’ব লাগে ৷

তেওঁ কয়, "এয়াই সময় যে আমি আমাৰ খেলৰ বঁটাসমূহ খেলুৱৈসকলৰ নামেৰে নামাংকৃত কৰিব লাগে ৷ এইটো শুদ্ধ পদক্ষেপ ৷ ধ্যান চান্দ আমাৰ হকী কিংবদন্তি আৰু হকী আমাৰ ৰাষ্ট্ৰীয় খেল ৷ ভাৰতে 41 বছৰৰ পাচত হকীত অলিম্পিক মেডেল লাভ কৰাৰ সময়তেই দেশৰ সৰ্বোচ্চ খেলৰ বঁটাটো ধ্যান চান্দৰ নামেৰে নামাংকৃত কৰাৰ উপযুক্ত সময় ৷"

এই সন্দৰ্ভত প্ৰাক্তন হকী স্কিপাৰ অজিতপাল সিঙে কয়, "এই চিনাকি পলমকৈ অহাটো একেবাৰে বঞ্চিত হৈ থকাতকৈ শ্ৰেয় ৷" তেওঁ লগতে কয়, ‘প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা এই সিদ্ধান্ত আদৰণীয় ৷ খেলৰ বঁটাসমূহ সদায় খেলুৱৈৰ নামেৰে নামাংকৃত হ’ব লাগে ৷ আমাৰ দেশত ধ্যান চান্দ জীতকৈ শ্ৰেষ্ঠ খেলুৱৈ নাই ৷ এই চিনাকি পলমকৈ আহিল যদিও একেবাৰে বঞ্চিত হৈ ৰোৱাতকৈ শ্ৰেয় ৷’

এই সন্দৰ্ভত অলিম্পিক ব্ৰঞ্জ মেডেলিষ্ট বক্সাৰ বিজেন্দৰ সিঙে মন্তব্য কৰি কয়, ধ্যান চান্দৰ স্মৃতিক সন্মান জনোৱাটো এক আদৰণীয় পদক্ষেপ ৷ কিন্তু দেশত ক্ৰীড়াৰ মানদণ্ড উন্নত কৰাৰ বাবে এই সিদ্ধান্ত পৰ্যাপ্ত নহয় ৷

উল্লেখ্য যে, শুকুৰবাৰে দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ‘ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা’ক মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটাৰে নামাকৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

উক্ত ঘোষণা কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয়, "আনুষ্ঠানিকভাৱে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা হিচাপে জনাজাত ৰাজীৱ গান্ধী খেল ৰত্নক মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা বুলি কোৱা হ'ব ৷" উল্লেখ্য যে, ক্ৰীড়াক্ষেত্ৰত আনুষ্ঠানিকভাৱে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা হিচাপে জনাজাত খেল ৰত্ন হৈছে দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰী কয় যে, খেল ৰত্ন বঁটাক হকীৰ যাদুকৰ ধ্যান চান্দৰ নামেৰে নামাকৰণ কৰিবৰ বাবে বহু নাগৰিকে তেওঁক অনুৰোধ জনাই আহিছিল ৷ দেশৰ নাগৰিক সকলৰ এই অনুভূতিৰ প্ৰতি সন্মান জনাইয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰী মোডীয়ে সদৰী কৰে ৷

ৰাইজক তেওঁলোকৰ এই অনুৰোধৰ বাবে ধন্যবাদ জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটযোগে কয়, "I have been getting many requests from citizens across India to name the Khel Ratna Award after Major Dhyan Chand. I thank them for their views. Respecting their sentiment, the Khel Ratna Award will hereby be called the Major Dhyan Chand Khel Ratna Award! Jai Hind!,"

লগতে পঢ়ক- ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাক মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা হিচাপে নামাকৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.