ETV Bharat / sports

ফিফাৰ কাৰ্যবাহী পৰিষদলৈ নিৰ্বাচিত প্ৰথমগৰাকী ভাৰতীয়

সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বনৰ সভাপতি তথা এছিয়ান ফুটবল কনফেডাৰেশ্বনৰ জ্যেষ্ঠ উপ-সভাপতিৰ দায়িত্ব পালন কৰি থকাৰ সময়তে ফিফালৈ নিৰ্বাচিত হৈছে প্ৰফুল পেটেল

author img

By

Published : Apr 6, 2019, 3:53 PM IST

প্ৰফুল পেটেল

স্পৰ্টছ ডেস্ক, 6 এপ্ৰিলঃ ভাৰতীয় ফুটবলপ্ৰেমীলৈ সুখবৰ কঢ়িয়াই আনিছে সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ সভাপতি প্ৰফুল পেটেলে ৷ শনিবাৰে কুৱালালামপুৰত অনুষ্ঠিত হোৱা 29 সংখ্যক এছিয়ান ফুটবল কনফেডাৰেশ্যন কংগ্ৰেছত সৰ্বমুঠ 38টা ভোটেৰে ফিফালৈ নিৰ্বাচিত হয় পেটেল ৷

এছিয়ান ফুটবল কনফেডাৰেশ্যনৰ জ্যেষ্ঠ উপ-সভাপতিৰ দায়িত্বত থকা ভাৰতীয় ফুটবল ফেডাৰেশ্বনৰ সভাপতিগৰাকীয়ে 46টা ভোটৰ ভিতৰত 38টা ভোট লাভ কৰি সাতগৰাকী প্ৰতিদ্বন্দীৰ মাজৰ পৰা ফিফালৈ নিৰ্বাচিত হৈছে ৷ ফিফাৰ কাৰ্যবাহী পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হ'বলৈ সক্ষম হোৱা প্ৰফুল পেটেল হৈছে প্ৰথমগৰাকী ভাৰতীয় ৷

প্ৰফুল পেটেলৰ বিপক্ষে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল আই মহান্নাদী (কাটাৰ), খালিদ আৱাদ এ এলথেবিটি ( ছৌদি আৰব), মাৰিয়ানো ভি আৰানেতা জুনিয়ৰ (ফিলিপাইনছ), চুং মুং গ্যু (কোৰিয়া ৰিপাব্লিক), ডু হোকাই (চীন), মেহদি তাজ (ইৰাণ) আৰু কজো টাছিমাই (জাপান) ৷

ফিফাৰ কাৰ্যবাহী পৰিষদত পেটেলৰ উপস্থিতিয়ে ভাৰতীয় ফুটবলক নতুন গতি প্ৰদান কৰিবলৈ সক্ষম হ'ব বুলি বহুসংখ্যকে প্ৰকাশ কৰিছে ৷ পেটেলৰ জয়লাভক শুভকামনা প্ৰদান কৰি ভৱিষ্যতে ভাৰতীয় ফুটবলে বহুদুৰ আগবাঢ়ি যাবলৈ সক্ষম হ'ব বুলি প্ৰকাশ কৰিছে ভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ উপ-সভাপতি সুব্ৰত দত্তই ৷

Praful Patel Becomes First Indian in FIFA Executive Council 

Praful Patel
FIFA 
First Indian
FIFA Executive Council
প্ৰফুল পেটেল
ফিফা 
প্ৰথম ভাৰতীয় 
ফিফা কাৰ্যবাহী পৰিষদ 

ফিফাৰ কাৰ্যবাহী পৰিষদলৈ নিৰ্বাচিত প্ৰফুল পেটেল 

সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বনৰ সভাপতি তথা এছিয়ান ফুটবল কনফেডাৰেশ্বনৰ জ্যেষ্ঠ উপ-সভাপতিৰ দায়িত্ব পালন কৰি থকাৰ সময়তে ফিফালৈ নিৰ্বাচিত হৈছে প্ৰফুল পেটেল ৷ 

স্পৰ্টছ ডেস্ক, 6 এপ্ৰিলঃ ভাৰতীয় ফুটবলপ্ৰেমীলৈ সুখবৰ কঢ়িয়াই আনিছে সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বনৰ সভাপতি প্ৰফুল পেটেলে ৷ শনিবাৰে কুৱালালামপুৰত অনুষ্ঠিত হোৱা 29 সংখ্যক এছিয়ান ফুটবল কনফেডাৰেশ্বন কংগ্ৰেছত সৰ্বমুঠ 38 ভোটেৰে ফিফালৈ নিৰ্বাচিত হয় পেটেল ৷

এছিয়ান ফুটবল কনফেডাৰেশ্বনৰ জ্যেষ্ঠ উপ-সভাপতিৰ দায়িত্বত থকা ভাৰতীয় ফুটবল ফেডাৰেশ্বনৰ সভাপতিগৰাকীয়ে 46 ভোটৰ ভিতৰত 38টা ভোট লাভ কৰি সাতগৰাকী প্ৰতিদ্বন্দীৰ মাজৰ পৰা ফিফালৈ নিৰ্বাচিত হৈছে ৷ ফিফাৰ কাৰ্যবাহী পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হ'বলৈ সক্ষম হোৱা প্ৰফুল পেটেল হৈছে প্ৰথমগৰাকী ভাৰতীয় ৷ 

প্ৰফুল পেটেলৰ বিপক্ষে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল আই মহান্নাদী (কটাৰ), খালিদ আৱাদ এ এলথেবিটি ( ছৌদি আৰব), মাৰিয়ানো ভি আৰানেতা জুনিয়ৰ (ফিলিপাইনছ), চুং মুং গ্যু (কোৰিয়া ৰিপাব্লিক), ডু হোকাই (চীন), মেহদি তাজ (ইৰাণ) আৰু কজো টাছিমাই (জাপান) ৷ 

ফিফাৰ কাৰ্যবাহী পৰিষদত পেটেলৰ উপস্থিতিয়ে ভাৰতীয় ফুটবলক নতুন গতি প্ৰদান কৰিবলৈ সক্ষম হ'ব বুলি বহুসংখ্যকে প্ৰকাশ কৰিছে ৷ পেটেলৰ জয়লাভক শুভকামনা প্ৰদান কৰি ভৱিষ্যতে ভাৰতীয় ফুটবলে বহুদুৰ আগবাঢ়ি যাবলৈ সক্ষম হ'ব বুলি প্ৰকাশ কৰিছে ভাৰতীয় ফুটবল ফেডাৰেশ্বনৰ উপ-সভাপতি সুব্ৰত দত্তই ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.