ETV Bharat / sports

3 নৱেম্বৰত অসম ভলীবল সন্থাৰ সাধাৰণ সভা - বিচিচিআইৰ অধীনত গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰ

গোলাঘাটত অনুষ্ঠিত হ’ব অসম ভলীবল সন্থা নতুন সমিতি ৷ অহা 3 নৱেম্বৰত অনুষ্ঠিত হ’ব অসম ভলীবল সন্থাৰ সাধাৰণ সভাখন ৷ আগন্তুক চাৰিবছৰীয়া কাৰ্যকালৰ বাবে গঠন হ’ব নতুন সমিতি ৷ এক সংবাদমেলত এই কথা সদৰী কৰে গোলাঘাট জিলা ক্ৰীড়া সন্থাই ৷

3 নৱেম্বৰত অসম ভলীবল সন্থাৰ সাধাৰণ সভা
author img

By

Published : Oct 31, 2019, 7:08 PM IST

গোলাঘাট, 31 অক্টোবৰ: গোলাঘাটত অনুষ্ঠিত হ’ব অসম ভলীবল সন্থাৰ সাধাৰণ সভা । অহা 3 নৱেম্বৰত গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহ আৰু খেলপথাৰত অনুষ্ঠিত হ’ব এই সভা । ৰাজ্যখনৰ 30 খন ভলীবল সন্থাই অংশগ্ৰহণ কৰিবলগীয়া অনুষ্ঠানটোৰ কথা এক সংবাদমেল যোগে গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ বিষয় ববীয়াই প্ৰকাশ কৰে ।

ইতিমধ্যে এই সাধাৰণ সভা অনুষ্ঠিত কৰাৰ উদ্দেশ্য়ে গোলাঘাট ক্ৰীড়া সন্থাৰ খেলপথাৰ আৰু চাৰিওদিশ সজাই পৰাই তোলা হৈছে । অসম ভলীবল সন্থাৰ প্ৰতিজন প্ৰতিনিধিক আদৰিবলৈ সাজু হৈছে গোলাঘাট জিলা ক্ৰীড়া সন্থা । অসমৰ ক্ৰীড়া জগতক এক নতুন ৰূপ দিয়াৰ উদ্দেশ্য ভলীবল সন্থাৰ সাধাৰণ সভা আয়োজন কৰিছে গোলাঘাট জিলা ক্ৰীড়া সন্থাই ।

গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ সংবাদমেল

আনহাতে গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰখন বিচিচিআইৰ অধীনলৈ যোৱা বুলিও প্ৰকাশ কৰিছে সন্থাটোৱে । ৰঞ্জী ট্ৰফীত নতুনকৈ সংযোজিত হোৱা 'নাগালেণ্ড ক্ৰিকেট দল'টোৱে ব্যৱহাৰৰ বাবে খেলপথাৰখন চুক্তিবদ্ধ কৰিছে বিচিচিআইয়ে । যাৰ বাবে বিচিচিআই অধীন নাগালেণ্ড ক্ৰিকেট সন্থাই খেলপথাৰখনত নিজৰ পুঁজিৰ দ্বাৰা বিভিন্নধৰণৰ মেৰামতি কাৰ্য চলাই আহিছে । ইতিমধ্যে, নাগালেণ্ড ক্ৰিকেট সন্থাইয়ে কেবাখনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল অনুষ্ঠিত কৰিছে গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ এই খেলপথাৰতে ।

Intro:গোলাঘাটত ৩ নৱেম্বৰত অনুষ্ঠিত হব অসম ভলীবল সন্থাৰ সাধাৰণ সভা। আগন্তুক চাৰিবছৰীয়া কাৰ্যকালৰ বাবে গঠন হব নতুন সমিতি। গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ সংবাদ মেলত এই কথা সদৰী।

Body:গোলাঘাটত অনুষ্ঠিত হব অসম ভলীবল সন্থাৰ সাধাৰণ সভা। অহা ৩ নৱেম্বৰত গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ প্ৰক্ষাগৃহ আৰু খেলপথাৰত অনুষ্ঠিত হব এই সাধাৰণ সভা। ৰাজ্যখনৰ ৩০খন ভলীবল সন্থাই অংশগ্ৰহণ কৰিব এই সাধাৰণ সভাত। গোলাঘাট জিলা ক্ৰীড়া সন্থাই এক সংবাদ মেল যোগে এই কথা জানিবলৈ দিয়ে। গোলাঘাট ক্ৰীড়া সন্থাৰ খেলপথাৰ আৰু চাৰিও দিশ ইতিমধ্যে সজাই পৰাই তোলা হৈছে। সুন্দৰ পৰিৱেশ আৰু আন্ত:গাঠনিৰে ভৰপূৰ খেলপথাৰক লৈ গৌৰৱ অনুভৱ কৰে গোলাঘাট জিলা ক্ৰীড়া সন্থাই। অসম ভলীবল সন্থাৰ প্ৰতিজন প্ৰতিনিধিক আদৰিবলৈ সাজু হৈছে গোলাঘাট জিলা ক্ৰীড়া সন্থাই। গোলাঘাট জিলা ক্ৰীড়া সন্থাই অসমৰ ক্ৰীড়া জগতক এক নতুন ৰূপ দিয়াৰ উদ্দেশ্য এই ভলীবল সন্থাৰ সাধাৰণ সভা আয়োজন কৰিছে। ইয়াৰ উপৰিও গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰখন BCCIৰ অধীনলৈ যোৱাত সুখী অনুভৱ কৰিছে সকলোৱে। নাগালেণ্ডও ব্যৱহাৰ কৰিব পাৰিব এই খেলপথাৰখন। সেইগতিকে নাগালেণ্ড ও খেলপথাৰখনত নিজৰ পুঁজিৰ দ্বাৰা বিভিন্ন কাম কৰোৱাই আছে। ইতিমধ্যে নাগালেণ্ড ক্ৰিকেট সন্থাইয়ে কেইবাখনো আন্তৰাষ্ট্ৰীয় খেল অনুষ্ঠিত কৰিছে গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত।

Conclusion:byte 1:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.