ETV Bharat / sports

এছিয়ান মল্লযুঁজ ছেম্পিয়নশ্বিপত বিনেশ, সাক্ষীৰ ব্ৰঞ্জ

এছিয়ান মল্লযুঁজ ছেম্পিয়নশ্বিপত জয়ৰ ধাৰা অব্যাহত ৰাখিছে ভাৰতৰ মল্লযুঁজাৰু বিনেশ ফোগট আৰু সাক্ষী মালিকে ৷ চীনৰ জিয়ানত অনুষ্ঠিত হোৱা শুকুৰবাৰৰ মেচত দুয়োগৰাকী খেলুৱৈয়ে ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হয় ৷

author img

By

Published : Apr 27, 2019, 1:19 PM IST

VINESH PHOGAT

নিউজ ডেস্ক, 27 এপ্ৰিল: এছিয়ান গেমছৰ স্বৰ্ণজয়ী ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফোগট আৰু ৰিঅ' অলিম্পিকৰ ব্ৰঞ্জ পদকজয়ী সাক্ষী মালিকে এছিয়ান মল্লযুঁজ ছেম্পিয়নশ্বিপ, 2019 ত ব্ৰঞ্জ পদক দখল কৰিছে ৷ উল্লেখ্য যে, টকিঅ' অলিম্পিকৰ পূৰ্বে 50 কে. জি. শাখাৰ পৰা 53 কে. জি. শাখালৈ স্থানান্তৰিত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে 2018 বৰ্ষৰ কমনৱেলথ গেমছৰ স্বৰ্ণ পদক জয়ী বিনেশ ফোগটে ৷ চীনৰ জিয়ানত অনুষ্ঠিত হোৱা শুকুৰবাৰৰ ব্ৰঞ্জ পদক দখলৰ মেচত ভাৰতীয় তাৰকা খেলুৱৈগৰাকীয়ে চীনৰ পেঙক 8 - 1 ত পৰাস্ত কৰে ৷

আন এগৰাকী মল্লযুঁজাৰু সাক্ষী মালিকে কোৰিয়াৰ জীয়াই চইক 11 - 0 ছেটত পৰাস্ত কৰি ব্ৰঞ্জ পদক দখল কৰিবলৈ সক্ষম হয় ৷ তেওঁলোকৰ উপৰিও পূজা ধান্দা (57 কে.জি.) আৰু নৱজ্যোত কৌৰে (65 কে. জি.) ছেমি ফাইনেলত পৰাস্ত হৈ শুদা হাতেৰে উভটিব লগা হয় ৷ শনিবাৰে অনুষ্ঠিত হ'বলগীয়া পৰৱৰ্তী মেচত মঞ্জিত (55 কে.জি.), বিক্ৰম কুমাৰ (63 কে.জি. ), গুৰপ্ৰীত সিং (77 কে.জি.), সুনীল কুমাৰ (87 কে.জি.) আৰু প্ৰেম কুমাৰে (130 কে.জি.) অংশগ্ৰহণ কৰিব ৷

ASIAN WRESTLING C'SHIPS:VINESH, SAKSHI SETTLE FOR BRONZE

এছিয়ান মল্লযুঁজ ছেম্পিয়নশ্বিপত বিনেশ, সাক্ষীৰ ব্ৰঞ্জ

নিউজ ডেস্ক, 27 এপ্ৰিল: এছিয়ান গেমছৰ স্বৰ্ণজয়ী ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফোগট আৰু ৰিঅ' অলিম্পিকৰ ব্ৰঞ্জ পদকজয়ী সাক্ষী মালিকে এছিয়ান মল্লযুঁজ ছেম্পিয়নশ্বিপ, 2019 ত ব্ৰঞ্জ পদক দখল কৰিছে ৷ উল্লেখ্য যে, টকিঅ' অলিম্পিকৰ পূৰ্বে 50 কে. জি. শাখাৰ পৰা 53 কে. জি. শাখালৈ স্থানান্তৰিত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে 2018 বৰ্ষৰ কমনৱেলথ গেমছৰ স্বৰ্ণ পদকজয়ী বিনেশ ফোগটে ৷ চীনৰ জিয়ানত অনুষ্ঠিত হোৱা শুকুৰবাৰৰ ব্ৰঞ্জ পদক দখলৰ মেচত ভাৰতীয় তাৰকা খেলুৱৈগৰাকীয়ে চীনৰ পেঙক 8 - 1 ত পৰাস্ত কৰে ৷ 

আন এগৰাকী মল্লযুঁজাৰু সাক্ষী মালিকে কোৰিয়াৰ জীয়াই চইক 11 - 0 ছেটত পৰাস্ত কৰি ব্ৰঞ্জ পদক দখল কৰিবলৈ সক্ষম হয় ৷ তেওঁলোকৰ উপৰিও পূজা ধান্দা (57 কে.জি.) আৰু নৱজ্যোত কৌৰে (65 কে. জি.) ছেমি ফাইনেলত পৰাস্ত হৈ শুদা হাতেৰে উভটিব লগা হয় ৷ শনিবাৰে অনুষ্ঠিত হ'বলগীয়া পৰৱৰ্তী মেচত মঞ্জিত (55 কে.জি.), বিক্ৰম কুমাৰ (63 কে.জি. ), গুৰপ্ৰীত সিং (77 কে.জি.), সুনীল কুমাৰ (87 কে.জি.) আৰু প্ৰেম কুমাৰে (130 কে.জি.) অংশগ্ৰহণ কৰিব ৷ 
VineshPhogat_apr26.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.