ETV Bharat / sports

বুধবাৰে গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেড বনাম মুম্বাইৰ চিটিৰ উত্তেজনাপূৰ্ণ মেচ

author img

By

Published : Nov 26, 2019, 10:07 PM IST

ফুটবল ক্ৰীড়াপ্ৰেমীৰ হৰ্ষোল্লাসত কাইলৈ মুখৰিত হ’ব গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়াম ৷ মুম্বাই চিটিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড এফ চি ৷

বুধবাৰে গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেড বনাম মুম্বাইৰ চিটিৰ উত্তেজনাপূৰ্ণ মেচ
গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেড বনাম মুম্বাইৰ চিটিৰ উত্তেজনাপূৰ্ণ মেচ

গুৱাহাটী, 26 নৱেম্বৰ: গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত বুধবাৰে সন্ধিয়া 7.30 বজাত অনুষ্ঠিত হ'ব আই এছ এলৰ এখন গুৰুত্বপূৰ্ণ মেচ । ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ মুখামুখি হ'ব মুম্বাই চিটি এফ চি । ইতিমধ্যেই গুৱাহাটীত আহি উপস্থিত হৈছে দুয়োটা দল । মঙলবাৰে সৰুসজাইৰ সভাগৃহত দুয়োটা দলে পৃথকে পৃথকে সংবাদমেল সম্বোধন কৰে ।

সৰুসজাইৰ সভাগৃহত সংবাদমেল নৰ্থ ইষ্ট ইউনাইটেড আৰু মুম্বাইৰ চিটি

প্ৰথমে মুম্বাই চিটি এফ চিৰ মুখ্য প্ৰশিক্ষক জৰ্গ ক'ষ্টা আৰু খেলুৱৈ আম্ৰিন্দাৰ সিঙে দলটোৰ প্ৰস্তুতিৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে । ঘৰুৱা দলটোক হৰুৱাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বুলি উল্লেখ কৰে ৷ শক্তিশালী নৰ্থ ইষ্ট ইউনাইটেডক পৰাজিত কৰি পইন্ট তালিকাত অগ্ৰগতি লাভৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব মুম্বাই এফ চি দলটো ৷ এই কথা ব্যক্ত কৰে মুখ্য প্ৰশিক্ষক জৰ্গ ক'ষ্টাই । অৱশ্যে বহুকেইগৰাকী খেলুৱৈ অসুস্থতাৰ বাবে কিছু সমস্যাৰ সন্মুখীন হোৱাৰ কথাও উল্লেখ কৰে মুখ্য প্ৰশিক্ষকগৰাকীয়ে ।

মুম্বাই চিটি এফ চিৰ সংবাদমেল
মুম্বাই চিটি এফ চিৰ সংবাদমেল

ইফালে দুখনকৈ খেলত জয়ী আৰু দুখন খেলত ড্ৰ'ৰেৰে অধিক আত্মবিশ্বাসী হৈ আছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলটো । পৰৱৰ্তী খেলৰ বাবে দলটো সম্পূৰ্ণ প্ৰস্তুত বুলি উল্লেখ কৰে সহকাৰী প্ৰশিক্ষক খালিদ জামিলে । বিৰোধী দলক সদায়ে শক্তিশালী বুলি গণ্য কৰি খেলত অৱতীৰ্ণ হ'ব লাগে বুলি মন্তব্য কৰে সহকাৰী প্ৰশিক্ষকগৰাকীয়ে ।

উল্লেখযোগ্য যে আই এছ এলৰ পইণ্টছ তালিকাত 8 পইন্টৰে চতুৰ্থ স্থানত নৰ্থ ইষ্ট ইউনাইটেড এফ চি থকাৰ বিপৰীতে 4 পইন্টৰে অষ্টম স্থানত আছে মুম্বাই চিটি এফ চি দলটো । মুঠতে বুধবাৰৰ খেলখন তীব্ৰ প্ৰতিদ্বন্দিতামূলক হ'ব বুলি ধাৰণা কৰিব পাৰি ।

লগতে চাওক- ইংলেণ্ডৰ খেলুৱৈক ক্ষমা প্ৰাৰ্থনা নিউজিলেণ্ডৰ অধিনায়কৰ ! কিন্তু কিয় ?

Intro:কাইলৈ গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আই এছ এলৰ এখন গুৰুত্বপূৰ্ণ মেচ। ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে মুখামুখি হ'ব মুম্বাই চিটি এফ চিৰে। ইতিমধ্যেই গুৱাহাটীত আহি উপস্থিত হৈছে দুয়োটা দল। মংগলবাৰে সৰুসজাইৰ সভাগৃহত দুয়োটা দলে পৃথকে পৃথকে সংবাদমেল সম্বোধন কৰে। প্ৰথমে মুম্বাই চিটি এফ চিৰ মুখ্য প্ৰশিক্ষক জৰ্গ ক'ষ্টা আৰু খেলুৱৈ আম্ৰিন্দাৰ সিঙে দলটোৰ প্ৰস্তুতিৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। ঘৰুৱা দলটোক হৰুৱাৰ বাবে পূৰ্ণ প্ৰস্তুতি মুম্বাই চিটি। শক্তিশালী নৰ্থ ইষ্ট ইউনাইটেডক পৰাজিত কৰি পইন্ট তালিকাত আগবাঢ়ি যাব বুলি ব্যক্ত কৰে দলটোৰ মুখ্য প্ৰশিক্ষক জৰ্গ ক'ষ্টাই। বহুকেইগৰাকী খেলুৱৈ অসুস্থতাৰ বাবে কিছু সমস্যাৰ সন্মুখীন হোৱাৰ কথাও উল্লেখ কৰিলে মুখ্য প্ৰশিক্ষকে। ইফালে দুখনকৈ খেলত জয়ী আৰু দুখন খেলত ড্ৰ'ৰেৰে অধিক আত্মবিশ্বাসী হৈ আছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি। পৰৱৰ্তী খেলৰ বাবে দলটো সম্পূৰ্ণ প্ৰস্তুত বুলি উল্লেখ কৰে সহকাৰী প্ৰশিক্ষক খালিদ জামিলে। প্ৰতিখন মেচটে বিৰোধী দলক সদায়ে শক্তিশালী বুলি গণ্য কৰি খেলত অৱতীৰ্ণ হ'ব লাগে বুলি মন্তব্য কৰে প্ৰশিক্ষকগৰাকীয়ে। উল্লেখযোগ্য যে আই এছ এলৰ ৰেটিং তালিকাত ৮ পইন্টৰে চতুৰ্থ স্থানত নৰ্থ ইষ্ট ইউনাইটেড এফ চি থকাৰ বিপৰীতে ৪ পইন্টৰে মুম্বাই চিটি এফ চি আছে অষ্টম স্থানত। তেনেস্থলত নৰ্থ ইষ্টক হৰুৱাই পইন্ট অৰ্জন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব মুম্বাই চিটিয়ে। মুঠতে কাইলৈৰ খেলখন তীব্ৰ প্ৰতিদ্বন্দিতামূলক হ'ব বুলি ধাৰণা কৰিব পাৰি। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.