স্পৰ্টছ ডেস্ক, 19 আগষ্ট: অসমৰ ক্ৰীড়াজগতলৈ সুঃখবৰ ৷ লাভলীনা বৰগোহাঁইলৈ সন্মানীয় অর্জুন বঁটা ৷ ভাৰতীয় ক্ৰীড়া মন্ত্ৰণালয়ে ঘোষণা কৰা অর্জুন বঁটাত গোলাঘাটৰ বৰপথাৰৰ তৰকা বক্সাৰগৰাকীয়ে স্থান লাভ কৰিবলৈ সক্ষম হয় ৷ 2018 আৰু 2019 মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত 2 টাকৈ ব্ৰঞ্জৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে 23 বছৰীয়া লাভলীনাক সন্মানীয় অর্জুন বঁটাৰ বাবে নিৰ্বাচিত কৰা হয় ৷ দেশৰ 29 গৰাকী খেলুৱৈৰ মাজত অৰ্জুন বঁটা লাভ কৰিবলৈ সক্ষম হোৱা অন্যতম খেলুৱৈ হৈছে লাভলীনা ৷
উল্লেখ্যনীয় যে, টকিঅ’ অলিম্পিকলৈ যোগ্যতা অর্জন কৰা অসমৰ প্ৰথমগৰাকী মহিলা ক্ৰীড়াবিদ হৈছে লাভলীনা ৷ বিশ্ব ৰেংকিঙত ভাৰতৰ প্ৰতিভাৱান খেলুৱৈগৰাকী বৰ্তমানে তৃতীয় ৰেংকিঙত অধিষ্ঠিত হৈ আছে ৷
ইফালে, অসম জীয়ৰী লাভলীনাৰ অর্জুন বঁটা সুনিশ্চিত হোৱাৰ পাচতেই অসমৰ ক্ৰীড়াপ্ৰেমীৰ মাজত ব্যাপক উচাহ পৰিলক্ষিত হয় ৷ অহা 29 আগষ্ট অৰ্থাৎ ‘‘ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস’’ৰ দিনা ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব এই সন্মান ৷
লগতে চাওক-কোহলী বনাম তেণ্ডুলকাৰৰ 12 বছৰীয়া আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পাৰিসাংখ্যিক তুলনা