নিউজ ডেস্ক, 22 এপ্ৰিল: দ'হাত অনুষ্ঠিত হোৱা এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপৰ প্ৰথম দিনাই সুন্দৰ আৰম্ভণি কৰিছে ভাৰতীয় দলে ৷ প্ৰথম দিনৰ খেলত ভাৰতৰ হৈ 15:36:03 মিনিটত 5000 মিটাৰ দৌৰ সমাপ্ত কৰি ব্ৰঞ্জৰ পদক দখল কৰে পাৰুল চৌধাৰীয়ে ৷ প্ৰতিযোগিতাৰ এই শাখাত স্বৰ্ণ আৰু ৰূপৰ পদক দখল কৰে বাহৰেইনৰ খেলুৱৈয়ে ৷ তেওঁৰ উপৰিও জেভলিন থ্ৰ'ত অনু ৰাণীয়ে 60:22 মিটাৰেৰে ৰূপৰ পদক দখল কৰে ৷

উল্লেখ্য যে, ভাৰতীয় দৌৰবিদ দুতি চান্দে 100 মিটাৰ দৌৰত নিজৰে অভিলেখ ভংগ কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছে ৷ কিন্তু 400 মিটাৰ দৌৰত ভাৰতৰ হৈ হিমা দাসে পদক দখলত ব্যৰ্থ হয় ৷ পিঠিৰ বিষত আক্ৰান্ত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'বলগীয়া হ'ল খেলুৱৈগৰাকী ৷