ডিফু, 3 নৱেম্বৰ: ডিফুত কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ ইণ্ডোৰ ষ্টেডিয়ামত চলি থকা ত্ৰয়োদশ উকা ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপ 2019 ত দুৰ্দান্ত প্ৰদৰ্শনেৰে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে কামৰূপ মেট্ৰ'ই ৷ কামৰূপ মেট্ৰ'ই বৰ্তমানলৈকে 29 টা সোণ, 19 টা ৰূপ আৰু 25 টা ব্ৰঞ্জৰ পদকেৰে শীৰ্ষত উপনীত হৈ আছে ৷
![শীৰ্ষত কামৰূপ মেট্ৰ'](https://etvbharatimages.akamaized.net/etvbharat/prod-images/ukastatekarateindiphu_03112019193947_0311f_1572790187_831.jpg)
ইপিনে কাৰ্বি আংলং দলটোৰ হৈ বৰ্তমানলৈকে ইমদাদ আহমেদে 1 টা সোণ, ধনঞ্জয় কাছাৰ, চয়ানিকা প'মাহ আৰু আণ্ডাৰ ৰংহাঙে 1 টা কৈ ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷ বৰ্তমানলৈকে কোনখন জিলাই কিমানটা পদক আঁজুৰি আনিবলৈ সক্ষম হৈছে-
- পদক তালিকা-
জিলা |
|
|
|
কামৰূপ মেট্ৰ' | 29 | 19 | 25 |
কামৰূপ (গ্ৰাম্য) | 2 | 1 | 6 |
কাৰ্বি আংলং | 1 | 3 | 7 |
যোৰহাট | 1 | 2 | 3 |
শোণিতপুৰ | 1 | 1 | 3 |
দৰং | 1 | 1 | 2 |
বঙাইগাওঁ | 1 | 1 | 0 |
তিতাবৰ | 1 | 0 | 2 |
নগাওঁ | 0 | 2 | 7 |
চৰাইদেউ | 0 | 1 | 3 |
ডিব্ৰুগড় | 0 | 0 | 1 |
তিনিচুকীয়া | 0 | 0 | 1 |
ধুবুৰী | 0 | 1 | 0 |
লখিমপুৰ | 0 | 0 | 1 |
ধেমাজি | 0 | 0 | 3 |
বাক্সা | 0 | 0 | 1 |
সদৌ অসম কাৰাটে সন্থাৰ উদ্যোগত আৰু কাৰ্বি আংলং জিলা ক্ৰীড়াসন্থা তথা কাৰ্বি আংলং জিলা কাৰাটে সন্থাৰ ব্যৱস্থাপনাত কাছা ইণ্ডোৰ ষ্টেডিয়ামত যোৱা 2 নৱেম্বৰৰ পৰা আৰম্ভ হৈছে এই প্ৰতিযোগিতা ৷
উক্ত প্ৰতিযোগিতাত কেডেট, জুনিয়ৰ, চাব-জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত 950 গৰাকী খেলুৱৈয়ে অংশ গ্ৰহণ কৰিছে ৷