ETV Bharat / sports

কোকৰাঝাৰত আৰম্ভ শ্বহীদ জিতেন ৰায় সোঁৱৰণী ফুটবল ট্ৰফী প্ৰতিযোগিতা

author img

By

Published : Sep 2, 2020, 2:50 AM IST

কোচ-ৰাজবংশী জনগোষ্ঠীৰ জাতীয় শ্বহীদ জিতেন ৰায় সোঁৱৰণী ফুটবল ট্ৰফী প্ৰতিযোগিতাখন আজিৰে পৰা কোকৰাঝাৰ তিতাগুৰী মাজপাৰা খেল পথাৰত আৰম্ভ হৈছে । বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নহ'লে বিজেপি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বুলি মন্তব্য কৰে অৰুণ ৰায়ে ৷

শ্বহীদ জিতেন ৰায় সোঁৱৰণী ফুটবল ট্ৰফী প্ৰতিযোগিতা

কোকৰাঝাৰ, 1 ছেপ্টেম্বৰ : কোচ-ৰাজবংশী জনগোষ্ঠীৰ জাতীয় শ্বহীদ জিতেন ৰায় সোঁৱৰণী ফুটবল ট্ৰফী প্ৰতিযোগিতাখন আজিৰে পৰা কোকৰাঝাৰ তিতাগুৰী মাজপাৰা খেল পথাৰত আৰম্ভ হৈছে ।

একালৰ আক্ৰাছুৰ সাধাৰণ সম্পাদক প্ৰয়াত জিতেন ৰায়ৰ আদৰ্শ ৰক্ষা কৰা উদ্দেশ্যৰে আয়োজন কৰা ফুটবল প্ৰতিযোগিতাৰখনৰ আৰম্ভণি অনুষ্ঠান আক্ৰাছুৰ পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পনেৰে আৰম্ভ কৰা হয় । উক্ত শুভাৰম্ভনি অনুষ্ঠানত অংশগ্ৰহণ কৰি আক্ৰাছুৰ সভাপতি অৰুণ ৰায়ে কোচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ বিজেপিয়ে চৰকাৰ গঠন কৰা লগে লগে পুৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু চৰকাৰ গঠন কৰা পিছতো আজিলৈ পুৰণ কৰা নাই এই প্ৰতিশ্ৰুতি । বৰ্তমান অসমত বাজেট অধিবেশন যিহেতু চলি আছে গতিকে উক্ত অধিবেশনৰ জৰিয়তে কোচ-ৰাজবংশী জনগোষ্ঠীৰ সমস্যাৰ সমাধানৰ বিষয়টো আলোচনা কৰাৰ দাবী কৰে । অন্যথা অহা বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি বিজেপিয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবী সমাধান কৰি নিদিয়ে তেন্তে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব বুলি চৰকাৰক সকীয়নী দিয়ে আক্ৰাছুৰ সভাপতি অৰুণ ৰায়ে ।

উল্লেখযোগ্য যে আজিৰ পৰা আৰম্ভ হোৱা ফুটবল প্ৰতিযোগিতাখনত তিতাগুৰী এফচি আৰু শক্তিআশ্ৰম আঞ্চলিক আক্ৰাছু দলৰ মাজত মুখামুখি হয় ।

ফুটবল প্ৰতিযোগিতাখন উদ্বোধন কৰে বিটিএডিৰ প্ৰাক্তন এম চি এল এ মাধৱ কাৰ্কীয়ে । চুড়ান্ত খেলত বিজয়ী দলে নগদ 13 হাজাৰ টকাসহ ট্ৰফী আৰু ৰানাৰ্চ আপ দলে 9 হাজাৰ নগদ টকাসহ ট্ৰফী লাভ কৰিব ।

লগতে পঢ়ক : মাতৃৰ মুখেৰে অৰ্জুন বঁটা প্ৰাপ্ত লাভলীনা বৰগোঁহাইৰ শৈশৱৰ কিছু কথা..

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.