ETV Bharat / sports

চেক গণৰাজ্যলৈ সাজু অসমৰ তিনি খেলুৱৈ

ড0 টি. আও ক্ৰীড়াংগন খেলপথাৰত এতিয়া জোৰদাৰ অনুশীলনত নামিছে অসমৰ তিনিগৰাকীকৈ ফ্ল'ৰ বল খেলুৱৈ ৷ 8 আগষ্টৰ পৰা 12 আগষ্টলৈ চেক গণৰাজ্যত অনুষ্ঠিত হ’ব ফ্ল'ৰ বল প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব 17 খন ৰাষ্ট্ৰই ৷

author img

By

Published : Jul 3, 2019, 4:46 AM IST

চেক গণৰাজ্যলৈ সাজু অসমৰ তিনি খেলুৱৈ

কলিয়াবৰ, 3 জুলাইঃ ঢাকাত পেচা প'ল প্ৰতিযোগিতাৰ পিচতে ফ্ল'ৰ বল প্ৰতিযোগিতাৰ বাবে চেক গণৰাজ্যলৈ ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সাজু হৈছে কলিয়াবৰৰ তিনি খেলুৱৈ ৷ অসমৰ প্ৰথমজন অলিম্পিয়ানৰ স্মৃতিৰ একমাত্ৰ স্থল ড0 টি. আও ক্ৰীড়াংগত চলাইছে জোৰদাৰ অনুশীলন ৷ 17 খন ৰাষ্ট্ৰই অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতা চলিব 8 আগষ্টৰ পৰা 12 আগষ্টলৈ ৷

চেক গণৰাজ্যলৈ সাজু অসমৰ তিনি খেলুৱৈ

কিন্তু নানান সমস্যাৰে ভাৰাক্ৰান্ত কলিয়াবৰৰ ক্ৰীড়া ক্ষেত্ৰ ৷ অসমৰ প্ৰথমজন অলিম্পিয়ানৰ স্মৃতিৰ একমাত্ৰ স্থল ড0 টি. আও ক্ৰীড়াংগন খেলপথাৰৰ এতিয়া চৰম দুৰাৱস্থা ৷ ফ্ল'ৰ বলৰ খেল পথাৰৰ অভাৱত অনুশীলন চলাইছে জৰাজীৰ্ণ বাস্কেট বল কৰ্টত ৷ উল্লেখ্য যে, কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ নাগশঙ্কৰ স্থিত ড0 টি. আও গ্ৰাম‍্য ক্ৰীড়াংগন আনুষ্ঠানিকভাবে উদ্বোধন কৰিছিল ২০০১ চনৰ মাৰ্চ মাহৰ ১১ তাৰিখে তদানীন্তন অসমৰ ৰাজ‍্যপাল লে. জে. (অৱসৰপ্ৰাপ্ত) এচ. কে. সিনহাই । অসমৰ প্ৰথমজন 'অৰ্জুন' দৌৰবিদ ভোগেশ্বৰ বৰুৱাই নিজ নামেৰে নামাকৰণ কৰিছিল পেভিলিয়নৰ ।

যোৱা ২০১৭, আগষ্ট মাহৰ সংহাৰী বানে ষ্টেডিয়ামখনৰ ব‍্যাপক ক্ষতি সাধনৰ পিচতো যোৱা দুবছৰে ষ্টেডিয়ামখনৰ কোনোধৰণৰ নিৰ্মাণৰ ব‍্যৱস্থা নকৰিলে । তৎস্বত্বেও সদৌ অসম আন্তঃ ক্লাৱ ফুটবল অনুষ্ঠিত কৰা হৈছে এই ষ্টেডিয়ামতে ।

যোৱা বাজেটত নিৰ্দ্ধাৰিত বিধায়কৰ "চিগনেচাৰ আঁচনি"ৰ ১০ কোটি টকাৰ সমূদায় ধন ড0 টি. আও গ্ৰাম‍্য ক্ৰীড়াংগনৰ পুণৰ নিৰ্মাণ আৰু আধুনিকীকৰণৰ নামত আৱণ্টিত কৰা হৈছিল । অসমৰ বিত্ত মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপনৰ কথা আছিল যদিও যোৱা বছৰৰ নৱেম্বৰত হোৱা ঢলা-শদিয়াৰ খেৰবাৰী হত‍্যাকাণ্ডৰ বাবে শেষ মূহুৰ্তত সেই অনুষ্ঠান বাতিল হোৱাৰ পিচত আজিলৈকে সেই কাম আগ নাবাঢ়িল ।

