ETV Bharat / sports

জয়ৰ বাবে বহু কষ্ট কৰাৰ লগতে ধৈৰ্যশীল হোৱাৰ প্ৰয়োজন : ষ্টিমেক - ধৈৰ্যশীল হোৱাৰ প্ৰয়োজন

ফিফা বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী মেচত ওমানৰ বিপক্ষে ভাৰতৰ হতাশাজনক প্ৰদৰ্শনৰ পাচতে মন্তব্য আগবঢ়াইছে ভাৰতীয় ফুটবল দলৰ মুখ্য প্ৰশিক্ষক ইগৰ ষ্টিমেকে ৷ সকলোৱে কষ্ট স্বীকাৰ কৰাৰ লগতে ধৈৰ্যশীল হ'ব লাগিব বুলি মন্তব্য প্ৰকাশ কৰে মুখ্য প্ৰশিক্ষক ষ্টিমেকে ৷ গুৱাহাটীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত মেচত ভাৰতে 1 - 2 ব্যৱধানত পৰাজয় স্বীকাৰ কৰে ৷

বহু কষ্ট কৰাৰ লগতে ধৈৰ্যশীল হোৱাৰ প্ৰয়োজন, ষ্টিমেক
author img

By

Published : Sep 6, 2019, 5:37 PM IST

স্পৰ্টছ ডেস্ক, 6 চেপ্টেম্বৰ : ফিফা বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী মেচত ওমানৰ বিপক্ষে ভাৰতৰ হতাশাজনক প্ৰদৰ্শনৰ পাচতে মন্তব্য আগবঢ়াইছে ভাৰতীয় ফুটবল দলৰ মুখ্য প্ৰশিক্ষক ইগৰ ষ্টিমেকে ৷ ষ্টিমেকে মন্তব্য কৰে যে, প্ৰথম 45 মিনিটতে ভাৰতে বহুকেইটা গ'ল কৰাৰ সুবিধা লাভ কৰিছিল যদিও তেওঁলোক অসমৰ্থ হ'ল ৷ ওমানৰ খেলুৱৈ সকলতকৈ ভাৰতীয় খেলুৱৈ সকল যথেষ্ট ফিট যদিও ওমানৰ খেলুৱৈসকল বেছি অভিজ্ঞতাসম্পন্ন ৷ ভৱিষ্যতে এটা সময় আহিব যেতিয়া ভাৰতীয় দলে এনেদৰে মেচত পৰাস্ত হ'বলগা নহ'ব ৷ ইয়াৰ বাবে সকলোৱে কষ্ট স্বীকাৰ কৰাৰ লগতে ধৈৰ্যশীল হ'ব লাগিব বুলি মন্তব্য প্ৰকাশ কৰে মুখ্য প্ৰশিক্ষক গৰাকীয়ে ৷

ভাৰতীয় ফুটবল দলৰ মুখ্য প্ৰশিক্ষক ইগৰ ষ্টিমেক
বহু কষ্ট কৰাৰ লগতে ধৈৰ্যশীল হোৱাৰ প্ৰয়োজন, ষ্টিমেক

উল্লেখ্য যে, গুৱাহাটীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত মেচত ভাৰতে 1 - 2 ব্যৱধানত পৰাজয় স্বীকাৰ কৰে ৷ ভাৰতে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই প্ৰতিযোগিতাত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছিল যদিও অৱশেষত পৰাস্ত হয় ৷ 24 মিনিটত অধিনায়ক সুনীল ছেট্টীয়ে প্ৰথমটো গ'ল কৰি অগ্ৰগতি লাভ কৰে যদিও শেষৰ 10 মিনিটত ওমানে দুটাকৈ গ'ল কৰে ৷

পৰৱৰ্তী মেচত ভাৰতে কাটাৰৰ বিৰুদ্ধে ছেপ্তেম্বৰৰ 10 তাৰিখে ড'হাত অংশগ্ৰহণ কৰিব ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.