ETV Bharat / sports

ৰাষ্ট্ৰীয় পৰ্যায়ত উত্তৰ - পূৰ্বাঞ্চলৰ যুৱ প্ৰতিভাৰ দক্ষতা প্ৰদৰ্শন - ZINC FOOTBALL ACADEMY

উত্তৰ - পূৰ্বাঞ্চলৰ ক্ৰীড়াপ্ৰেমীলৈ সুখবৰ ৷ যুৱ খেলুৱৈ সকলে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে উদয়পুৰৰ জিংক ফুটবল একাডেমীত ৷

ৰাষ্ট্ৰীয় পৰ্যায়ত উত্তৰ - পূৰ্বাঞ্চলৰ যুৱ প্ৰতিভাৰ দক্ষতা প্ৰদৰ্শন
author img

By

Published : Aug 11, 2019, 3:05 PM IST

স্পৰ্টছ ডেস্ক, 11 আগষ্ট : উত্তৰ - পূৱ ভাৰতৰ যুৱ খেলুৱৈসকলৰ ফুটবলপ্ৰেম সৰ্বজনবিদিত ৷ সেয়েহে দেশৰ ক্ৰীড়া জগতলৈ উত্তৰ - পূৰ্বাঞ্চলৰ খেলুৱৈসকলে অৱদান আগবঢ়াই আহিবলৈ সক্ষম হৈছে ৷ যোৱা কিছুবছৰ ধৰি যুৱ খেলুৱৈসকলে পেশাদাৰী ভাৱে ক্ৰীড়াক্ষেত্ৰত খোজ পেলাবলৈ সক্ষম হৈছে ৷ এনে সময়তে উত্তৰ - পূৰ্বাঞ্চলৰ কিছুসংখ্যক যুৱ খেলুৱৈয়ে উদয়পুৰৰ জিংক ফুটবল একাডেমীত নিজৰ পাৰদৰ্শিতা বৃদ্ধিৰ লক্ষ্যৰে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ৷

ETV BHARAT ASSAM
ৰাষ্ট্ৰীয় পৰ্যায়ত উত্তৰ - পূৰ্বাঞ্চলৰ যুৱ প্ৰতিভাৰ দক্ষতা প্ৰদৰ্শন
নিসন্দেহে, অহা কিছুবছৰৰ ভিতৰত উত্তৰ - পূৰ্বাঞ্চলৰ পৰা ভাৰতীয় ফুটবল দলে যোগ্য ফুটবল খেলুৱৈ লাভ কৰিবলৈ সক্ষম হ'ব ৷ নিসন্দেহে এই অঞ্চলটোৰ লোকৰ ক্ৰীড়াপ্ৰীতি আৰু প্ৰতিজন নাগৰিকৰ ফুটবল উদ্যম প্ৰশংসনীয় ৷ উল্লেখ্য যে, এই যোগ্য প্ৰতিভাসমূহক বাছি উলিওৱাৰ লক্ষ্যৰে 'খেলো ইণ্ডিয়া'ৰ আৰম্ভণি কৰা হৈছিল ৷ ইয়াৰ জৰিয়তে ভাৰতক বিশ্বৰ ভিতৰতে এখন শক্তিশালী ক্ৰীড়া ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে ৷ উল্লেখ্য যে, এই একাডেমীখনে উত্তৰ - পূৰ্বাঞ্চলৰ লগতে দেশৰ বিভিন্ন অঞ্চলৰ প্ৰায় 40 জন খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰি আছে ৷ প্ৰশিক্ষণপ্ৰাপ্ত এই খেলুৱৈ সকল 15 - 16 বছৰীয়া বুলি জানিব পৰা গৈছে ৷উত্তৰ - পূৰ্বাঞ্চলৰ খেলুৱৈসকলৰ বিষয়ে একাডেমীৰ এগৰাকী প্ৰশিক্ষকে মন্তব্য কৰে যে, উত্তৰ - পূৰ্বাঞ্চলৰ খেলুৱৈৰ অবিহনে এটা ফুটবল দলৰ কথা ভবাটো অসম্ভৱ ৷ এই খেলুৱৈসকলে প্ৰতিটো সময়তে সুন্দৰ প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈ আহিছে বুলি মন্তব্য কৰে প্ৰশিক্ষকগৰাকীয়ে ৷13 বৰ্ষীয় মনিপুৰৰ এগৰাকী খেলুৱৈ জাওমিংথাম আওকিবে মন্তব্য কৰে যে, এই একাডেমীত তেওঁ 1 বছৰ ধৰি প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে ৷ ইয়াত তেওঁলোকে বিনামূলীয়া প্ৰশিক্ষণৰ লগতে উন্নত মানদণ্ডৰ সা - সুবিধা লাভ কৰে ৷ এইয়া দেশৰ অন্যতম শ্ৰেষ্ঠ ফুটবল একা়ডেমী বুলি মন্তব্য কৰে আওকিবে ৷ ৰাষ্ট্ৰীয় দলত স্থান লাভেৰে দেশক প্ৰতিনিধিত্ব কৰিব বিচাৰো বুলি মন্তব্য কৰে খেলুৱৈগৰাকীয়ে ৷ আনহাতে, অসমৰ খেলুৱৈ জ'ক'নিয়া নাৰ্জাৰীয়েও অসমৰ পৰা আহি একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা বুলি জানিবলৈ দিয়ে ৷উল্লেখ্য যে, এই একাডেমীত প্ৰশিক্ষণৰ বাবে অহাৰ পাছতে এইয়া নিশ্চিত কৰা হয় যে, খেলুৱৈসকলে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ সুযোগ লাভ কৰে ৷ যুৱ খেলুৱৈসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে তেওঁলোকক একাডেমীত ফুটবল কিট আৰু অন্য প্ৰয়োজনীয় সামগ্ৰীও প্ৰদান কৰা হয় ৷ এনে পদক্ষেপে দেশৰ প্ৰতিভাসমূহৰ খেলৰ প্ৰণালী উন্নত মানৰ কৰাত সহায় কৰিব আৰু ইয়াৰ জৰিয়তে তেওঁলোকে ফুটবলক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব ৷

