স্পৰ্টছ ডেস্ক, 19 অক্টোবৰ : শুকুৰবাৰে FIH হকী অলিম্পিক কোৱালিফায়াৰ্ছলৈ 18 জনীয়া দল ঘোষণা কৰিলে ভাৰতীয় হকী ফেডাৰেছনে ৷ উৰিষ্যাৰ ভূৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগা FIH হকী অলিম্পিক কোৱালিফায়াৰ্ছত ভাৰতক নেতৃত্ব প্ৰদান কৰিব মনপ্ৰীত সিঙে ৷ কোৱালিফায়াৰ্ছ মেচত ভাৰতে ৰাছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ৷
অলিম্পিক কোৱালিফায়াৰ্ছ সম্পৰ্কত ভাৰতীয় হকী দলৰ মুখ্য প্ৰশিক্ষক গ্ৰাহাম ৰেইডে মন্তব্য কৰে, "বেলজিয়ামত সুন্দৰ প্ৰস্তুতি সম্পন্ন হোৱাৰ পাছত 18 জনীয়া দলটো নিৰ্বাচন কৰাত যথেষ্ট কষ্টকৰ হৈছিল ৷ দলত ভাৰসাম্য বৰ্তাই ৰাখিব পৰা এটা দল বাছনি কৰি উলিয়াইছো ৷ ৰাছিয়াৰ বিৰুদ্ধে প্ৰস্তুত কৰি উলিওৱা ৰণনীতিত গুৰুত্ব প্ৰদান কৰিছো ৷"
উল্লেখ্য যে, FIH হকী অলিম্পিক কোৱালিফায়াৰ্ছত জয়ী দলটোৱে ট'কিঅ' অলিম্পিক, 2020 লৈ যোগ্যতা অৰ্জন কৰিব ৷ 18 জনীয়া ভাৰতীয় দলটো হৈছে - পি. আৰ. শ্ৰীজেছ, কৃষণ বাহাদুৰ পাঠক, হৰমনপ্ৰীত সিং, বৰুণ কুমাৰ, সুৰেন্দৰ কুমাৰ, গুৰিন্দৰ সিং, ৰুপীন্দৰ পাল সিং, অমিত ৰহীদাস, মনপ্ৰীত সিং, নিলকান্ত শৰ্মা, হাৰ্ডিক সিং, বিবেক সাগৰ প্ৰসাদ, ললিত কুমাৰ উপাধ্যায়, এছ. ভি. সুনীল, মন্দীপ সিং, আকাশদ্বীপ সিং, ৰমনদ্বীপ সিং আৰু ছিমৰনজিৎ সিং ৷