স্পৰ্টছ ডেস্ক, 7 মাৰ্চ: শনিবাৰে এছিয়ান অলিম্পিক যোগ্যতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক বিজয়ী ভাৰতীয় বক্সাৰ অমিত পংঘালে ৷ 52 কিলোগ্ৰাম শাখাত 3-2ৰ ব্যৱধানত মংগোলীয়ৰ ইনখ্মানডাখ খাৰখুও (Enkhmandakh Kharkhuu) ক পৰাস্ত কৰি এই সফলতা অৰ্জন কৰে খেলুৱৈগৰাকীয়ে ৷ মেচখনত 30-27, 29-28, 28-29, 28-29, 29-28ৰ ব্যৱধানত জয়ী হয় পংঘাল ৷
-
Amit Tested!
— Boxing Federation (@BFI_official) March 7, 2020 " class="align-text-top noRightClick twitterSection" data="
Experienced @Boxerpanghal pulled off a close win over Mongolian Enkhmanadakh Kharkhu with a split verdict (3:2) to reach the quarter-finals of the #OlympicQualifiers. 1⃣ step away from the #Tokyo2020 ticket. #PunchMeinHaiDum#boxing#Olympics pic.twitter.com/PP0CwKXjwj
">Amit Tested!
— Boxing Federation (@BFI_official) March 7, 2020
Experienced @Boxerpanghal pulled off a close win over Mongolian Enkhmanadakh Kharkhu with a split verdict (3:2) to reach the quarter-finals of the #OlympicQualifiers. 1⃣ step away from the #Tokyo2020 ticket. #PunchMeinHaiDum#boxing#Olympics pic.twitter.com/PP0CwKXjwjAmit Tested!
— Boxing Federation (@BFI_official) March 7, 2020
Experienced @Boxerpanghal pulled off a close win over Mongolian Enkhmanadakh Kharkhu with a split verdict (3:2) to reach the quarter-finals of the #OlympicQualifiers. 1⃣ step away from the #Tokyo2020 ticket. #PunchMeinHaiDum#boxing#Olympics pic.twitter.com/PP0CwKXjwj
পৰৱৰ্তী মেচত 2019 বৰ্ষৰ দক্ষিণ-পশ্চিম এছিয়ান গেমছৰ ফিলিপাইনৰ স্বৰ্ণ জয়ী কাৰ্ল’ পালামৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ভাৰতীয় বক্সাৰগৰাকী ৷ এতিয়া কোৱাৰ্টাৰ ফাইনেলত জয় লাভ কৰিলেই 2020ত জাপানত অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হ’ব অমিত পংঘাল ৷
ইয়াৰ পূৰ্বে খাৰখুওৰ বিৰুদ্ধে ৱৰ্ল্ড মিলিটেৰি গেমছ 2019 ত মুখামুখি হৈছিল অমিত ৷ য’ত 5-0 ব্যৱধানত পৰাজয়বৰণ কৰিবলগীয়া হৈছিল ভাৰতীয় খেলুৱৈগৰাকী ৷
লগতে চাওক- খেল’ ইণ্ডিয়া মঞ্চৰ পৰা বহুকেইটা ঘোষণা ক্ৰীড়ামন্ত্ৰীৰ