ETV Bharat / sports

নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ অনুশীলনস্থলীৰ পৰা লাইভ - গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত কঠোৰ অনুশীলন নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ

ফুটবল জ্বৰত পুনৰ আক্ৰান্ত হ’ব সমগ্ৰ দেশবাসীৰ লগতে অসমৰ ক্ৰীড়াপ্ৰেমী ৰাইজ ৷ অহা 20 অক্টোবৰৰ পৰা আৰম্ভ হ’ব আই এছ এলৰ ষষ্ঠ সংস্কৰণ ৷ 21 অক্টোবৰত বেংগালুৰু এফ চিৰ বিৰুদ্ধে নিজৰ প্ৰথমখন মেচত মুখামুখি হ’ব নৰ্থ ইষ্ট ইউনাইটেড এফ চি ৷

NEUFC Player practice Session
author img

By

Published : Oct 19, 2019, 5:10 PM IST

গুৱাহাটী, 19 অক্টোবৰ: অহা 20 অক্টোবৰৰ পৰা আৰম্ভ হ’ব আই এছ এলৰ ষষ্ঠ সংস্কৰণ ৷ 21 অক্টোবৰত আই এছ এলৰ ষষ্ঠ সংস্কৰণৰ অভিযান আৰম্ভ কৰিব ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ৷ যাৰ বাবে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত কঠোৰ অনুশীলন অব্যাহত ৰাখিছে নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে । দলটোৰ মুখ্য প্ৰশিক্ষক ৰবাৰ্ট জাৰ্নীৰ তত্বাৱধানত দলটোৱে চলাই আছে কঠোৰ অনুশীলন কাৰ্যসূচী। এইবাৰ আই এছ এলত শ্ৰেষ্ঠত্বৰ অৰ্জনৰ বাবে বিশেষ ৰণকৌশল প্ৰস্তুত কৰিছে দলটোৱে। 21 অক্টোবৰত বাংগালোৰু এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বিপৰীতে 26 অক্টোবৰত গৃহভূমি সৰুসজাই ষ্টেডিয়ামত দিল্লী ডাইনামোছৰ বিৰুদ্ধে মুখামুখি হ’ব ঘৰুৱা দলটো ৷

নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ কঠিন অনুশীলন
নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ কঠিন অনুশীলন

নৰ্থ ইষ্ট দলটোত এইবাৰ ঘানাৰ আছামোৱা জ্ঞান আৰু ক'লম্বিয়াৰ জোছে লিউডো,আৰ্জেন্টিনাৰ ষ্ট্ৰাইকাৰ মেক্সিমিলিয়ান বেৰিৰিঅ'কৰ খেলে সকলো দৃষ্টি আকৰ্ষণ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে । আনহাতে পোন প্ৰথমবাৰৰ বাবে দলত চুক্তিবদ্ধ কৰা হৈছে অসমৰ ৰাকেশ প্ৰধানক ৷ প্ৰতিভাৱান যুৱ খেলুৱৈগৰাকীৰ প্ৰদৰ্শন চাবলৈও যথেষ্ট উৎসুক দেখা পোৱা গৈছে ঘৰুৱা দৰ্শকক ৷

নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ জোৰদাৰ অনুশীলন

মুঠৰ ওপৰত আই এছ এলৰ ষষ্ঠ সংস্কৰণত ভাল ফলাফল দেখুৱাবলৈ যথোপযুক্ত চেষ্টা চলাই আছে জন আব্ৰাহমৰ মালিকানাধীন দলটোৱে । পঞ্চম সংস্কৰণত চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছিল দলটোৱে ৷

Intro:অহা ২১ তাৰিখে নৰ্থ ইষ্ট ইউনাইটেড এফ চি মুখামুখি হ'ব বাংগালোৰু এফ চিৰে। ইতিমধ্যেই গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত দলটোৱে চলাই আছে কঠোৰ অনুশীলন। দলটোৰ মুখ্য প্ৰশিক্ষক ৰবাৰ্ট জাৰ্নীৰ তত্বাৱধানত চলি আছে অনুশীলন। এইবাৰৰ আই এছ এলত শ্ৰেষ্ঠত্বৰ অৰ্জনৰ বাবে বিশেষ ৰণকৌশল প্ৰস্তুত কৰিছে নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে।

Body:ইফালে ঘানাৰ আছামোআ জ্ঞান আৰু ক'লম্বিয়াৰ জোছে লিউডোৰ খেলে দৃষ্টি আকৰ্ষণ কৰিব সকলোৰে। আনহাতে অসমৰ ৰাকেশ প্ৰধান অন্তৰ্ভুক্ত হৈছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলত। প্ৰতিভাৱান যুৱ খেলুৱৈগৰাকীৰ প্ৰদৰ্শন চাবলৈও ঘৰুৱা দৰ্শকে খুব উচ্ছুকতাৰে বাট চাই আছে। মুঠৰ ওপৰত আই এছ এলৰ ৬ সংস্কৰণত ভাল ফলাফল দেখুৱাবলৈ যথোপনাস্তি চেষ্টা চলাই আছে জন আব্ৰাহীমৰ মালিকানাধীন দলটোৱে।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.