ETV Bharat / sports

বিশ্ব যুৱ দবা প্ৰতিযোগিতাত সোণৰ পদক 14 বছৰীয়া প্ৰজ্ঞানন্দৰ

মুম্বাইত অনুষ্ঠিত হোৱা 18 অনুৰ্ধ আন্তঃৰাষ্ট্ৰীয় দবা প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় ভাৰতৰ আৰ. প্ৰজ্ঞানন্দই ৷ মাত্ৰ 14 বছৰীয়া কিশোৰজনে প্ৰতিযোগিতাখনত 11ৰ ভিতৰত 9 পইন্ট অৰ্জন কৰি খিতাপ দখল কৰিবলৈ সক্ষম হয় ৷

গ্ৰেণ্ডমাষ্টাৰ আৰ. প্ৰজ্ঞানন্দ
author img

By

Published : Oct 13, 2019, 3:48 PM IST

স্পৰ্টছ ডেস্ক, 13 অক্টোবৰঃ মাত্ৰ 14 বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় দবা প্ৰতিযোগিতাৰ চূড়ান্ত খিতাপ দখল কৰি গ্ৰেণ্ডমাষ্টাৰৰ সন্মান শিৰত ল'বলৈ সক্ষম হৈছে এগৰাকী ভাৰতীয়ই ৷ চেন্নাইৰ বাসিন্দা এইগৰাকী কিশোৰ হৈছে আৰ. প্ৰজ্ঞানন্দ ৷

জাৰ্মানীৰ ভালেনটিন বাকেলছৰ বিৰুদ্ধে 11ৰ ভিতৰত 9 পইন্ট অৰ্জন কৰি তালিকাৰ শীৰ্ষস্থান দখল কৰে গ্ৰেণ্ডমাষ্টাৰগৰাকীয়ে ৷ ইয়াৰ দ্বাৰাই 18 অনুৰ্ধ শাখাত সোণৰ পদক অৰ্জন কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনে 14 বছৰীয়া প্ৰজ্ঞানন্দই ৷

মুম্বাইত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত ভাৰতে সৰ্বমুঠ 7টা পদক দখল কৰিবলৈ সক্ষম হয় ৷ ভাৰতৰ হৈ পদক অৰ্জন কৰা আনকেইগৰাকী খেলুৱৈ হৈছে, এল. আৰ. শ্ৰীহৰি (অনুৰ্ধ 14 বছৰ শাখা), বন্তিকা আগৰৱাল (অনুৰ্ধ 16 ছোৱালী শাখা), এছ. মাৰালাক্ষীকাৰি, আৰণ্যক ঘোষ, দিব্যা দেশমুখ আৰু ৰক্ষিতা ৰভী ৷

উল্লেখ্য যে, প্ৰতিযোগিতাখনৰ ছটাকৈ শিতানত পদক দখল কৰিবলৈ সক্ষম হোৱা একমাত্ৰ ভাৰতীয় খেলুৱৈ হৈছে আৰ. প্ৰজ্ঞানন্দ ৷ মাত্ৰ 14 বৰ্ষতে বিশ্ববাসীৰ আগত উজলি উঠিবলৈ সক্ষম হোৱা প্ৰজ্ঞানন্দৰ সফলতাত ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ বিশ্বনাথন আনন্দে টুইটাৰযোগে অভিনন্দন জ্ঞাপন কৰে ৷

Intro:Body:

বিশ্ব যুৱ দবা প্ৰতিযোগিতাত সোণৰ পদক 14 বছৰীয়া প্ৰজ্ঞানন্দৰ 

মুম্বাইত অনুষ্ঠিত হোৱা 18 অনুৰ্ধ আন্তঃৰাষ্ট্ৰীয় দবা প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় ভাৰতৰ আৰ. প্ৰজ্ঞানন্দই ৷ মাত্ৰ 14 বছৰীয়া কিশোৰজনে প্ৰতিযোগিতাখনত 11ৰ ভিতৰত 9 পইন্ট অৰ্জন কৰি খিতাপ দখল কৰিবলৈ সক্ষম হয় ৷ 

স্পৰ্টছ ডেস্ক, 13 অক্টোবৰঃ মাত্ৰ 14 বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় দবা প্ৰতিযোগিতাৰ চূড়ান্ত খিতাপ দখল কৰি গ্ৰেণ্ডমাষ্টাৰৰ সন্মান শিৰত ল'বলৈ সক্ষম হৈছে এগৰাকী ভাৰতীয়ই ৷ চেন্নাইৰ বাসিন্দা এইগৰাকী কিশোৰ হৈছে আৰ. প্ৰজ্ঞানন্দ ৷ 

জাৰ্মানীৰ ভালেনটিন বাকেলছৰ বিৰুদ্ধে 11ৰ ভিতৰত 9 পইন্ট অৰ্জন কৰি তালিকাৰ শীৰ্ষস্থান দখল কৰে গ্ৰেণ্ডমাষ্টাৰগৰাকীয়ে ৷ ইয়াৰ দ্বাৰাই 18 অনুৰ্ধ শাখাত সোণৰ পদক অৰ্জন কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনে 14 বছৰীয়া প্ৰজ্ঞানন্দই ৷ 

মুম্বাইত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত ভাৰতে সৰ্বমুঠ 7টা পদক দখল কৰিবলৈ সক্ষম হয় ৷ ভাৰতৰ হৈ পদক অৰ্জন কৰা আনকেইগৰাকী খেলুৱৈ হৈছে, এল. আৰ. শ্ৰীহৰি (অনুৰ্ধ 14 বছৰ শাখা), বন্তিকা আগৰৱাল (অনুৰ্ধ 16 ছোৱালী শাখা), এছ. মাৰালাক্ষীকাৰি, আৰণ্যক ঘোষ, দিব্যা দেশমুখ আৰু ৰক্ষিতা ৰভী ৷

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.