স্পৰ্টছ ডেস্ক, 15 নৱেম্বৰ : 2022 চনৰ শীতকালীন অলিম্পিক আৰু পেৰা অলিম্পিক খেলৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰাক খেল পৰীক্ষণৰ বাবে সাজু হৈছে ৷ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিয়ে প্ৰকাশ কৰিছে তথ্য ৷ শীতকালীন অলিম্পিক আন্তঃৰাষ্ট্ৰীয় ফেডাৰেচন, আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটী,আন্তঃৰাষ্ট্ৰীয় পেৰা অলিম্পিক কমিটীৰ যুটীয়া চুক্তি অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ মহামাৰী ক'ভিড-19 ৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷
উল্লেখ্য যে, নতুন নিয়মৰ সৈতে ইতিমধ্যে, টকিঅ'ত ইয়াৰ পৰীক্ষণমূলক প্ৰয়োগ কৰা হৈছে ৷
লগতে পঢ়ক : ওড়িশাৰ হৃদয়ানন্দই গুৱাহাটীত পাতিছে চাকৰিৰ ক’লা বজাৰ