স্পৰ্টছ ডেস্ক,16 অক্টোবৰ : ছুইডেনৰ বিৰুদ্ধে 1-1ত ড্ৰ'ৰে মেচ সমাপ্ত কৰাৰ পাছতে ইউৰো, 2020 লৈ যোগ্যতা অৰ্জন কৰিছে স্পেইন দলে ৷ ইউৰোপিয়ান টুৰ্ণামেন্টৰ বাবে যোগ্যতা অৰ্জন কৰা ষষ্ঠটো দল হিচাপে পৰিগণিত হৈছে স্পেইন ৷
স্পেইন আৰু ছুইডেনৰ মাজত অনুষ্ঠিত মেচত ছুইডেনৰ হৈ 50 মিনিটত গ'ল প্ৰদান কৰে মাৰ্কাচ বাৰ্গে ৷ আনহাতে,অতিৰিক্ত সময়ত স্পেইনৰ হৈ ৰড্ৰিগোৱে সমতা স্থাপন কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পাছতে মেচখন ড্ৰ' ৰূপে সমাপ্ত হয় আৰু অহা বছৰত অনুষ্ঠিত হ'বলগা ইউৰো, 2020ৰ বাবে যোগ্যতা অৰ্জন কৰে ছুইডেন ফুটবল দলে ৷
-
🇪🇸 #EURO2020 qualification confirmed! ✅
— UEFA EURO 2020 (@UEFAEURO) October 15, 2019 " class="align-text-top noRightClick twitterSection" data="
Bravo, Spain! 🥳 pic.twitter.com/rc7VP1hGvF
">🇪🇸 #EURO2020 qualification confirmed! ✅
— UEFA EURO 2020 (@UEFAEURO) October 15, 2019
Bravo, Spain! 🥳 pic.twitter.com/rc7VP1hGvF🇪🇸 #EURO2020 qualification confirmed! ✅
— UEFA EURO 2020 (@UEFAEURO) October 15, 2019
Bravo, Spain! 🥳 pic.twitter.com/rc7VP1hGvF
ইয়াৰ জৰিয়তে 8 খন মেচৰ পৰা 20 পইন্ট সংগ্ৰহেৰে স্পেইনে গ্ৰুপ Fত শীৰ্ষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে, ছুইডেনে 15 পইন্টেৰে দখল কৰিছে দ্বিতীয় স্থান ৷