পেচা প'ল', ফ্লৰ বল, পিক্‌ল বল খেলত ইতিমধ‍্য অসমৰ হৈ কলিয়াবৰৰ খেলুৱৈ সুনাম অৰ্জন কৰিছে । যোৱা মে' মাহত ঢাকাত হোৱা এছিয়ান পেচা প'ল' চেম্পিয়নশ্বিপত কলিয়াবৰৰ মুঠ ৯ গৰাকী খেলুৱৈয়ে প্ৰতিনিধিত্ব কৰিছিল । ফ্ল'ৰ বলৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে । মহাৰাষ্ট্ৰত হোৱা ৰাষ্ট্ৰীয় ফ্ল'ৰ বলত সুন্দৰ ক্ৰীড়া শৈলী প্ৰদৰ্শন কৰাৰ বাবে কলিয়াবৰৰ তিনিগৰাকী খেলুৱৈয়ে অহা আগষ্ট মাহৰ ৮ তাৰিখৰ পৰা চেক গণৰাজ্যৰ প্ৰাগত অনুষ্ঠিত হ'বলগীয়া আন্তঃ ৰাষ্ট্ৰীয় ফ্ল'ৰ বল ফেডাৰেচন কাপত অংশ গ্ৰহণ কৰিব । আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, জাৰ্মানী, জাপান আদিকে ধৰি মুঠ সোঁতৰখন দেশে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ।

ৰাষ্ট্ৰীয় দললৈ নিৰ্বাচিত হোৱা তিনি খেলুৱৈ হৈছে পঞ্চানন বৰা, প্ৰিয়ম বৰা আৰু জোনাক মহন্ত৷ ইতিমধ্যে ২৬ জুলাইৰ পৰা ডেৰাডুনত হ'বলগীয়া ৰাষ্ট্ৰীয় প্ৰশিক্ষণ শিবিৰত যোগ দিবলৈ প্ৰস্তুতি তুংগত ৰাখিছে তিনিখেলুৱৈয়ে ।

Intro:সমস‍্যাৰে ভাৰাক্ৰান্ত কলিয়াবৰৰ ক্ৰীড়া ক্ষেত্ৰ
তথাপিও ৰুদ্ধ হোৱা নাই কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ গতি

বানে গৰকা ড° টি. আও ক্ৰীড়াঙ্গনতে হৈছে বিভিন্ন খেলৰ অনুশীলন
অসমৰ প্ৰথমজন অলিম্পিয়ানৰ স্মৃতিৰ একমাত্ৰ স্থলৰ এতিয়া দুৰৱস্থা

তাৰ মাজতে প্ৰতিনিধিত্ব কৰিছে ৰাষ্ট্ৰীয় আন্তঃ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত
ঢাকা পেচা প'ল প্ৰতিযোগিতাৰ পিচত চেক গণৰাজ‍্যলৈ সাজু কলিয়াবৰৰ তিনি ফ্ল'ৰ বল প্ৰতিযোগিতালৈ