YOUNG TALENT FROM NE WHET THEIR SKILLS AT UDAIPUR FOOTBALL ACADEMY

ৰাষ্ট্ৰীয় পৰ্যায়ত উত্তৰ - পূৰ্বাঞ্চলৰ যুৱ প্ৰতিভাৰ দক্ষতা প্ৰদৰ্শন

স্পৰ্টছ ডেস্ক, 11 আগষ্ট : উত্তৰ - পূৱ ভাৰতৰ যুৱ খেলুৱৈসকলৰ ফুটবলপ্ৰেম সৰ্বজনবিদিত ৷ সেয়েহে দেশৰ ক্ৰীড়া জগতলৈ উত্তৰ - পূৰ্বাঞ্চলৰ খেলুৱৈসকলে অৱদান আগবঢ়াই আহিবলৈ সক্ষম হৈছে ৷ যোৱা কিছুবছৰ ধৰি যুৱ খেলুৱৈসকলে পেশাদাৰী ভাৱে ক্ৰীড়াক্ষেত্ৰত খোজ পেলাবলৈ সক্ষম হৈছে ৷ এনে সময়তে উত্তৰ - পূৰ্বাঞ্চলৰ কিছুসংখ্যক যুৱ খেলুৱৈয়ে উদয়পুৰৰ জিংক ফুটবল একাডেমীত নিজৰ পাৰদৰ্শিতা বৃদ্ধিৰ লক্ষ্যৰে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ৷

নিসন্দেহে, অহা কিছুবছৰৰ ভিতৰত উত্তৰ - পূৰ্বাঞ্চলৰ পৰা ভাৰতীয় ফুটবল দলে যোগ্য ফুটবল খেলুৱৈ লাভ কৰিবলৈ সক্ষম হ'ব ৷ নিসন্দেহে এই অঞ্চলটোৰ লোকৰ ক্ৰীড়াপ্ৰীতি আৰু প্ৰতিজন নাগৰিকৰ ফুটবল উদ্যম প্ৰশংসনীয় ৷ উল্লেখ্য যে, এই যোগ্য প্ৰতিভাসমূহক বাছি উলিওৱাৰ লক্ষ্যৰে 'খেলো ইণ্ডিয়া'ৰ আৰম্ভণি কৰা হৈছিল ৷ ইয়াৰ জৰিয়তে ভাৰতক বিশ্বৰ ভিতৰতে এখন শক্তিশালী ক্ৰীড়া ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে ৷ উল্লেখ্য যে, এই একাডেমীখনে উত্তৰ - পূৰ্বাঞ্চলৰ লগতে দেশৰ বিভিন্ন অঞ্চলৰ প্ৰায় 40 জন খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰি আছে ৷ প্ৰশিক্ষণপ্ৰাপ্ত এই খেলুৱৈ সকল 15 - 16 বছৰীয়া বুলি জানিব পৰা গৈছে ৷

উত্তৰ - পূৰ্বাঞ্চলৰ খেলুৱৈসকলৰ বিষয়ে একাডেমীৰ এগৰাকী প্ৰশিক্ষকে মন্তব্য কৰে যে, উত্তৰ - পূৰ্বাঞ্চলৰ খেলুৱৈৰ অবিহনে এটা ফুটবল দলৰ কথা ভবাটো অসম্ভৱ ৷ এই খেলুৱৈসকলে প্ৰতিটো সময়তে সুন্দৰ প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈ আহিছে বুলি মন্তব্য কৰে প্ৰশিক্ষকগৰাকীয়ে ৷

13 বৰ্ষীয় মনিপুৰৰ এগৰাকী খেলুৱৈ জাওমিংথাম আওকিবে মন্তব্য কৰে যে, এই একাডেমীত তেওঁ 1 বছৰ ধৰি প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে ৷ ইয়াত তেওঁলোকে বিনামূলীয়া প্ৰশিক্ষণৰ লগতে উন্নত মানদণ্ডৰ সা - সুবিধা লাভ কৰে ৷ এইয়া দেশৰ অন্যতম শ্ৰেষ্ঠ ফুটবল একা়ডেমী বুলি মন্তব্য কৰে আওকিবে ৷ ৰাষ্ট্ৰীয় দলত স্থান লাভেৰে দেশক প্ৰতিনিধিত্ব কৰিব বিচাৰো বুলি মন্তব্য কৰে খেলুৱৈগৰাকীয়ে ৷ আনহাতে, অসমৰ খেলুৱৈ জ'ক'নিয়া নাৰ্জাৰীয়েও অসমৰ পৰা আহি একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা বুলি জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, এই একাডেমীত প্ৰশিক্ষণৰ বাবে অহাৰ পাছতে এইয়া নিশ্চিত কৰা হয় যে, খেলুৱৈসকলে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ সুযোগ লাভ কৰে ৷ যুৱ খেলুৱৈসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে তেওঁলোকক একাডেমীত ফুটবল কিট আৰু অন্য প্ৰয়োজনীয় সামগ্ৰীও প্ৰদান কৰা হয় ৷ এনে পদক্ষেপে দেশৰ প্ৰতিভাসমূহৰ খেলৰ প্ৰণালী উন্নত মানৰ কৰাত সহায় কৰিব আৰু ইয়াৰ জৰিয়তে তেওঁলোকে ফুটবলক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.