স্পৰ্টছ ডেস্ক, 8 জুনঃ শনিবাৰে ভাৰ্চুয়েল গেমিং লেণ্ডস্কেপত জুভেণ্টাছ আৰু আৰ্জেণ্টিনাৰ ফৰৱাৰ্ড খেলুৱৈ পাউল' ডায়বালাক টটেনহাম হটস্পাৰ আৰু ইংলেণ্ড ফিডফিল্ডাৰ ডেলি আলিতকৈ দুৰ্দান্ত ফৰ্মত দেখা পোৱা যায় ।
শনিবাৰে দুয়ো খেলুৱৈয়ে 'Gamers Without Borders' ফিফা 20 টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিছিল । COVID-১৯ৰ সাহাৰ্য পূঁজিৰ বাবে আয়োজন কৰা হৈছিল এই প্ৰতিযোগিতাৰ । য'ত ডায়বালাৰ দলটোৱে 2-0 গ'লত জয়ী হ'বলৈ সক্ষম হয় । ডায়বালাই ইংলিছ প্ৰীমিয়াৰ লীগৰ লীভাৰপুৰ হৈ আৰু আলিয়ে ফ্ৰেন্স লীগ 1 ৰ পেৰিছ ছেন্ট জৰ্মেনৰ হৈ অৱতীৰ্ণ হৈছিল। এই অনুষ্ঠানতেই আলিৰ মনোৰঞ্জনৰ বাবে 'You'll Never Walk Alone' গীত পৰিৱেশন কৰে জুভেণ্টাছৰ ষ্ট্ৰাইকাৰগৰাকীয়ে ।
ডায়বালাই দেওবাৰে কৰ'ণা ভাইৰাছৰ পিচত খেল পথাৰত যাবলৈ এতিয়াও এশতাংশ ফিট নহয় বুলি উল্লেখ কৰে । তেওঁ লগতে কয়,যোৱা মাৰ্চ মাহত তেওঁৰ প্ৰেয়সী আৰু তেওঁৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰা কথা । অৱশ্য়ে যোৱা 6 মে'ত তেওঁ আৰোগ্য লাভ কৰা বুলিও জানিবলৈ দিয়ে ।
কৰ'ণা ভাইৰাছৰ ফলতেই যোৱা মাৰ্চ মাহৰ পৰা Serie A প্ৰতিযোগিতা স্থগিত কৰা হৈছিল । শেহতীয়াকৈ 20 জুনৰ পৰা পুনৰ আৰম্ভ কৰা হ'ব এই প্ৰতিযোগিতা । স্থগিত হোৱাৰ পূৰ্বে প্ৰতিযোগিতাৰ শীৰ্ষ স্থানত আছিল জুভেণ্টাছ ফুটবল ক্লাৱটো ।