৮ আগষ্টৰ পৰা ১২ আগষ্টলৈ এই প্ৰতিযোগিতা, অংশগ্ৰহণ কৰিব ১৭ খন ৰাষ্ট্ৰই

তিনি খেলুৱৈৰ চেম্পিয়নশ্বিপলৈ প্ৰস্তুতি চলিছে
ফ্ল'ৰ বলৰ খেল পথাৰৰ অভাৱত অনুশীলন চলিছে জৰা-জীৰ্ণ বাস্কেট বল কৰ্টতেBody:কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ নাগশঙ্কৰ স্থিত ড° টি. আও গ্ৰাম‍্য ক্ৰীড়াঙ্গন আনুষ্ঠানিকভাবে উদ্ধোধন কৰিছিল ২০০১ চনৰ মাৰ্চ মাহৰ ১১ তাৰিখে তদানীন্তন অসমৰ ৰাজ‍্যপাল লে. জে. (অৱসৰপ্ৰাপ্ত) এচ. কে. সিনহাই। অসমৰ প্ৰথমজন 'অৰ্জুন' দৌৰবিদ ভোগেশ্বৰ বৰুৱাই নিজ নামেৰে নামাকৰণ কৰা পেভিলিয়ন। সমগ্ৰীকভাবে ক্ৰীড়াঙ্গনখন প্ৰতিষ্ঠাত তদানীন্তন অসমৰ উদ‍্যগ মন্ত্ৰী গুণীন।হাজৰিকাৰ অৱদান উল্লেখনীয় আছিল।
বিভিন্ন অভাৱ-অভিযোগৰ মাজেৰে জিলা ক্ৰীড়া সন্থাই পঞ্জীকৃত ক্লাৱসমূহৰ মাজত ফুটবল, ক্ৰিকেট, ভলীবল, বেডমিণ্টন আদি খেলৰ বাৰ্ষিক প্ৰতিযোগিতাসমূহ আয়োজন কৰাৰ লগতে আন্তঃ জিলা প্ৰতিযোগিতাসমূহত কলিয়াবৰৰ পৰা প্ৰতিনিধিত্বৰ ধাৰাটো অব‍্যাহত ৰাখিছে। কিন্তু যোৱা ২০১৭, আগষ্ট মাহৰ সংহাৰী বানে ষ্টেডিয়ামখনৰ ব‍্যাপক ক্ষতি সাধনৰ পিচত যোৱা দুবছৰে পুণৰনিৰ্মাণৰ নামত কোনোধৰণৰ ব‍্যৱস্থা চকুত পৰা নাই। তৎস্বত্বেও সদৌ অসম আন্তঃ ক্লাৱ ফুটবল অনুষ্ঠিত হয়। ক্লাৱ লীগ ক্ৰিকেট-ফুটবল এই ষ্টেডিয়ামতে অনুষ্ঠিত কৰি আহিছে। যোৱা বাজেটত নিৰ্দ্ধাৰিত বিধায়কৰ "চিগনেচাৰ আঁচনি"ৰ ১০ কোটি টকাৰ সমূদায় ধন ড° টি. আও গ্ৰাম‍্য ক্ৰীড়াঙ্গনৰ পুণৰনিৰ্মাণ আৰু আধুনিকীকৰণৰ নামত আৱণ্টিত হৈছিল। সেই উদ্দেশ‍্যে অসমৰ বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপনৰ কথা আছিল যদিও যোৱা বছৰৰ নৱেম্বৰত হোৱা ঢলা-শদিয়াৰ খেৰবাৰী হত‍্যাকাণ্ডৰ বাবে শেষ মূহুৰ্তত সেই অনুষ্ঠান বাতিল হোৱাৰ পিচত আজিলৈকে সেই কাম আগ নাবাঢ়িল।
বৰ্তমান কলিয়াবৰ অলিম্পিকত অন্তৰ্ভূক্ত নোহোৱা খেলৰো কেন্দ্ৰ ৰূপে চিহ্নিত হৈছে। পেচা প'ল', ফ্লৰ বল, পিক্‌ল বল খেলত ইতিমধ‍্যে অসমৰ হৈ কলিয়াবৰৰ খেলুৱৈ সুনাম অৰ্জন কৰিছে। যোৱা মে' মাহত ঢাকাত হোৱা এচিয়ান পেচা প'ল' চেম্পিয়নশ্বিপত কলিয়াবৰৰ মুঠ ৯ গৰাকী খেলুৱৈয়ে প্ৰতিনিধিত্ব কৰিছিল।
ফ্ল'ৰ বলৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমে এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছে। মাজখিনিতে অসম দলৰ হৈ মহাৰাষ্ট্ৰত হোৱা ৰাষ্ট্ৰীয় ফ্ল'ৰ বলত সুন্দৰ ক্ৰীড়া শৈলী প্ৰদৰ্শনৰ বাবে কলিয়াৰ তিনিগৰাকী খেলুৱৈয়ে অহা আগষ্ট মাহৰ ৮ তাৰিখৰ পৰা চেক গণৰাজ‍্যৰ প্ৰাগত অনুষ্ঠিত হ'বলগীয়া আন্তঃ ৰাষ্ট্ৰীয় ফ্ল'ৰ বল ফেডাৰেচন কাপত অংশ গ্ৰহণ কৰিব। আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, জাৰ্মানী, জাপান আদিকে ধৰি মুঠ সোতৰখন দেশে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। খেলৰ প্ৰস্তুতিৰ বাবে ড° টি. আও গ্ৰাম‍্য ক্ৰীড়াঙ্গনত সীমিত সুবিধাৰ মাজতে ৰাষ্ট্ৰীয় দললৈ নিৰ্বাচিত হোৱা পঞ্চানন বৰা, প্ৰিয়ম বৰা আৰু জোনাক মহন্তই ২৬ জুলাইৰ পৰা ডেৰাডুনত হ'ব লগীয়া ৰাষ্ট্ৰীয় প্ৰশিক্ষণ শিৱিৰত যোগ দিবলৈ প্ৰস্তুতি চলাই আছে। কলিয়াবৰৰ নগণ‍্যসংখ‍্যক ক্ৰীড়াপ্ৰেমীৰ সহযোগিতাৰ ফলত কলিয়াবৰৰ উঠি অহা প্ৰজন্মৰ খেলুৱৈসকলে একপ্ৰকাৰ নিজকে প্ৰস্তুত কৰাৰ প্ৰেৰণা লাভ কৰিবলৈ সক্ষম হৈছে
কলিয়বৰ জিলা ক্ৰীড়া সন্থাৰ বৰ্তমানৰ সভাপতি ৰাজ‍্যৰ জল সম্পদ মন্ত্ৰী তথা স্থানীয় বিধায়ক হোৱা স্বত্বেও ক্ৰীড়াঙ্গনখনে প্ৰাপ‍্য সুবিধাৰ পৰা বঞ্চিত হৈ থকাতোত কলিয়াবৰৰ ক্ৰীড়া সচেতন ব‍্যক্তিয়ে আশ্চৰ্য‍্য প্ৰকাশ কৰিছে। বিভিন্ন অভাৱ অভিযোগৰ বিষয়ে 'ই টিভি ভাৰত'ক অৱগত কৰে ক্ৰীড়া সন্থাৰ সম্পাদক কুসুম ডেকাই।Conclusion:visuals
bites
kusum deka - 2
jonak mahanta - 1
priyom bora - 1
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.