স্পৰ্টছ ডেস্ক, 22 জুনঃ আঘাতৰ ছয়মাহৰ পাচত প্ৰত্যাৱৰ্তন কৰিয়ে প্ৰীমিয়াৰ লীগত চেল্সীৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন 21 বছৰীয়া যুৱ খেলুৱৈগৰাকী পুলিছিকৰ । মাংসপেশীৰ আঘাতৰ বাবেই দীৰ্ঘদিন ধৰি খেলপথাৰৰ পৰা বিৰত থাকিবলগীয়া হৈছিল খেলুৱৈগৰাকীয়ে ।
-
Our matchwinner, @_OlivierGiroud_! 👌#AVLCHE pic.twitter.com/Z1EQbZeNdM
— Chelsea FC (at 🏡) (@ChelseaFC) June 21, 2020 " class="align-text-top noRightClick twitterSection" data="
">Our matchwinner, @_OlivierGiroud_! 👌#AVLCHE pic.twitter.com/Z1EQbZeNdM
— Chelsea FC (at 🏡) (@ChelseaFC) June 21, 2020Our matchwinner, @_OlivierGiroud_! 👌#AVLCHE pic.twitter.com/Z1EQbZeNdM
— Chelsea FC (at 🏡) (@ChelseaFC) June 21, 2020
কিন্তু দেওবাৰে অনুষ্ঠিত এখন মেচত প্ৰত্যাৱৰ্তনৰ নিজৰ প্ৰথমখন মেচত ভুমুকি মাৰিয়ে গ'ল কৰিবলৈ সক্ষম হয় খেলুৱৈগৰাকীয়ে । ভিলাৰ বিৰুদ্ধে মেচখনৰ দ্বিতীয়াৰ্ধত প্ৰৱেশ কৰাৰ পাঁচ মিনিটৰ ভিতৰতেই গ'ল কৰি চেল্সীক সমতা স্থাপন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে পুলিছিকে । 55 মিনিটত দলত প্ৰৱেশ কৰি 60 মিনিটত গ'ল কৰিবলৈ সক্ষম হৈছিল পুলিছিকে । ইয়াৰ 2 মিনিটৰ পাচতেই অলিভিয়াৰ গিৰোদৰ আন এটা গ'ল কৰি চেল্সীক 2-1 ৰ অগ্ৰগতি দিবলৈ সক্ষম হয় । অৱশ্য়ে মেচখনত 43 মিনিটত প্ৰথমটো গ'ল কৰিছিল এষ্টন ভিলাৰ হৈ কৰ্টনে হাউছে ।
-
Good to have you back, @CPulisic_10! 🔥#AVLCHE pic.twitter.com/YP1QormKMa
— Chelsea FC (at 🏡) (@ChelseaFC) June 21, 2020 " class="align-text-top noRightClick twitterSection" data="
">Good to have you back, @CPulisic_10! 🔥#AVLCHE pic.twitter.com/YP1QormKMa
— Chelsea FC (at 🏡) (@ChelseaFC) June 21, 2020Good to have you back, @CPulisic_10! 🔥#AVLCHE pic.twitter.com/YP1QormKMa
— Chelsea FC (at 🏡) (@ChelseaFC) June 21, 2020
ইয়াৰ পাচত মেচখনত নিৰ্ধাৰিত সময় লৈ কোনো এটা দলৰ পৰা আন এটাও গ'ল দেখিবলৈ পোৱা নাযায় । যাৰ ফলত মেচখন 2-1 গ'লত চেল্সীয়ে নিজৰ দখললৈ আনিবলৈ সক্ষম হয় । এই জয়ৰ পাচত চেল্সী দলটো প্ৰীমিয়াৰ লীগৰ পইণ্টছ তালিকাত চতুৰ্থ স্থানত থকাৰ বিপৰীতে 19 সংখ্য়ক স্থানত আছে এষ্টন ভিলা দলটো । ইপিনে পইণ্টছ তালিকাৰ প্ৰথম স্থানত লিভাৰপুল থকাৰ বিপৰীতে দ্বিতীয় স্থানত আছে মেনচেষ্টাৰ চিটি ।