গুৱাহাটী, 10 জানুৱাৰীঃ খেল’ ইণ্ডিয়াৰ জ্বৰত এতিয়া আক্ৰান্ত অসমবাসী ৷ আনুষ্ঠানিকভাৱে 10 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব খেল’ ইণ্ডিয়াৰ তৃতীয় সংস্কৰণ ৷ ইতিমধ্যে আৰম্ভ হৈছে খেল’ ইণ্ডিয়া যুৱ গেমছ 2020 ৰ কাবাডীৰ লীগ মেচ সমূহ ৷ অৱশ্যে অসম ক্ৰীড়াপ্ৰেমী জনতাৰ বাবে দুঃখবৰ ৷ আৰম্ভণি কাবাডী লীগ মেচৰ সকলো শাখাতে শোচনীয় পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে ঘৰুৱা দলটো ৷
‘গ্ৰুপ এ’ পুৰুষ 17 অনুৰ্ধ্ব মেচত হাৰিয়ানাৰ হাতত 63-18 ব্যৱধানত, ‘গ্ৰুপ বি’ মহিলাৰ 17 অনুৰ্ধ্ব মেচত ছত্তিশগড়ৰ হাতত 30-17 ব্যৱধানত পৰাস্ত হয় অসম ৷
আনহাতে ‘গ্ৰুপ এ’ পুৰুষ 21 অনুৰ্ধ্ব মেচত চণ্ডিগড়ৰ হাতত 54-33 ব্যৱধানত, মহিলা 21 অনুৰ্ধ্ব মেচত হিমাচল প্ৰদেশৰ হাতত 40-20 ব্যৱধানত পৰাজয়ৰ সন্মুখীন হয় অসম দলটো ৷
এই প্ৰতিযোগিতাত 656 গৰাকী প্ৰতিনিধিত্বৰে দ্বিতীয় সৰ্ববৃহৎ অসম দলটোৰ শ্বাটলাৰ অস্মিতা চলিহা, বক্সাৰ আংকুচিতা বড়ো, লাভলীনা বৰগোঁহাই, যমুনা বড়ো আদি খেলুৱৈৰ পৰা পদক লাভ কৰাৰ আশা কৰিব অসমে ৷ এই প্ৰতিযোগিতাৰ সৰ্ববৃহৎ দলটো হৈছে মহাৰাষ্ট্ৰ ৷ মহাৰাষ্ট্ৰৰ মুঠ 751 গৰাকী এথলিটে অংশগ্ৰহণ কৰিব এই প্ৰতিযোগিতাত ৷
-
The 3rd edition of the #KheloIndiaYouthGames2020 starts in Guwahati tomorrow with a grand Opening Ceremony. Catch 2 weeks of non stop sporting action as India's young athletes compete in the biggest sporting event of the country! @KirenRijiju @RijijuOffice @Media_SAI @kheloindia pic.twitter.com/DPRnRpww8D
— Bajrang Punia 🇮🇳 (@BajrangPunia) January 9, 2020 " class="align-text-top noRightClick twitterSection" data="
">The 3rd edition of the #KheloIndiaYouthGames2020 starts in Guwahati tomorrow with a grand Opening Ceremony. Catch 2 weeks of non stop sporting action as India's young athletes compete in the biggest sporting event of the country! @KirenRijiju @RijijuOffice @Media_SAI @kheloindia pic.twitter.com/DPRnRpww8D
— Bajrang Punia 🇮🇳 (@BajrangPunia) January 9, 2020The 3rd edition of the #KheloIndiaYouthGames2020 starts in Guwahati tomorrow with a grand Opening Ceremony. Catch 2 weeks of non stop sporting action as India's young athletes compete in the biggest sporting event of the country! @KirenRijiju @RijijuOffice @Media_SAI @kheloindia pic.twitter.com/DPRnRpww8D
— Bajrang Punia 🇮🇳 (@BajrangPunia) January 9, 2020
বৃহস্পতিবাৰৰ পৰা কিছু খেলৰ আৰম্ভণি হোৱা খেল‘ ইণ্ডিয়া যুৱ গেমছ 2020 ৰ আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠান শুকুৰবাৰে সন্ধিয়া 6 বজাত অনুষ্ঠিত হ’ব ইণ্ডিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত ৷ পূৰ্বতে এই উদ্বোধনী অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত হোৱাৰ কথা আছিল যদিও অসমৰ শেহতীয়া পৰিস্থিত প্ৰতি লক্ষ্য ৰাখিয়ে এই ভ্ৰমণ সূচী বাতিল কৰা হৈছে ৷
- লগতে চাওক-পুনৰ বিতৰ্কত অসম ক্ৰিকেট সন্থা !