ETV Bharat / sports

ভাৰতীয় ফুটবলৰ গঠন প্ৰক্ৰিয়া সলনি কৰাৰ উত্তম সুযোগ : ষ্টীমাক

author img

By

Published : May 22, 2020, 5:17 PM IST

ভাৰতীয় ফুটবল দলৰ ভৱিষ্যতকলৈ গুৰুত্বপূৰ্ণ মন্তব্য ভাৰতৰ ফুটবল দলৰ প্ৰশিক্ষক ইগ'ৰ ষ্টীমাকৰ । COVID-১৯ মহামাৰীৰ ফলত দলৰ পৰিকল্পনা প্ৰভাৱিত হ'লেও ভাৰতীয় ফুটবলৰ গঠন প্ৰক্ৰিয়া সলনি কৰাৰ সঠিক সুযোগ আহি পৰিছে বুলি উল্লেখ কৰে প্ৰশিক্ষকগৰাকীয়ে ।

opportunity to change structure of indian football says indias national football coach igor stimac

স্পৰ্টছ ডেস্ক, ২২ মে': আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে এক বাৰ্তালাপত ভাৰতীয় ফুটবল দলৰ প্ৰশিক্ষক ইগোৰ ষ্টীমাকৰ গুৰুত্বপূৰ্ণ মন্তব্য । COVID-১৯ ৰ ফলত দলৰ পৰিকল্পনা সমূহত ব্যাঘত জন্মিছে যদিও ভাৰতীয় ফুটবলৰ গঠন প্ৰক্ৰিয়া সলনি কৰাৰ সঠিক সুযোগ আহি পৰিছে বুলি উল্লেখ কৰে প্ৰশিক্ষকগৰাকীয়ে । ভাৰতীয় দলটোৰ এপ্ৰিল আৰু মে' মাহত অনুশীলন শিৱিৰৰ বাবে তুৰ্কীত ১০ খন বন্ধুত্ব-পূৰ্ণ মেচ খেলাৰ কাৰ্যসূচী আছিল ।

প্ৰশিক্ষকগৰাকীয়ে লগতে কয়, এই সময়খিনিৰ আমি উচিত ব্যৱহাৰ কৰি বৰ্তমান সময়ত আমি খেলুৱৈৰ জ্ঞান বৃদ্ধি কৰাৰ যত্ন কৰি আছো । মই সুখী অনুভৱ কৰিছো খেলুৱৈ সকলে ব্যক্তিগত অনুশীলন কাৰ্যক্ৰম অনুসৰি নিজৰ অনুশীলন অব্যাহত ৰাখিছে । দলীয় গ্ৰুপতো সদায় খেলুৱৈৰ সৈতে কথা-বাৰ্তা হৈ আছে বুলি উল্লেখ কৰে ।

ভাৰতীয় ফুটবল দল

তেওঁ ইয়াৰ ওপৰি কয়, এই মহামাৰীৰ ফলত আগন্তুক সময়ত কিছু নিয়ম, আইনত সাল-সলনি হ'ব পাৰে । ইয়াৰ বিপৰীতে ঘৰুৱা খেলুৱৈৰ ওপৰতো অধিক নিৰ্ভৰশীলতা বৃদ্ধি পাব । যিটো ভাৰতৰ ফুটবলৰ গঠন প্ৰক্ৰিয়া সলনি কৰাৰ উত্তম সুযোগ ।

ভাৰতীয় ফুটবল দলৰ প্ৰশিক্ষকৰ পদত ১২ মাহ অতিক্ৰম কৰাৰ পাচতো বহু পৰিমাণে এতিয়াও উৎসাহিত হৈ আছো । আমি প্ৰমাণ কৰিবলৈ সক্ষম হৈছো যে, অতি কম সময়ৰ ভিতৰতে বহু কেইটা দিশ সলনি কৰিব পৰা যায় । বহু কেইজন যুৱ খেলুৱৈ কৌশলগত ভাৱে যথেষ্ট লাভাম্বিত হৈছে বুলি উল্লেখ কৰে ভাৰতীয় দলৰ প্ৰশিক্ষক ইগ'ৰ ষ্টীমাকে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.