ETV Bharat / sports

Serie-A ত সৰ্বাধিক গ’ল কৰা দ্বিতীয়গৰাকী খেলুৱৈ হ’ল ৰ’নাল্ডো

author img

By

Published : Aug 2, 2020, 5:32 AM IST

31 টা গ’ল কৰি ইটালীৰ Serie-A টুৰ্ণামেণ্টত সৰ্বাধিক গ’ল কৰা তালিকাৰ দ্বিতীয় স্থানত অৱতীৰ্ণ ক্ৰিষ্টিয়ানো ৰ’নাল্ডো ৷

Ronaldo will be second in serie as highest goalscorers

স্পৰ্টছ ডেস্ক, 2 আগষ্ট : ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ অনুৰাগীৰ বাবে দুঃখবৰ ৷ Serie-A ত সৰ্বাধিক গ’ল কৰা তথা গল্ডেন বুট লাভ কৰাৰ পৰা বঞ্চিত হ’ল ৰ’নাল্ডো ৷ কাৰণ লীগৰ অন্তিমখন মেচত জুভেণ্টাছ দলত অংশগ্ৰহণ নকৰে ৰ’নাল্ডোই ৷ দেওবাৰে Serie-A ত ৰ’মাৰ বিৰুদ্ধে অন্তিমখন মেচত অৱতীৰ্ণ হৈছে জুভেণ্টাছ ৷ এই মেচখনৰ বাবে দলটোৱে ছ’চিয়েল মিডিয়াত দলৰ ঘোষণা কৰে য’ত স্থান দিয়া হোৱা নাই ৰ’নাল্ডোক ৷

চিৰ’ ইম্ম’বাইল
চিৰ’ ইম্ম’বাইল

ইয়াৰ লগে-লগে Serie-A ত সৰ্বাধিক গ’ল কৰা খেলুৱৈৰ তালিকাৰ দ্বিতীয় স্থানত থমকি ৰ’ল ৰ’নাল্ডো ৷ বৰ্তমান তেওঁৰ নামত আছে 31 টা গ’ল ৷ ৰ’নাল্ডো বৰ্তমানে লাজিঅ’ৰ চিৰ’ ইম্ম’বাইলতকৈ চাৰি গ’ল পিচ পৰি আছে ৷ অৱশ্যে চিৰ’ হাতত নিজৰ গ’লৰ সংখ্যা বৃদ্ধি কৰাৰ আন এক সুন্দৰ সুযোগ আছে ৷ কাৰণ অন্তিমখন মেচত নাপ’লীৰ সৈতে মুখামুখি হ’ব খেলুৱৈগৰাকী ৷

Serie-A ত সৰ্বাধিক গ’ল কৰা খেলুৱৈসকল
Serie-A ত সৰ্বাধিক গ’ল কৰা খেলুৱৈসকল

জুভেণ্টাছ দলৰ পৰিচালক মাউৰিজিঅ’ ছাৰীয়ে চেম্পিয়নছ লীগৰ ৰাউণ্ড-16 ত লায়নৰ বিৰুদ্ধে দ্বিতীয় পৰ্যায়ৰ মেচৰ প্ৰতি লক্ষ্য ৰাখিয়ে পূৰ্বতেই ৰ’নাল্ডোক বিশ্ৰাম দিয়াৰ ইংগিত দিছিল ৷

ছাৰীয়ে শুকুৰবাৰে কৈছিল, আমি আজি আৰু কাইলৈৰ পুৱাৰ পৰিস্থিতিৰ বুজ ল’ম ৷ সেই অনুযায়ীয়ে কাক বিশ্ৰাম দিয়া হ’ব আৰু কোন খেলাৰ বাবে সম্পূৰ্ণ ফিট তাৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ৷ মানসিক স্থিতিৰ কথা ক’লে আজি আৰু আগন্তুক শুকুৰবাৰৰ মাজত বৃহৎ পাৰ্থক্য আছে ৷ ৰ’নাল্ডোই কেনে অনুভৱ কৰে সেইয়া চোৱা হ’ব ৷ ৰ’নাল্ডো হৈছে সম্পূৰ্ণ ছীজনত আটাইতকৈ বেছি খেলা এজন খেলুৱৈ ৷

লগতে চাওক-আয়াৰলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়াত জয় লাভ ইংলেণ্ডৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.