ETV Bharat / sports

ভিডিঅ' এছিচটেণ্ট ৰেফাৰী ৰিয়াল মাদ্ৰিডৰ পক্ষপাতিত্ব : বাৰ্চিলোচনাৰ প্ৰমুখ্য়

author img

By

Published : Jul 6, 2020, 3:14 PM IST

ছেন মেমেছত এথলেটিক্স ক্লাৱৰ বিৰুদ্ধে ৰিয়াল মাদ্ৰিডৰ 1-0 ৰ বিজয় সাব্যস্ত কৰাৰ পাচতেই বাৰ্ট'মুৰ অভিযোগ ।

VAR favours Real Madrid, says Barcelona chief

স্পৰ্টছ ডেস্ক, 6 জুলাই : দেওবাৰে এথলিটিক্স ক্লাৱৰ বিৰুদ্ধে ৰিয়াল মাদ্ৰিডৰ জয়ৰ পাচতেই বাৰ্চিলোচনাৰ প্ৰমুখ্য জছেফ মাৰিয়া বাৰ্ট'মুয়ে এক গুৰুত্বপূৰ্ণ অভিযোগ দাঙি ধৰে । ভিডিঅ' এচিছটেণ্ট ৰেফাৰী (ভিএআৰ) ৰিয়াল মাদ্ৰিডৰ পক্ষপাতিত্ব বুলি কয় বাৰ্ট'মুয়ে । বাৰ্চিলোনাই ভিলাৰিয়ালৰ বিৰুদ্ধে 4-1 গ'লত জয় লাভ কৰাৰ পাচতেই এই মন্তব্য় দাঙি ধৰে জছেফ মাৰিয়া বাৰ্ট'মুয়ে ।

উল্লেখ্য যে, ছেন মেমেছত দেওবাৰে অনুষ্ঠিত এখন মেচত ৰিয়াল মাদ্ৰিডে এথলিটিক্স ক্লাৱৰ বিৰুদ্ধে 1-0 ৰ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় । ৰিয়াল মাদ্ৰিডে 76 মিনিটত কৰা এটা গলৰ বিনিময়তে মেচখনত জয়ী হ'বলৈ সক্ষম হয় ।

লা-লীগা
লা-লীগা

বাৰ্ট'মুয়ে কয়, মই ছেন মেমেছৰ মেচখন দ্বিতীয়াৰ্ধৰ প্ৰায় শেষ সময়লৈ চাইছোঁ । মই দুখিত যে, আমি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ লীগ খেলিছো আৰু কৰ'ণা ভাইৰাছৰ পিচত এগৰাকী নিৰপক্ষ ভিডিঅ' এছিচেটেণ্ট ৰেফাৰী নাই । এইটোৱে কিছু ফলাফল সলনি কৰিছে আৰু প্ৰায় এটা দলৰ পক্ষপাতিত্ব কৰিছে ।

মেচখনত পেনাল্টী দিয়াৰ ফলতেই ৰিয়াল মাদ্ৰিড দলটোৱে গ'ল কৰি 1 গ'লৰ অগ্ৰগিত ল'বলৈ সক্ষম হৈছিল । আনহাতে অন্য এখন মেচত বাৰ্চিলোনাই ভিলাৰিয়ালৰ বিৰুদ্ধে 4-1 গ'লত বৃহৎ জয় লাভ কৰিবলৈ সক্ষম হয় । এই জয়ৰ লগে-লগে 73 পইণ্টেৰে দ্বিতীয় স্থানত আছে বাৰ্চিলোনা দলটো । ইপিনে 77 পইণ্টেৰে শীৰ্ষত আছে ৰিয়াল মাদ্ৰিড দলটো ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.