ETV Bharat / sports

ভাৰতীয় দলৰ অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ সামৰ্থ আছে : লালৰেমছিয়ামি - ভাৰতীয় হকী দল

ভাৰতীয় হকী দলৰ অলিম্পিক কোৱালিফায়িঙৰ প্ৰস্তুতি সম্পৰ্কত মন্তব্য আগবঢ়াইছে ফৰৱাৰ্ড লালৰেমছিয়ামিয়ে ৷ দলটোৰ অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ সামৰ্থ আছে বুলি মন্তব্য কৰিছে খেলুৱৈগৰাকীয়ে ৷

লালৰেমছিয়ামি
author img

By

Published : Aug 3, 2019, 7:26 PM IST

স্পৰ্টছ ডেস্ক, 3 আগষ্ট : ভাৰতীয় হকী দলৰ ফৰৱাৰ্ড খেলুৱৈ লালৰেমছিয়ামিয়ে শনিবাৰে ভাৰতীয় দলটোৰ যোগ্যতা সম্পৰ্কত মন্তব্য আগবঢ়াইছে ৷ খেলুৱৈ গৰাকীয়ে মন্তব্য কৰে যে, অলিম্পিকৰ প্ৰতি দৃষ্টি ৰাখি ৰাষ্ট্ৰীয় শিবিৰত প্ৰতিটো প্ৰশিক্ষণত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে ৷ ভাৰতৰ হকী দলটো যথেষ্ট উন্নত বুলি বিশ্বাস কৰাৰ লগতে দলটোৱে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰি ইতিহাস দোহাৰিবলৈ সক্ষম বুলি কয় লালৰেমছিয়ামিয়ে ৷

অলিম্পিক কোৱালিফায়িঙৰ পূৰ্বে ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়া, চীন আৰু জাপানৰ বিৰুদ্ধে অলিম্পিক টেষ্ট ইভেন্টত অংশগ্ৰহণ কৰিব ৷ উল্লেখ্য যে, ৰাণীৰ নেতৃত্বত ভাৰতীয় দলটোৱে জুন মাহত FIH ৰ ফাইনেলত জাপানক 3-1 ব্যৱধানত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল ৷

লগতে লালৰেমছিয়ামিয়ে জানিবলৈ দিয়ে যে, 18 সংখ্যক এছিয়ান গেমছত ভাৰতীয় দলে যি ভুল কৰিছিল সেই ভুলৰ পুনৰাবৃত্তি নকৰে ৷ উল্লেখ্য যে, এই টুৰ্ণামেন্টত ভাৰতীয় দলে ফাইনেলত জাপানৰ বিৰুদ্ধে পৰাস্ত হৈ দ্বিতীয় স্থানত ক্ষান্ত থাকিব লগীয়া হৈছিল ৷

INDIA HAVE GOOD TEAM TO QUALIFY FOR OLYMPICS: LALREMSIAMI

ভাৰতীয় দলৰ অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ সামৰ্থ আছে : লালৰেমছিয়ামি

স্পৰ্টছ ডেস্ক, 3 আগষ্ট : ভাৰতীয় হকী দলৰ ফৰৱাৰ্ড খেলুৱৈ লালৰেমছিয়ামিয়ে শনিবাৰে ভাৰতীয় দলটোৰ যোগ্যতা সম্পৰ্কত মন্তব্য আগবঢ়াইছে ৷ খেলুৱৈ গৰাকীয়ে মন্তব্য কৰে যে, অলিম্পিকৰ প্ৰতি দৃষ্টি ৰাখি ৰাষ্ট্ৰীয় শিবিৰত প্ৰতিটো প্ৰশিক্ষণত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে ৷ ভাৰতৰ হকী দলটো যথেষ্ট উন্নত বুলি বিশ্বাস কৰাৰ লগতে দলটোৱে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰি ইতিহাস দোহাৰিবলৈ সক্ষম বুলি কয় লালৰেমছিয়ামিয়ে ৷

অলিম্পিক কোৱালিফায়িঙৰ পূৰ্বে ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়া, চীন আৰু জাপানৰ বিৰুদ্ধে অলিম্পিক টেষ্ট ইভেন্টত অংশগ্ৰহণ কৰিব ৷ উল্লেখ্য যে, ৰাণীৰ নেতৃত্বত ভাৰতীয় দলটোৱে জুন মাহত FIH ৰ ফাইনেলত জাপানক 3-1 ব্যৱধানত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল ৷

লগতে লালৰেমছিয়ামিয়ে জানিবলৈ দিয়ে যে, 18 সংখ্যক এছিয়ান গেমছত ভাৰতীয় দলে যি ভুল কৰিছিল সেই ভুলৰ পুনৰাবৃত্তি নকৰে ৷ উল্লেখ্য যে, এই টুৰ্ণামেন্টত ভাৰতীয় দলে ফাইনেলত জাপানৰ বিৰুদ্ধে পৰাস্ত হৈ দ্বিতীয় স্থানত ক্ষান্ত থাকিব লগীয়া হৈছিল ৷ 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.